• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশক কঁপাই যোৱা নৰখাদকৰ ঘটনা : উত্তৰ প্ৰদেশ আৰু কোচবিহাৰত জঘন্য হত্যাকাণ্ডৰ ভয়ংকৰ বিৱৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2026 8:41 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ যোগী ৰাজ্যত শেহতীয়াকৈ এক অতি ভয়ংকৰ আৰু বিৰল কাণ্ড পোহৰলৈ আহিছে যিয়ে সমগ্ৰ দেশবাসীক শিয়ঁৰাই তুলিছে। কুশিনগৰ জিলাৰ পাৰ্চা গাঁৱত সংঘটিত এই ঘটনাই নৰখাদকৰ ভয়ংকৰ ৰূপ উদঙাই দিছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সেই গাঁৱৰ চিকন্দৰ গুপ্তা নামৰ এজন যুৱকে নিজৰ পত্নী আৰু মাতৃক নৃশংসভাৱে হত্যা কৰি তেওঁলোকৰ মঙহ ভক্ষণ কৰাৰ দৰে এক পৈশাচিক কাণ্ড সংঘটিত কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু মানুহৰ মাজত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে।

জানিব পৰা মতে ৩০ বছৰীয়া চিকন্দৰ পেচাত এজন শ্ৰমিক আছিল আৰু তেওঁ মুম্বাইত কৰ্মৰত আছিল। এমাহমান আগতে ঘৰলৈ ঘূৰি অহাৰ পিছৰে পৰা তেওঁ প্ৰায়েই মদ্যপান কৰি পত্নী প্ৰিয়ংকা আৰু মাতৃ ৰুনাক অত্যাচাৰ কৰিছিল। ঘটনাৰ দিনা তেওঁ ঘৰৰ ছাদৰ ওপৰত দুয়োৰে লগত কাজিয়াত লিপ্ত হয় আৰু চিমেন্টৰ টুকুৰাৰে উপৰ্যুপৰি আঘাত কৰি তেওঁলোকৰ মূৰ ভাঙি পেলায়।

Apply Now

স্থানীয় লোকে জনোৱা মতে, তেওঁলোকে চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হৈ দেখে যে চিকন্দৰে পত্নী আৰু মাতৃৰ মঙহ কামুৰি ছিঙি খাই আছে। কেৱল সেয়াই নহয়, উপস্থিত থকা মানুহবোৰৰ ফালেও তেওঁ মঙহৰ টুকুৰা দলিয়াই দিয়া বুলি অভিযোগ উঠিছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে উত্তৰ প্ৰদেশৰ দৰেই একেধৰণৰ এক জঘন্য ঘটনা পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ দিনহাটাতো সংঘটিত হৈছে। তাত এজন বৃদ্ধক ডিঙি কাটি হত্যা কৰাৰ পাছত তেওঁৰ মঙহ খোৱাৰ উদ্দেশ্যৰে মৃতদেহটো পৰিষ্কাৰ কৰি থকা অৱস্থাত অভিযুক্তক আৰক্ষীয়ে আটক কৰে। যোৱা শনিবাৰে দিনহাটাৰ কুড়শাহাট অঞ্চলৰ এটা পুখুৰীৰ পাৰত ডিঙি কটা অৱস্থাত এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় এজনে অভিযুক্তক মৃতদেহটো ধুই থকা অৱস্থাত প্ৰত্যক্ষ কৰি সন্দেহবশত আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে নিহত ব্যক্তিজনৰ কোনো স্থায়ী ঘৰ নাছিল আৰু তেওঁ শ্মশানৰ ওচৰে-পাজৰে আশ্ৰয় লৈ আছিল। অভিযুক্তই ব্যক্তিজনক ডিঙি আৰু কান্ধত গভীৰ আঘাত কৰি হত্যা কৰিছিল আৰু তাৰ পিছত মৃতদেহটো পানীৰ কলৰ তলত ধুই পুখুৰীৰ পাৰত লুকুৱাই থৈছিল। এই দুয়োটা ঘটনাই সমাজত বিকৃত মানসিকতা আৰু অন্ধবিশ্বাসৰ এক ভয়ংকৰ ছবি দাঙি ধৰিছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে লৈ তদন্ত চলাই আছে যাতে দোষীয়ে কঠোৰ শাস্তি পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd