• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্থেবাৰীৰ আমৃখোৱাত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ দুৰ্নীতি

NE NOW NEWS এন ই নাও নিউজ
সৰ্থেবাৰী , May 11, 2020 6:07 pm

2 min read

সৰ্থেবাৰীৰ আমৃখোৱাত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত বৃহৎ দুৰ্নীতি

প্ৰতিনিধিত্বমূলক চিত্ৰ

434
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ১২ নং পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত সংঘটিত হৈছে ভয়ানক দুৰ্নীতি। বিজেপিৰ দখলত থকা পঞ্চায়তখনত প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন বিতৰণত ভয়ানক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

গাঁও‌ পঞ্চায়তৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা তালিকাখনত প্ৰকৃত কৃষকৰ পৰিৱৰ্তে নাম আহিছে কৃষি কাৰ্যৰ লগত জড়িত নথকা বিজেপি কৰ্মী, ব্যৱসায় তথা ছাত্ৰ ছাত্ৰীৰ।

ইয়াৰ ভিতৰত অন্যতম পঞ্চায়তৰ সভাপতি ৰাতুল বৰ্মনৰ ঘনিষ্ঠ তথা বিজেপিৰ IT Cellৰ কৰ্মী দীপজ্যোতি লহকৰ।

উল্লেখ্য যে, দীপজ্যোতি লহকৰৰ মাতৃৰ নামো কৃষকৰ হিতাধিকাৰীৰ এই তালিকাত সন্নিৱিষ্ট হৈছে। দ্বীপজ্যোতিৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী।

আনহাতে এই ধনৰ বাবে যোগ্য হিচাপে বিবেচিত হৈছে পঞ্চায়তৰ সভাপতি ৰাতুন বৰ্মনৰ পত্নীও। https://pmkisan.gov.in নামৰ ৱেবছাইতত প্ৰকাশ পোৱা তথ্য অনুসৰি ইতিমধ্যে ৰাতুল বৰ্মনৰ পত্নীৰ বেংক একাউণ্টত ৫ টা কিস্তিৰ ধন জমা হৈছে।

 

বিজেপি দল আৰু পঞ্চায়তৰ সভাপতিৰ লগত ঘনিষ্ঠ হোৱা বাবে তালিকাত নাম আহিছে একেটা পৰিয়ালৰ কেইবাজনো সদস্যৰ নাম।

পঞ্চায়ত খনৰ অন্তৰ্গত ক্ষুদ্ৰ আমৃখোৱা, ন-কুছি আৰু চিনাদি আদিৰ দৰে ১০০% হিন্দু বসতিপূৰ্ণ গাঁৱ‌ৰ তালিকাত নাম আহিল একাধিক মুছলমানৰ। ইয়াৰ উপৰি এজন মানুহৰ নাম দুই তিনিবাৰলৈ তালিকাত অন্তৰ্ভুক্ত হৈছে।

ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বিজেপি দলৰ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে হিন্দু বসতিপূৰ্ণ গাঁৱ‌ত একাংশ ভুৱা মুছলমানৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰি কৃষকৰ ধন আত্মস্যাৎ কৰাত নামি পৰিছে।

উল্লেযোগ্য যে পঞ্চায়তখনৰ সভাপিত ৰাতুল বৰ্মন আৰু কাউঞ্চিলাৰ দুয়োজনে বিজেপিৰ নেতা। মুঠ ১০ টা ৱাৰ্ড থকা পঞ্চায়তখনৰ ৮ জন ৱাৰ্ড সদস্য হৈছে বিজেপি দলৰ।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd