• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ অভিযোগ পত্ৰ প্ৰেৰণ নগাঁৱৰ যুৱকৰ

মিণ্টু দাস by মিণ্টু দাস
August 29, 2018 8:51 am
Shiladitya Dev

ফাইল ফটো

101
VIEWS
Share on FacebookShare on Twitter

বিজেপি দলৰ বিতৰ্কিত নেতা তথা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে এন আৰ চিৰ প্ৰসংগত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক বাৰে বাৰে টাৰ্গেট কৰি এখনৰ পিছত আন এখন সংবাদ মেল আয়োজন কৰি কেতবোৰ বিস্ফোৰক মন্তব্যৰে ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ এক প্ৰকাৰ কুলষিত কৰি তুলিছে।

এনে মন্তব্যৰ বাবে বিধায়ক দেৱৰ বিৰুদ্ধে বিভিন্ন সময়ত তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াও প্ৰকাশ পাইছে। বাৰে বাৰে কৰা এনে মন্তব্যৰ বিৰুদ্ধে নগাঁও চহৰৰ ইছলামপট্টি সেউজ নগৰৰ আব্দুল জলিল আকন্দ নামৰ যুৱকজনে যোৱা ৫ আগষ্টত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল। যোৱা ৪ আগষ্টত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাক লৈ কৰা কেতবোৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখনৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ২৬২০/১৮ নম্বৰত এক গোচৰো ৰুজু হৈছে।

আকন্দ‌ই এই এজাহাৰখন দাখিল কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে অনাগত সময়ত এনে ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰকাশৰ পৰা বিৰত নাথাকিলে, শিলাদিত্যৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব।

ইমানৰ পিছতো শিলাদিত্য ক্ষান্ত নথকাত আকন্দ‌ই তেওঁৰ বিৰুদ্ধে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ৰঞ্জন গগৈ আৰু ৰুহিতন নৰিমানলৈ এক তথ্য সম্বলিত অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।

ডাক আৰু ই মেইলযোগে প্ৰেৰণ কৰা ১৭ পৃষ্ঠা জোৰা অভিযোগ পত্ৰত উল্লেখ কৰা মতে, এন আৰ চিৰ সদ্য প্ৰকাশিত চুড়ান্ত খচৰা তালিকাত ১.১০ কোটি অবৈধ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হৈছে, ২০২৬ চনত ৫৬ টা সমষ্টিত মুছলমান সংখ্যাগৰিষ্ঠ হ’ব, এন আৰ চি কাগজৰ খেল, অসমক পৰিকল্পিতভাবে ইছলামিক ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত কৰাৰ দুই ধৰণে ষড়যন্ত্ৰ চলিছে, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োজিত ৫৫ হেজাৰ কৰ্মচাৰীৰ ৩০ হাজাৰেই অসম বিৰোধী আদি কেতবোৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছিল বিধায়ক শিলাদিত্য দেৱে।

শিলাদিত্যৰ এনে অগণতান্ত্ৰিক, ৰাষ্ট্ৰ বিৰোধী, উচতনিমুলক, সাম্প্ৰদায়িক মন্তব্য‌ই অসমত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ আংশকা কৰিছে অভিযোগকাৰী যুৱকজনে।

তদুপৰি, যি সময়ত উচ্চতম ন্যায়ালয়লৰ তত্বাৱধানত এন আৰ চি প্ৰক্ৰিয়া চলি আছে, তেনে সময়ত শিলাদিত্যৰ মন্তব্য‌সমূহে প্ৰকৃততে সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগ তুলিছে। সেয়ে ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে এক নিজাববীয়া গোচৰ ৰুজু কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd