• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশত বৃদ্ধি হিন্দুৰ সংখ্যা, পূৰাদমে চলি আছে ধৰ্ম চৰ্চা; নিৰ্য্যাতন ক’ত?

বাংলাদেশত ২০১১ চনত হিন্দু আছিল মুঠ জনসংখ্যাৰ ৮.৪ শতাংশ। ২০১৭ চনত সেই সংখ্যা বাঢ়ি ১০.৭ শতাংশ হোৱাৰ লগতে অকল ২০১৮ চনতে সংখ্যালঘু হিন্দুৰ সংখ্যাবৃদ্ধি হৈছে ২ শতাংশ। সংসদত দাখিল কৰা এই সমূহ তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 28, 2018 9:43 pm
High Commissioner @harshvshringla offered prayers at the #ISKCON temple at Cox’sbazar.

কক্স বজাৰৰ ইছকন মন্দিৰত সেৱা আগবঢ়াই থকা অৱস্থাত ভাৰতীয় উচ্চায়ুক্ত। ছবি- টুইটাৰৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওপৰৰ ছবিখন বাংলাদেশত ভাৰতীয় উচ্চায়ুক্ত হৰ্ষ বৰ্ধন স্ৰিংলাই কক্স বজাৰৰ ইছকন মন্দিৰত সেৱা আগবঢ়াই থকা অৱস্থাত তোলা। কক্স বজাৰস্থিত মন্দিৰটোত পূজা আগবঢ়াই ভক্তসকলৰ সৈতে মত বিনিময় কৰা বুলি শনিবাৰে সদৰী কৰিছে উচ্চায়ুক্তজনে।

মাত্ৰ কেইদিনমান পূৰ্বে শাৰদীয় দুৰ্গা পূজাত ঢাকাস্থিত বাংলাদেশৰ সৰ্ব বৃহৎ মন্দিৰ ঢাকেশ্বৰীত সেৱা আগবঢ়াইছিল উচ্চায়ুক্ত স্ৰিংলাই। মহা অষ্টমীৰ পূজাত ভক্তৰ মাজত প্ৰসাদো বিতৰণ কৰিছিল উচ্চায়ুক্তজনে।

Apply Now

আনহাতে এইবাৰ বিজয়া দশমীত উচ্চায়ুক্তজনক শুভেচ্ছা জনাই সাক্ষাৎ কৰিছিল ঢাকাৰ ৰামকৃষ্ণ মিছন আৰু মঠৰ মুৰব্বী স্বামী ধ্ৰুৱেচানন্দই।

High Commissioner @harshvshringla offered prayers at the #ISKCON temple at Cox’sbazar.

হাই কমিশনার শ্রী হর্ষ বর্ধন শ্রিংলা #কক্সবাজার #ইসকন মন্দিরে পূজা দেন। pic.twitter.com/JFD0Vd0L2h

— India in Bangladesh (@ihcdhaka) October 28, 2018

ভাৰতীয় উচ্চায়ুক্ত কাৰ্য্যালয়ে বিভাগীয়ভাৱে প্ৰকাশ কৰি আহিছে বাংলাদেশত মুক্তভাৱে হিন্দু উৎসৱ পালন কৰি অহাৰ এইসমূহ বাতৰি।

এইবাৰ দুৰ্গা পূজাত ইছলামী দেশখনৰ আটাইতকৈ বৃহৎ মন্দিৰ ঢাকেশ্বৰী দৰ্শন কৰি মন্দিৰটোক কাষৰীয়া ১.৫ বিঘা ভূমি দান কৰিছিল প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই। দান কৰা ভূমিখিনিৰ মূল্য বাংলাদেশী মুদ্ৰাৰ হিচাপত ৫০ কোটি টাকা। লগতে হিন্দু কল্যাণ ন্যাস (Hindu Kalian Trust) নামৰ ন্যাসটোৰ পুঁজি ২১ কোটি টকাৰ পৰা ১০০ কোটি টকালৈ বৃদ্ধি কৰিছে আৱামী লীগৰ নেত্ৰীগৰাকীয়ে।

“বাঙালী ঐক্য” শিৰোগত কৰি আগবঢ়া ইছলামী দেশখনত ২০১৭ বৰ্ষত ৩০ হাজাৰ দুৰ্গা পূজা হোৱাৰ বিপৰীতে এই বছৰ পূজা মণ্ডপৰ সংখ্যা বৃদ্ধি পাইছে ৩১,২৭২ খনলৈ। দুৰ্গা পূজা বাংলাদেশৰ জাতীয় উৎসৱ। এই পূজাত দেশজুৰি ৫ দিনীয়া চৰকাৰী বন্ধ থাকে।

তাৎপৰ্য্যপূৰ্ণভাৱে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ‘‘বন্ধু” হাছিনাই হিন্দুসকলৰ মংগলৰ বাবে লোৱা কাৰ্য্যসূচীক পৰ্য্যাপ্ত নহয় বুলিহে সমালোচনা কৰি আহিছে বিৰোধী দল তথা অধিক ইছলামবাদীৰূপে পৰিচিত বি এন পি আৰু ইয়াৰ সহযোগী জামাত-এ-ইছলামিয়ে।

ইছলামী ৰাষ্ট্ৰখনৰ হাছিনা চৰকাৰৰ শ্ল’গান হৈছে “ধৰ্ম নিজৰ নিজৰ, উৎসৱ সকলোৰে”।

বাংলাদেশত ২০১১ চনত হিন্দু আছিল মুঠ জনসংখ্যাৰ ৮.৪ শতাংশ। ২০১৭ চনত সেই সংখ্যা বাঢ়ি ১০.৭ শতাংশ হোৱাৰ লগতে অকল ২০১৮ চনতে সংখ্যালঘু হিন্দুৰ সংখ্যাবৃদ্ধি হৈছে ২ শতাংশ। সংসদত দাখিল কৰা এই সমূহ তথ্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ।

বিজেপিৰ প্ৰবীণ নেত্ৰীগৰাকীয়ে সদনত এই কথাও ঘোষণা কৰিছে যে বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত নিৰ্য্যাতনৰ অভিযোগ ”বাংলাদেশ চৰকাৰে গুৰুত্ব সহকাৰে লৈছে আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও তেওঁলোকে গ্ৰহণ কৰিছে।”

চুবুৰীয়া বাংলাদেশত সংখ্যালঘু হিন্দুসকলে মুক্তভাৱে কৰি থকা ধৰ্ম চৰ্চাই বিজেপি আৰু একাংশ দল-সংগঠনে প্ৰচাৰ চলোৱা “নিপীড়ণ”ৰ কাহিনীক আখ্যানত পৰিণত কৰা নাইনে?

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে অসমৰ খিলঞ্জীয়া লোকৰ নিদ্ৰা হৰণ কৰাৰ সময়ত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে— ক’ত নিৰ্য্যাতন হিন্দুক?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am
ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd