• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পঞ্জাব চৰকাৰে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ কেইঘণ্টামান পাছতেই ৰাঘৱ চড্ডাক কেন্দ্ৰীয় নিৰাপত্তা, বিজেপিত যোগদান কৰিব নেকি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:14 am
93
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইঘণ্টামান পূৰ্বে পঞ্জাব চৰকাৰে তেওঁৰ জেড প্লাছ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল। কিন্তু আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চড্ডাই বেছি সময় নিৰাপত্তাহীন হৈ থাকিব লগা নহ’ল। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া তেওঁক নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। ৰাঘৱক দিল্লীত জেড কেটাগৰীৰ নিৰাপত্তা দিয়া হ’ব আৰু দিল্লীৰ বাহিৰলৈ গ’লে তেওঁ ৱাই কেটাগৰীৰ নিৰাপত্তা লাভ কৰিব।

সাঁতত্ৰিশ বছৰীয়া ৰাঘৱৰ নিৰাপত্তাৰ দায়িত্বত ইমান দিনে পঞ্জাব আৰক্ষীৰ বিষয়া আৰু কৰ্মীসকল আছিল। দলৰ সৈতে হোৱা মতানৈক্যৰ বাবে যোৱা সপ্তাহতে পঞ্জাব চৰকাৰে এই নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। সূত্ৰৰ খবৰ অনুসৰি, বুধবাৰে দুপৰীয়া পঞ্জাব আৰক্ষীৰ সেই বিষয়াসকলক তৎকালীনভাৱে মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছিল। আটাইতকৈ আকৰ্ষণীয় কথাটো হ’ল, পঞ্জাব আৰক্ষীয়ে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ কিছু সময় পিছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিল্লী আৰক্ষীক ৰাঘৱৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

পিছত জানিবলৈ দিয়া হয় যে ৰাঘৱক কেন্দ্ৰীয় চৰকাৰেই নিৰাপত্তা প্ৰদান কৰিব। অমিত শ্বাহৰ মন্ত্ৰালয়ে যি ক্ষিপ্ৰতাৰে ৰাঘৱৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিলে, তাৰ পৰা ৰাঘৱে যে বিজেপিৰ ফালে খোজ বঢ়াইছে সেয়া পুনৰবাৰ স্পষ্ট হৈ পৰিল বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

অৱশ্যে ৰাঘৱৰ ঘনিষ্ঠ মহলে জানিবলৈ দিয়া মতে, এতিয়াই তেওঁৰ বিজেপিত যোগদান কৰাৰ কোনো সম্ভাৱনা নাই। ৰাজ্যসভাৰ সাংসদ হিচাপে ৰাঘৱৰ কাৰ্যকাল আৰু দুবছৰ বাকী আছে। এই দুবছৰ তেওঁ দলৰ ভিতৰত থাকিয়েই আপৰ শীৰ্ষ নেতৃত্বক সমালোচনা কৰিব বুলি ধাৰণা কৰা হৈছে, যিদৰে বৰ্তমান স্বাতী মালিৱালে কৰি আছে। অৱশ্যে পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে বিচাৰিলে তেওঁৰ যোগদান হ’বও পাৰে। ৰাজহুৱাভাৱে ৰাঘৱে কয় যে তেওঁ বুজি পোৱা নাই কিয় তেওঁৰ মাত বন্ধ কৰিব বিচৰা হৈছে, তেওঁতো কেৱল সাধাৰণ মানুহৰ কথা হে কয়, যিটোত ৰাইজৰ লাভ হয়। ইয়াত আম আদমী পাৰ্টীৰ সমস্যা ক’ত বুলিও তেওঁ প্ৰশ্ন কৰে। ৰাঘৱে স্পষ্টকৈ কয় যে তেওঁক হয়তো নীৰৱ কৰিব পৰা যাব, কিন্তু হৰুৱাব নোৱাৰি আৰু তেওঁ সদায় জনসাধাৰণৰ কাষত থাকি তেওঁলোকৰ হৈ মাত মাতি যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd