• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল গণ সমাৱেশ

'আগন্তুক বিধান সভা নিৰ্বাচন হ'ব অসমৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন, অসমীয়া ভাষা-সংস্কৃতিৰ যুদ্ধ' : জীতেন্দ্ৰ সিং

NE NOW NEWS চানু গগৈ
মৰিগাঁও , January 30, 2021 8:51 pm

2 min read

index.jpgaaaa
116
VIEWS
Share on FacebookShare on Twitter

শাসকীয় বিজেপি চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আজি মৰিগাঁও সদৰৰ বিহুতলীত বিৰোধী দল কংগ্ৰেছে অনুষ্ঠিত কৰে এক বিশাল গণ সমাৱেশ।

সমাৱেশখনত মুখ্য অতিথিৰূপে উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয় যে ২০২১ৰ আগন্তুক বিধান সভাৰ নিৰ্বাচন অসমৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন হ’ব।অসমীয়া ভাষা-সংস্কৃতিৰ যুদ্ধ হ’ব ২০২১ৰ নিৰ্বাচনত।

বিজেপি বিৰোধী দলসমূহ একত্ৰিত হৈ মহাজোঁট গঠনেৰে বিজেপি চৰকাৰক ওফৰাব লাগিব বুলিও সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কয়।

একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপি দলৰ লগতে কঠোৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু অসম চৰকাৰৰ মন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাক।

ইফালে কৃষক নেতা অখিল গগৈৰ লগত গোপন আলোচনাৰ কথা ৰাজহুৱা নকৰিলে ৰিপুন বৰাই। মধ্য অসমত তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ প্ৰভাৱ বিধান সভা নিৰ্বাচনত নপৰে বুলিও দাবী কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

যি দলৰ চৰকাৰ থাকে সেই দলৰে নিকাই পৰিষদ গঠন হোৱাতো সাধাৰণ কথা বুলি মন্তব্য কৰে সভাপতি বৰাই।

কিন্তু বিজেপিৰ ১০০+ প্ৰসংগ উল্লেখ কৰি বৰাই কয় ১০০+ নহয় এইবাৰ বিজেপি হ’ব হাণ্ড্ৰেড মাইনাছ। অসমত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰে।

সমাৱেশত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰৰ আঁচনিৰ টোপ, চেণ্ডিকেটৰাজ আৰু ভেটি ৰক্ষাৰ আশ্বাস দি  কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা ৰাজহুৱা সম্পত্তি, ভেটি সকলো বিক্ৰী কৰা দল বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখ্য যে আজি মৰিগাঁৱৰ বিহুতলীত বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে গণ সমাৱেশেৰে বিৰোধী দল কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বজোৱা সমাৱেশখনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপৰিও সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাধাৰণ সম্পাদক ইমদাদ হুছেইন, লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা: নজৰুল ইছলাম, মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা জোন জোনালী বৰুৱা, জিলা সভাপতি বীৰ কুমাৰ কোঁৱৰকে ধৰি কেইবাগৰাকীও কংগ্ৰেছৰ নেতা উপস্থিত থাকে।

উল্লেখ্য যে সমাৱেশখনত মৰিগাঁও, লাহৰীঘাট আৰু জাগীৰোড বিধান সভা সমষ্টি তিনিটাৰ পাঁচ সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd