প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ সাংসদ হোৱা মাতংগ সিঙৰ অনুভৱ যে হিমন্ত বিশ্ব শৰ্মাই গেৰুৱা দলটোত যোগদান কৰি এক বহু কোটিটকীয়া কেলেংকাৰিৰ অভিযুক্তৰ পৰা নিশাটোৰ ভিতৰতে এগৰাকী সন্ন্যাসী হৈ পৰিল।
জ্যেষ্ঠ সাংবাদিক, কেইবাখনো ৰাষ্ট্ৰীয় দৈনিক কাকতৰ প্ৰাক্তন সম্পাদক, নিৱন্ধকাৰ তথা লেখক সম্ৰাট চৌধুৰীয়ে তেওঁৰ অ’ফিচিয়েল টুইটাৰ পেজত টুইট কৰিছিল এনেদৰে :
‘’সাৰদা কেলেংকাৰিত জড়িত দুটা বিখ্যাত নাম মুকুল ৰয় আৰু হিমন্ত বিশ্ব শৰ্মা, দুয়োগৰাকীয়েই বিজেপিত যোগ দিয়াৰ আগলৈকে চিবিআইৰ জালত সোমাই আছিল… বিজেপিত যোগদান কৰি তেওঁলোক স্বয়ংসিদ্ধভাৱে সন্ন্যাসী হৈ পৰিল। বিজেপিত যোগদান কুম্ভমেলাত গংগাস্নানতকৈয়ো অধিক পৱিত্ৰ।‘’
স্মৰ্তব্য যে অসমৰ বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকী কংগ্ৰেছ চৰকাৰৰ শাসনকালত মন্ত্ৰী হৈ থকা সময়ছোৱাতো অত্যন্ত প্ৰভাৱশালী আছিল।
সেই সময়ছোৱাতে বহু কোটিটকীয়া সাৰদা কেলেংকাৰিত তেওঁ অভিযুক্ত হোৱাৰ পাছত চিবিআইয়ে কেইবাবাৰো তেওঁক কলকাতালৈ মাতি নি জেৰা চলাইছিল।
অৱশ্যে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সেই সকলোবোৰ তদন্ত তেওঁ ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাৰ পাছতে ধোঁৱাচাঙত উঠিল।
উল্লেখযোগ্য যে মাতংগ সিঙক সাৰদা চিট ফাণ্ড কেলেংকাৰিত জড়িত থকাৰ অভিযোগত চিবিআইয়ে ২০১৫ চনৰ ৩১ জানুৱাৰিত গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ আনকি কাৰাবাস খাটিবলগীয়া হৈছিল তথা বহুদিন কাৰাগাৰত বন্দী জীৱন কটাবলগীয়া হৈছিল।
অৱশ্যে, এগৰাকী প্ৰসিদ্ধ কংগ্ৰেছী নেতা হিচাপে তেওঁ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ প্ৰতি অনুগত হৈয়েই আছে।
দেওবাৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ আৰু পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰৰ মাজত বাক্ যুদ্ধ তুংগত উঠাৰ পাছতেই এই সকলোবোৰ মুকলি হৈ পৰিছে।
কলকাতা আৰক্ষীৰ এটা দলে আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ চৰকাৰী বাসভৱনত দেওবাৰে সন্ধিয়া চিবিআইৰ এটা আঠজনীয়া দল উপস্থিত হৈ তেওঁক প্ৰশ্ন কৰিব বিচৰাৰ পাছত তেওঁলোকক ওচৰৰ আৰক্ষী থানালৈ বলপূৰ্বক লৈ যাবলৈ বিচাৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ মাজত অভূতপূৰ্ব সংঘাত সৃষ্টি হৈছিল।
অসম আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যতে সাৰদা কেলেংকাৰিত হিমন্ত বিশ্ব শৰ্মাৰ দৰে প্ৰভাৱশালী ৰাজনীতিক আৰু প্ৰাক্তন ৰে’ল মন্ত্ৰী তথা এসময়ৰ মমতাৰ ঘনিষ্ঠ মুকুল ৰয় জড়িত হৈ থকাৰ বিষয়টোৱে ইতিমধ্যে যথেষ্ট পানী ঘোলা কৰিছে আৰু আইনৰ দিশৰ পৰা বিশেষ গুৰুত্ব বহন কৰিছে।
তাৎপৰ্যপূৰ্ভাৱে মাতংগ সিঙৰ প্ৰতিক্ৰিয়াটো এনেকুৱা এটা সময়ত আহিছে য’ত তেওঁ নিজেই এই কেলেংকাৰিৰ এগৰাকী অভিযুক্ত হোৱাৰ লগতে আইনৰ আওঁতাত সোমাই শাস্তিৰ সন্মুখীন হৈছে।