কেইঘণ্টামান পূৰ্বে পঞ্জাব চৰকাৰে তেওঁৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল। কিন্তু আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চড্ডাই বেছি সময় নিৰাপত্তাহীন হৈ থাকিব লগা নহ’ল। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া তেওঁক নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৰাঘৱক দিল্লীত জেড কেটাগৰীৰ নিৰাপত্তা দিয়া হ’ব আৰু দিল্লীৰ বাহিৰলৈ গ’লে তেওঁ ৱাই কেটাগৰীৰ নিৰাপত্তা লাভ কৰিব।
সাঁতত্ৰিশ বছৰীয়া ৰাঘৱৰ নিৰাপত্তাৰ দায়িত্বত ইমান দিনে পঞ্জাব আৰক্ষীৰ বিষয়া আৰু কৰ্মীসকল আছিল। দলৰ সৈতে হোৱা মতানৈক্যৰ বাবে যোৱা সপ্তাহতে পঞ্জাব চৰকাৰে এই নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে দুপৰীয়া পঞ্জাব আৰক্ষীৰ সেই বিষয়াসকলক তৎকালীনভাৱে মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছিল। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল, পঞ্জাব আৰক্ষীয়ে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ কিছু সময় পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীক ৰাঘৱৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
পিছত জানিবলৈ দিয়া হয় যে ৰাঘৱক কেন্দ্ৰীয় চৰকাৰেই নিৰাপত্তা প্ৰদান কৰিব। অমিত শ্বাহৰ মন্ত্ৰালয়ে যি ক্ষিপ্ৰতাৰে ৰাঘৱৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিলে, তাৰ পৰা ৰাঘৱে যে বিজেপিৰ ফালে খোজ বঢ়াইছে সেয়া পুনৰবাৰ স্পষ্ট হৈ পৰিল বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
অৱশ্যে ৰাঘৱৰ ঘনিষ্ঠ মহলে জানিবলৈ দিয়া মতে, এতিয়াই তেওঁৰ বিজেপিত যোগদান কৰাৰ কোনো সম্ভাৱনা নাই। ৰাজ্যসভাৰ সাংসদ হিচাপে ৰাঘৱৰ কাৰ্যকাল আৰু দুবছৰ বাকী আছে। এই দুবছৰ তেওঁ দলৰ ভিতৰত থাকিয়েই আপৰ শীৰ্ষ নেতৃত্বক সমালোচনা কৰিব বুলি ধাৰণা কৰা হৈছে, যিদৰে বৰ্তমান স্বাতী মালিৱালে কৰি আছে। অৱশ্যে পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিচাৰিলে তেওঁৰ যোগদান হ’বও পাৰে। ৰাজহুৱাভাৱে ৰাঘৱে কয় যে তেওঁ বুজি পোৱা নাই কিয় তেওঁৰ মাত বন্ধ কৰিব বিচৰা হৈছে, তেওঁতো কেৱল সাধাৰণ মানুহৰ কথা হে কয়, যিটোত ৰাইজৰ লাভ হয়। ইয়াত আম আদমী পাৰ্টীৰ সমস্যা ক’ত বুলিও তেওঁ প্ৰশ্ন কৰে। ৰাঘৱে স্পষ্টকৈ কয় যে তেওঁক হয়তো নীৰৱ কৰিব পৰা যাব, কিন্তু হৰুৱাব নোৱাৰি আৰু তেওঁ সদায় জনসাধাৰণৰ কাষত থাকি তেওঁলোকৰ হৈ মাত মাতি যাব।





