হানি ট্ৰেপিং এতিয়া প্ৰায়ে শুনিবলৈ পোৱা খবৰ হৈ পৰিছে।
সুন্দৰী মহিলা-যুৱতীক ব্যৱহাৰ কৰি পুৰুষক জালত পেলাই ধন দাবী কৰা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বহু সময়ত সফলতা অৰ্জন কৰি আহিছে।
শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে হানি ট্ৰেপিং চক্ৰৰ বিৰুদ্ধে অভিযান চলাই চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ধৃত লোক কেইগৰাকীৰ ভিতৰত এগৰাকী মহিলাও আছে।
জানিব পৰা মতে চক্ৰটোৱে হানি ট্ৰেপিঙৰ জৰিয়তে এজন লোকক ব্লেকমেইলিং কৰি ১০ লাখ টকা দাবী কৰিছিল।
এই বিষয়ে আৰক্ষী অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চক্ৰটোক জালত পেলাবলৈ সক্ষম হয়।
ইমানলৈকে এয়া এটা সচৰাচৰ ঘটি থকা ঘটনা সমূহৰ মাজৰে এটা বুলি বহুতে ভাবিছিল যদিও চক্ৰটোক জালত পেলোৱাৰ পিছত নগাঁও আৰক্ষীয়ে কৰা টুইটটোহে বহুতৰে বাবে ব্যতিক্ৰমী টুইট হিচাবে বিবেচিত হৈছে।
This gang used HONEY for TRAPPING victim and demanded 10 lakhs.
Team Nagaon used BHOOT JALAKIYA for TRAPPING the gang and send them for Honey "Sun and Moon" at Jail. @assampolice @gpsinghassam @lrbishnoiassam @SNSinghIPS @HardiSpeaks pic.twitter.com/66TvswPqpS— Nagaon Police (@nagaonpolice) January 2, 2021
টুইটটোত নগাঁও আৰক্ষীয়ে হাস্যৰসৰ বুৰবুৰনি তুলিবলৈ সক্ষম হোৱাৰ লগতে কঠোৰ আৰক্ষীৰ হৃদয়তো যে এনে ধৰণৰ হাস্যৰস সৃষ্টিকাৰী ভাৱৰ উদ্ৰেক ঘটাব পাৰে তাৰেই প্ৰমাণ দাঙি ধৰিছে।
টুইটত নগাঁও আৰক্ষীয়ে এই বুলি কৈছে যে হনি অৰ্থাৎ মৌ ব্যৱহাৰ কৰি চক্ৰটোৱে ঘটনাৰ বলি হোৱা লোকজনক জালত পেলাইছিল আৰু ১০ লাখ টকা দাবী কৰিছিল।
নগাঁও আৰক্ষীয়ে হনি ব্যৱহাৰ কৰা চক্ৰটোক ভোট জলকীয়াৰে পৰাভূত কৰি ওলোটাই জালত পেলায় আৰু লোক কেইজনক হনি খাবলৈ জে’ললৈ প্ৰেৰণ কৰে।
আৰক্ষীৰ এনে ৰসাল টুইট পঢ়ি এতিয়া আমোদৰ খোৰাক পাইছে নেটিজেনসকলে।