যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অন্তগৰ্ত অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি জল জীৱন যোজনাৰ আচঁনিৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিছে যদিও টীয়ক সমষ্টিত এনে আঁচনিসমূহ সম্পূৰ্ণ প্ৰাক্ কলনৰ মতে নকৰাৰ ৰাজহুৱা অভিযোগ পোৱা গৈছে।
ছাত্ৰ সন্থা আৰু সাংবাদিকৰ দল আৰু স্থানীয় ৰাইজৰ এটি প্ৰতিনিধি দলে চিন্তামণি গাওঁ পঞ্চায়তৰ অন্তগৰ্ত জেলেঙীটুপ পানী যোগান আঁচনি আৰু ঘৰফলীয়া পানী যোগান আঁচনিত জল জীৱন মিছনৰ পুজিৰে কৰা কাম সমূহ পৰিদৰ্শন কৰে।
এই পৰিদৰ্শনৰ সময়তে আঁচনিৰ কাম সমূহ সম্পূৰ্ণ ক্ৰটিপূৰ্ণ ভাবে কৰা পৰিলক্ষিত হয়।
জল জীৱন মিছনৰ নিয়ম মতে পাইপ সমূহ তিনি ফুটৰ তলত পুতিব লাগে যদিও তাকে নকৰি পাইপ সমূহ মাটিৰ ওপৰত কোনো অংশত ৮ ” বা ১ ফুট কৈ পোতা হৈছে। ঘৰত সংযোগ দিয়া পাইপ সমূহ ৩০ ফুট হ’ব লাগে যদিও ৬ পৰা ১০ ফুটহে দিয়া দেখা গৈছে।
ঘৰত সংযোগ দিয়া টেপ বিলাকত পকাৰ যি খন প্লেট বনাই দিব লাগিছিল সেইখন মাত্ৰ ১২ টা ইটাৰে নিৰ্মাণ কৰাৰ লগতে পাইপ সমূহো নিম্ন মানৰ হোৱাৰ ফলত ফলত পানী অহাৰ লগে লগে ফাটি গৈছে।
সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য জিতু নেওগে কয় যে জল জীৱন আচঁনিত নীতি- নিয়ম মতে কাম নকৰি ঠিকাদাৰ প্ৰতিষ্ঠানে বিভাগক মেনেজ কৰি নিজৰ খেয়াল খুচি মতেহে কাম কৰিছে ৷ফলত পানী বৈ আহিলেই পাইপ সমূহ ফাটি যায় ।
ছাত্ৰ সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তক এই বিষয়ে অভিযোগ কৰাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উপায়ুক্তই জনায় ৷ আজি যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে টীয়কৰ জল জীৱন মিছনৰ চিন্তামণিগড় গাওঁ পঞ্চায়তৰ অন্তগৰ্ত জেলেঙীটুপ আৰু ঘৰফলীয়া পানী যোগান আঁচনিৰ কাম পৰ্য্যবেক্ষণ কৰি কাম সম্পূৰ্ণ ক্ৰটিপূৰ্ণ হোৱাৰ প্ৰমাণ পায়। তেওঁ কনিষ্ঠ অভিযন্তা গৌতম বৰগোঁহাঞিক ১৪ দিনৰ ভিতৰত কাম ভালদৰে সম্পুৰ্ণ কৰিবলৈ নিদেৰ্শ দিয়ে। অন্যথা সংশ্লিষ্ট বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকিয়াই দিয়ে।





