• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

হিমন্তৰ আত্মশ্লাঘা! : নিজে সংবাদমেল পাতি নিজৰেই চাৰ্টিফিকেট দিলে মন্ত্ৰী হিমন্তই!

‘টিআৰপি’ মানেই হিমন্ত! নিজৰ ফেইচবুক আৰু টুইটাৰ একাউন্টৰ ‘টি.আৰ.পি’ক লৈ গুণগান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 2, 2020 7:15 pm

2 min read

650
VIEWS
Share on FacebookShare on Twitter

শিক্ষা বিভাগৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা তথা ঘোষণাৰ বাবে আয়োজন কৰা সংবাদমেলত নিজৰ ঘোষণা শেষ কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰ কালত নিজৰেই গুণ-গান গোৱা আৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাতৰিটোৰ আৰম্ভণিতে আমি এটা কথা কৈ লওঁ যে এজন দক্ষ বা প্ৰতাপী মন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেন অথবা ফল’ৱাৰ বহুত আছে সেই কথা স্বীকাৰ কৰিবলগীয়া।

কিন্তু সেইগৰাকী মন্ত্ৰীয়ে নিজৰ টিআৰপিৰ কথা সংবাদমেলত উল্লেখ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি টেলিভিশ্যন চেনেলৰ টিআৰপি আৰু পেপাৰৰ টিআৰপিৰ সৈতে নিজৰ ফেইচবুক পেইজৰ জনপ্ৰিয়তা তুলনা কৰি নিজৰ গুণানুকীৰ্তন কৰাত ব্যস্ত হৈ পৰিল মন্ত্ৰীগৰাকী। তেওঁৰ কথাৰ পৰা এনে লাগিল যেন টিআৰপি মানেই হিমন্ত বিশ্ব শৰ্মা।

নিজৰ গুণানুকীৰ্তন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় ‘মই একো একোটা টুইট দিলে অসমৰ বিভিন্ন ঠাইৰ ১৬০০-১৮০০ মানুহে পঢ়ে। এটা এটা ফেচবুক পোষ্ট দিলে ২০,০০০ মানুহে পঢ়ে। এই প্ৰেছ কনফাৰেন্সখনৰ ফেচবুক লাইভ ২ লাখ মানুহে চাই আছে।‘

‘আপোনালোকৰ টিভি পেপাৰৰ টিআৰপি মোৰ ফেইচবুক টুইটাৰৰ তুলনাত ডাউন হৈ গৈছে। গতিকে কোনে দুখ নকৰিব কওঁক।‘ টেলিভিশ্যন নিউজপেপাৰৰ জনপ্ৰিয়তাৰ সৈতে নিজৰ জনপ্ৰিয়তা তুলনা কৰি সংবাদ মাধ্যমক তুচ্ছ-তাচ্ছিল্য কৰি হিমন্তই এইদৰে কয়।

তাতে ক্ষান্ত নাথাকি মন্ত্ৰীগৰাকীয়ে এইবাৰ নিজৰ টুইটাৰ একাউন্টৰ ফ’ল’ৱাৰৰ হিচাপ দিবলৈ আৰম্ভ কৰিলে। যোৱা ২ মাহ অৰ্থাৎ অসমত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা তেওঁৰ ফ’ল’ৱাৰ বৃদ্ধি পোৱা বুলিও আওপকীয়াকৈ উল্লেখ কৰে। আনকি শিল্পীতকৈয়ো তেওঁৰ ঘোঁৰা আগত দৌৰি আছে বুলি দাম্ভিকতাৰে উল্লেখ কৰে।

তেওঁ কয় ‘যোৱা ২ মাহত দুই লাখ মানুহ মোৰ টুইটাৰত যোগ হৈছে। অসমৰ দৰে সৰু ৰাজ্যত কলা শিল্পী সকলোতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে। এয়া কোনো ৰাজনীতি নহয় এয়া মাথো জনসেৱাৰ ফল।‘

তেওঁ কৰা এনেবোৰ মন্তব্যৰ পৰা এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে ‘নিজৰ জনপ্ৰিয়তা অধিক পৰিমাণে বৃদ্ধি কৰিবলৈহে তেওঁ কোভিড যুদ্ধত অৱতীৰ্ণ হৈছে নেকি? বা কোভিড-১৯ ৰ পৰিস্থিতিয়ে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিলে নেকি?

আনহাতে, একেখন সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে স্বভাৱ সূলভভাৱে সংবাদ মাধ্যমক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে।

ৰাজ্যৰ সংবাদ মাধ্যমসমূহক ‘ক’ৰ’ণা বেমাৰেই নহয় বুলি কোৱা গোটেইকেইটা হাস্পতালত আহিলে। যিকেইটা টিভিয়ে নিউজ কৰিলে গোটেইকেইটাৰে সাংবাদিক ক’ৰ’না চেন্টাৰত সোমাই গ’ল।‘

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd