মহাপুৰুষ শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱা পতঞ্জলিৰ যোগ নিৰীক্ষক বাৰালক উত্তৰ পূবৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ লগতে এছিয়ান নিউজ ইণ্টাৰনেশ্যনেলৰ জৰিয়তে স্বামী ৰামদেৱে ক্ষমা খুজিছিল যদিও ৰামদেৱৰ সেই কাৰ্য্যত সন্তুষ্ট হোৱা নাই হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসম।
আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ সভাপতি বলেন বৈশ্যই ৰামদেৱৰ স্পষ্টীকৰণ অতি বেপেৰুৱা বুলি আখ্যা দি কয়, “নিজৰ বেপাৰৰ স্বাৰ্থত কোনো এক চেনেলৰ জৰিয়তে নিজৰ স্পষ্টীকৰণ দিলেই ৰামদেৱক হিন্দু যুৱ ছাত্ৰ পৰষদে কেতিয়াও ক্ষমা কৰিব নোৱাৰে।”
উল্লেখযোগ্য যে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে অসমতে আহি অসমীয়া মানুহৰ নমস্য মহাপুৰুষ শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱাৰ পিছত অসমত আজিলৈকে অব্যাহত আছে পতঞ্জলিৰ বিৰুদ্ধে ক্ষোভৰ উদগিৰণ।
এই ক্ষোভৰ ফলত পতঞ্জলিৰ ব্যৱসায়ত ব্যাপক লোকচানৰ সম্ভাৱনাই দেখা দিছে আৰু ফলত ততাতৈয়াকৈ পতঞ্জলিৰ মুখ্য ব্যক্তি ৰামদেৱে হৰিদ্বাৰৰ পৰাই এটা টিভি চেনেলৰ আগত ঘটনাটোৰ বাবে ক্ষমা খোজে।
আজি সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে দাবী কৰি কয় যে ৰামদেৱে অসমৰ মাটিত আহি ৰাজহুৱাকৈ ক্ষমা খুজিব লাগিব। অনথ্যা পতঞ্জলিৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদে জনমত গঢ়ি তুলিব।
আনহাতে, তিনিদিন পূৰ্বে হিন্দু যুৱ ছাত্ৰ পৰিষদে সতীনাথ বাৰালৰ বিৰুদ্ধে ৩৯৩/১৮ নম্বৰত গীতানগৰ থানাত এক গোচৰ ৰুজু কৰিছিল বুলি বৈশ্যই জানিবলৈ দিয়ে।
গোচৰ ৰুজু কৰাৰ তিনিদিনৰ পাছতো তেওঁক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ আঁৰত কিবা ৰহস্য লুকাই থকা বুলি সন্দেহ প্ৰকাশ কৰে বৈশ্যই ।
ইয়াৰোপৰি, অসমৰ প্ৰতিখন পতঞ্জলিৰ বিপণিতে একো একোখন শংকৰদৱ আৰু মাধবদেৱৰ ফটো লগাবৰ বাবে বৈশ্যই আহ্বান জনায়।