• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কত জলজীৱন মিছন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম

পানী বৈ আহিলেই পাইপ যায় ফাটি

এন ই নাও নিউজ,টিয়ক by এন ই নাও নিউজ,টিয়ক
March 23, 2022 6:49 pm
136
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অন্তগৰ্ত অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি জল জীৱন যোজনাৰ আচঁনিৰ অধীনত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিছে যদিও টীয়ক সমষ্টিত এনে আঁচনিসমূহ সম্পূৰ্ণ প্ৰাক্ কলনৰ মতে নকৰাৰ ৰাজহুৱা অভিযোগ পোৱা গৈছে।

ছাত্ৰ সন্থা  আৰু সাংবাদিকৰ দল আৰু স্থানীয় ৰাইজৰ এটি প্ৰতিনিধি দলে চিন্তামণি গাওঁ পঞ্চায়তৰ অন্তগৰ্ত জেলেঙীটুপ পানী যোগান আঁচনি আৰু ঘৰফলীয়া পানী যোগান আঁচনিত জল জীৱন মিছনৰ পুজিৰে  কৰা কাম সমূহ পৰিদৰ্শন কৰে।
এই পৰিদৰ্শনৰ সময়তে আঁচনিৰ কাম সমূহ সম্পূৰ্ণ ক্ৰটিপূৰ্ণ ভাবে কৰা পৰিলক্ষিত হয়।

জল জীৱন মিছনৰ নিয়ম মতে পাইপ সমূহ তিনি ফুটৰ তলত পুতিব লাগে যদিও তাকে নকৰি পাইপ সমূহ মাটিৰ ওপৰত  কোনো অংশত ৮ ” বা ১ ফুট কৈ পোতা হৈছে।  ঘৰত সংযোগ দিয়া পাইপ সমূহ ৩০ ফুট হ’ব লাগে যদিও ৬ পৰা ১০ ফুটহে দিয়া দেখা গৈছে।

ঘৰত সংযোগ দিয়া টেপ বিলাকত পকাৰ যি খন প্লেট বনাই দিব লাগিছিল সেইখন মাত্ৰ ১২ টা ইটাৰে নিৰ্মাণ কৰাৰ লগতে পাইপ সমূহো নিম্ন মানৰ হোৱাৰ ফলত ফলত পানী অহাৰ লগে লগে ফাটি গৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য জিতু নেওগে  কয় যে জল জীৱন আচঁনিত নীতি- নিয়ম মতে কাম নকৰি  ঠিকাদাৰ প্ৰতিষ্ঠানে বিভাগক মেনেজ কৰি নিজৰ খেয়াল খুচি মতেহে কাম কৰিছে ৷ফলত পানী বৈ আহিলেই পাইপ সমূহ ফাটি যায় ।

ছাত্ৰ সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তক এই বিষয়ে  অভিযোগ কৰাত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উপায়ুক্তই জনায় ৷ আজি যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে টীয়কৰ জল জীৱন মিছনৰ  চিন্তামণিগড় গাওঁ পঞ্চায়তৰ অন্তগৰ্ত জেলেঙীটুপ আৰু ঘৰফলীয়া পানী যোগান আঁচনিৰ কাম পৰ্য্যবেক্ষণ কৰি কাম সম্পূৰ্ণ ক্ৰটিপূৰ্ণ হোৱাৰ প্ৰমাণ পায়। তেওঁ কনিষ্ঠ অভিযন্তা গৌতম বৰগোঁহাঞিক ১৪ দিনৰ ভিতৰত কাম ভালদৰে সম্পুৰ্ণ কৰিবলৈ নিদেৰ্শ দিয়ে। অন্যথা সংশ্লিষ্ট বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকিয়াই দিয়ে।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd