ল’কডাউনৰ সময়তেই মঙলবাৰে শিৱসাগৰৰ সদৰ থানৰ সমীপৰ পৰা বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে।
মৰাণৰ পৰা শিৱসাগৰলৈ আনি গুদামত ৰাখিছিল এই বৃহৎ পৰিমাণৰ গুটখা সমুহ। গুটখা সমুহৰ মূল্য প্ৰায় ৭ লাখ পঞ্চাশ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে।
তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ শিথিলতাৰ সুবিধা লৈ এইদৰে গুটখা সমূহ সৰবৰাহ কৰা হৈছিল বুলি জানিবলৈ দিয়ে গুটখা ব্যৱসায়ী ইৰটেজা আঞ্চাৰিয়ে।
উল্লেখযোগ্য যে, মৰ্টন, চানা আদিৰ পাইকাৰী বিক্ৰেতা হিচাপে ব্যৱসায় কৰি থকা এইজন অনা অসমীয়া ব্যৱসায়ীয়ে শিৱসাগৰ সদৰ থানাৰ সমীপত থাকি বিগত দুবছৰৰ পৰা গুটখা ব্যৱসায় কৰি আহিছিল।
গুটখা ব্যৱসায়ীজনে জানিবলৈ দিয়া মতে গুটখা সমুহ গুৱাহাটীৰ পৰা মৰাণনৈ অনা হৈছিল আৰু তেওঁলোকে মৰাণ থানাৰ সমীপৰ পৰা শিৱসাগৰলৈ আনিছিল।
আনহাতে, জব্দ হোৱা গুটখা সমূহৰ ভিতৰত অধিকাংশ কমলা পচন্দ আৰু পাঁচ কাৰ্টন জৰ্দা আছিল বুলি সাংবাদিকৰ আগত স্পষ্টভাৱে স্বীকাৰ কৰিছিল ব্যৱসায়ী গৰাকীয়ে।
ইপিনে, ৰাজ্য চৰকাৰে গুটখা নিষিদ্ধ কৰাৰ পাছতো কেনেদৰে এজন অনা অসমীয়া ব্যৱসায়ীয়ে শিৱসাগৰ সদৰ থানাৰ সমীপতে গুটখাৰ ৰমৰমীয়া ব্যৱসায় কৰি আছে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ল’কডাউনৰ সময়ত চাৰিওফালে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে তহল দি থকাৰ সময়ত গুটখা ভৰ্টি গাড়ী কেনেদৰে শিৱসাগৰত প্ৰৱেশ কৰিব পাৰিছে সেই সম্বন্ধে জনসাধাৰণৰ মনত প্ৰশ্নৰ উদয় হৈছে।