• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

মিজোৰামে কেনেকৈ কৰ’নাৰ বিৰুদ্ধে সফলতাৰে যুঁজিবলৈ সক্ষম হৈছে?

সঞ্জয় ডেকা by সঞ্জয় ডেকা
August 2, 2020 2:40 pm
Mizoram

মিজোৰামত আংশিক লকডাউনৰ দৃশ্য। ফাইল ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো কৰ’না মহামাৰীয়ে হাহাকাৰ লগাই থকা সময়ত ভাৰতবৰ্ষৰে উত্তৰ-পূৰ্বাঞ্চলৰ এখন ৰাজ্যই কৰ’না মহামাৰীক বৰ্তমানলৈ (৩০/০৭/২০২০) বাট ভেটি ৰাখিবলৈ সক্ষম হৈছে।

উল্লেখনীয় যে, এই ৰাজ্যখনে দুখনকৈ ৰাষ্ট্ৰৰ লগত আন্ত:ৰাষ্ট্ৰীয় সীমা ভগাই লোৱাৰ লগতে অসম, ত্ৰিপুৰা আৰু মণিপুৰৰ লগতো নিজৰ সীমা ভগাই লৈছে।

Apply Now

তথাপি অতি তৎপৰতা আৰু বিচক্ষণতাৰে মিজোৰামে উত্তৰ-পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ বাবে উদাহৰণ হিচাপে থিয় দিব পাৰিছে।

চীনৰ য়ুহান চহৰৰ পৰা লাহে-লাহে সমগ্ৰ বিশ্বত বিয়পি পৰা কৰ’না ভাইৰাছে ভাৰবৰ্ষতো বিয়পিব ধৰিছিল। অসমে কলেজ, অফিছ বন্ধ ঘোষণা কৰাৰ দিনা মিজোৰামত জীৱন-যাত্ৰা সম্পূৰ্ণ নিয়মিতভাবে চলি আছিল।

আলোচনা চলিব ধৰিছিল মিজোৰামত বন্ধ কেতিয়া আৰম্ভ হ’ব! বিবুদ্ধিৰ মাজত থাকোতেই, ১৭ মাৰ্চত সকলোবোৰ কলেজ, ইউনিভাৰ্চিটি বন্ধ কৰাৰ সিদ্ধান্ত লয় মিজোৰাম চৰকাৰ, মিজোৰাম ইউনিভাৰ্চিটি আৰু আইআইএমচিৰ কৰ্তপক্ষই।

কিন্তু দোকান-বজাৰ বা কাৰ্যালয়সমূহত কোনো বন্ধ প্ৰতিফলিত হোৱা নাই। কলেজ বন্ধ বাবে আমি পূৰ্ণদ্যোমে ক্ৰিকেট খেলিব ধৰিলো। কিন্তু ২১ মাৰ্চৰ দুপৰীয়া যেতিয়া খেলিবলৈ গ’লো, আমাক আধাৰ পৰাই সেই কেম্পাছৰ কৰ্তৃপক্ষই সোমোৱাত বাধা দিলে।

উভটি আহি যেতিয়া আবেলি ওলাই গ’লো অইন দিনাতকৈ দোকান-বজাৰৰ মানুহৰ মাজত বেছি হৈ-চৈ লাগিছে (সাধাৰণতে মিজোৰামত প্ৰায় ৭ বজাৰ আগত বজাৰ, দোকান, ৰাজপথ খালী হৈ পৰে)।

খবৰ কৰি জানিবলৈ পালো, সেইদিনা সন্ধিয়া ৫ বজাৰ পৰা কাৰ্ফিউ জাৰি কৰা হৈছে, ১৪ দিনৰ বাবে। সেয়ে যিয়ে যেনেকৈ পাৰে ঘৰ যাবলৈ সাজু হৈছে। যাৰ যি প্ৰয়োজন, সেই সামগ্ৰীবোৰ লৈ সকলো ঘৰলৈ গুছি গৈছে।

পিছদিনা পুৱা যেতিয়া বাহিৰলৈ চাওঁ, কোনো এজন মানুহক বাহিৰত দেখা পোৱা নগ’ল, মিজোৰামৰ দেওবাৰৰ পৰিৱেশতকৈও মৌন(সাধাৰণতে মিজোৰামত দেওবাৰবোৰত বন্ধ থাকে গোটেই ৰাজ্য আৰু সকলোৱে গীৰ্জালৈ যায়)।

কিছুসময় পিছত দুজনমান আৰক্ষী পেট্ৰ’লিঙলৈ আহে আৰু কিছু সময় থাকি তেওঁলোক গুছি যায়। দুঘন্টামান পিছত দেখিবলৈ পালো, মই থকা হোষ্টেলৰ সন্মুখৰ চাৰিআলিটোত বহুকেইজন ব্যক্তি ডিঙিত আইডি পিন্ধি গোট খালে। লগতে তেওঁলোকে ৰাজপথটো বন্ধ কৰি দিলে। তেওঁলোক ওৱাইএমএ ৰ মানুহ। যি চৰকাৰতকৈও অধিক সক্ৰিয় মিজোৰামত আৰু জনসাধাৰণেও তেওঁলোকক অনুসৰণ কৰে।

কিছুদিন পিছত দোকান খুলিলে পুৱা ৭ বজাৰ পৰা ১০ মান বজালৈ। ইয়াৰ পৰিপাতি সম্পৰ্কীয় বহুবোৰ ফটো ছচিয়েল মিডিয়াত বিয়পি গৈছিল।

মানুহবোৰে শাৰী-শাৰীকৈ থিয় দি দোকানৰ বস্তু কিনিছিল। কিছুমান দোকানত মানুহ সোমাব দিয়া হোৱা নাছিল, কিছুমানে এবাৰত দুজনকৈ মানুহ সোমাবলৈ দিছিল, বেছি ভাগতে বাহিৰতে থিয় হৈ সামগ্ৰী ক্ৰয় কৰিছিল।

কিছুদিন পিছত যেতিয়া দেশত আক্ৰান্ত বাঢ়িব ধৰিছিল, মিজোৰামত দোকান খোলাৰ পৰাও বিৰত আছিল। ওৱাইএমএ এ ঘৰে-ঘৰে গৈ বস্তু-বাহানি দিয়াৰ ব্যৱস্থাও কৰিছিল।

এই লকডাউনৰ লগে-লগে গীৰ্জা ঘৰ সমূহো বন্ধ ৰখা হৈছে, য’ত প্ৰায় ৯৫ শতাংশ মানুহেই খ্ৰীষ্টিয়ান।

কিছুদিন পিছত মিজোৰামৰ প্ৰথমটো ভাইৰাছ আক্ৰান্ত ঘটনা বাহিৰৰ পৰা অহা মানুহ এজনৰ গাত ধৰা পৰিছিল। লগে-লগে সেই অঞ্চলটি সম্পূৰ্ণকৈ বন্ধ কৰি দিয়া গ’ল। সময়ত তেওঁ সুস্থ হৈ আহিল।

লাহে-লাহে দেশৰ লকডাউন শিথিল কৰি দিয়া হ’ল। কিছু পৰিমাণে মিজোৰামতো কৰি দিয়া হ’ল। দুই-তিনিদিন চিটি বাছো চলিব ধৰিলে। ইয়াত থকা মানুহবোৰ ঘৰ যাব ধৰিলে ইয়ালৈ মানুহ থবলৈ অহা গাড়ীৰে বা নিজাকৈ যোগাৰ কৰি। লগতে ফ্লাইটতো মানুহবোৰ গুছি যাব ধৰিলে।

কিন্তু বাহিৰৰ পৰা মানুহবোৰ অহাৰ পিছত মিজোৰামত বহু কেইটা কেছ ধৰা পৰে আৰু তেওঁলোকক নিৰীক্ষণত ৰখা হয়। এই সময়চোৱাত স্কুল-কলেজৰ বাহিৰে চৰকাৰী কাৰ্যালয়ৰ লগতে দোকান-পোহাৰ সকলো খোলা ৰখা হয়। কাৰণ মানুহবোৰক উভতি যাবৰ বাবে পাৰ্মিটৰ প্ৰয়োজন হৈছিল।

বাহিৰৰ পৰা অহা মানুহৰ দেহত পজিটিভ ওলোৱাৰ পিছতো মিজোৰাম চৰকাৰে লকডাউন নিদিয়াৰ বাবে জনসাধাৰণে আপত্তি জনায় আৰু চৰকাৰে জনসাধাৰণক সমৰ্থন জনাই সম্পূৰ্ণ দেশত আনলক চলি থকা সময়ত মিজোৰামে নিজে নিজক লকডাউনৰ মাজত আৱদ্ধ কৰি লয়।

বাহিৰৰ পৰা অহা ব্যক্তিৰ বাহিৰে আন কোনো ব্যক্তিয়েই কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱা খবৰ বৰ্তমানলৈ পোৱা নাই। এই লকডাউনৰ পিছত বৰ্তমান মিজোৰামত জীৱন যাত্ৰা সাধাৰণ ভাৱেই চলি আছে। আনহাতে কৰ’নাত আক্ৰান্ত হোৱাৰ ঘটনাও নিয়ন্ত্ৰণত আছে।

মিজো জাতি অতি সহজ-সৰল। সকলো ঠাইতে শাৰিৰীক দূৰত্বৰ ফালৰ পৰা অতি ঘনিষ্ঠ হৈ থাকে, গলত ধৰা-ধৰিকৈ ফুৰা, ডিঙিত হাতেৰে মেৰিয়াই বহা ইত্যাদি এওঁলোকৰ আচৰণ। সেই দিশৰ পৰা চাব গ’লে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বহু বেছি।

কিন্তু কৰ’নাক তেওঁলোকে ৰাজ্যৰ সীমাৰ ভিতৰত তিল মাত্ৰও বিয়পিব দিয়া নাই। বাহিৰৰ পৰা অহা কোনোজন ব্যক্তিকেই নিৰীক্ষণত নৰখাকৈ বাহিৰলৈ আহিব দিয়া হোৱা নাই।

প্ৰতিটো সময়তে, প্ৰতিটো চেক পইন্টতে তেওঁলোকৰ সংগঠন আৰু আৰক্ষীৰ দল সষ্টম থাকে, আনহাতে ওৰে দিন-ৰাতি পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিক তালাচী লয়।

মিজোৰাম এলকহল মুক্ত ৰাজ্য যদিও ইয়াত স্থানীয় এলকহল উপলব্ধ। এই সুৰা সেৱনৰ পৰা ৰাজ্যখনক মুক্ত ৰাখিবলৈ অতি তৎপৰতাৰে প্ৰশাসনে প্ৰতিখন গাড়ী, মটৰচাইকেলত তালাচী লয় আৰু যি ধৰা পৰে তেওঁৰ পৰা জৰিমনা আদায় কৰা, শাস্তি দিয়া আদি লকডাউনৰ সময়চোৱাতো নিজ চকুৰে দেখি আহিছো।

আনহাতে, লকডাউনৰ প্ৰথম চোৱা সময়তে মিজোৰাম চৰকাৰে নতুন ব্যক্তিক আইএলপি প্ৰদান বন্ধ কৰি দিছিল, যিয়ে ৰাজ্যখনক কৰ’না মুক্ত কৰি ৰখাত অত্যাধিক সহায় কৰিছে।

বৰ্তমান মিজোৰামত কলেজ-ইউনিভাৰ্চিটি আদি বন্ধ ৰখাৰ বাহিৰে আন সকলো ব্যৱস্থা নিয়মিত ভাবে চলি আছে।

মিজোৰামৰ জনসংখ্যা অতি কম, প্ৰায় ১১ লাখ মানহে হ’ব আৰু ইয়াৰ সৰ্বমুঠ কৰ’না পজিটিভ কেছ ৩৯৮টা। ইয়াৰ প্ৰতিজন ব্যক্তি সচেতন। এই সচেতনতাই একমাত্ৰ কাৰণ, যিয়ে মিজোৰামক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত কৰি ৰাখিছে আৰু সমগ্ৰ দেশৰ বাবে উদাহৰণ হিচাপে বৰ্তমানলৈ থিয় দিব পাৰিছে।

(লেখক আইআইএমচি, আইজলৰ ইংলিছ জাৰ্নেলিজম (২০১৯-২০২০)ৰ শিক্ষাৰ্থী)

সঞ্জয় ডেকা

সঞ্জয় ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd