• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2025 10:09 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামগ্ৰী আৰু সেৱা কৰৰ (জি এছি টি)পৰা উপযুক্ত সেৱা লাভ কৰাটো সহজ হোৱা বহু দূৰৰ কথা, এইবাৰ প্ৰত্যক্ষ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। আৰু সেই অভিযোগ আহিছে নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ গুজৰাট ৰাজ্যৰ পৰা।

চুৰাটৰ চাৰ্টাৰ্ড একাউণ্টেণ্টছ এছ’চিয়েশ্যনৰ চাঞ্চল্যকৰ অভিযোগ, জি এছ টিৰ তথ্য মুকলি বজাৰত বিক্ৰী হৈছে। পঞ্জীয়নভুক্ত কোম্পানীয়ে জি এছ টি নেটৱৰ্কত আপলোড কৰা তথ্য পইচাৰ বিনিময়ত উপলব্ধ।

Apply Now

সংগঠনটোৰ নেতাসকলে দাবী কৰিছে যে বিগত এবছৰ ধৰি তেওঁলোকে জি এছ টিৰ সৈতে জড়িত দুৰ্নীতিৰ সন্দৰ্ভত সৰৱ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ কেইবাবাৰো পত্ৰ লিখি সকীয়াই দিছে। কিন্তু একো হোৱা নাই। উদাসীন হৈয়েই আছে কেন্দ্ৰ।

যোৱা ৩১ মে’ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন দীঘলীয়া পত্ৰত সংগঠনটোৱে তীব্ৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পূৰ্বেও বিভাগটোলৈ কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। কিন্তু একো কাম হোৱা নাই।

চৰকাৰৰ ভিতৰত গোপন বুজাবুজি অবিহনে এয়া হ’ব নোৱাৰে। জি এছ টি ব্যৱস্থা ভুলেৰে ভৰি আছে, তাৰ মূল্য কৰদাতাই দিব লগা হৈছে। ৩ হাজাৰৰ পৰা ১৫ হাজাৰ টকীয়া ৰেট চাৰ্ট দেখুৱাই বিত্তমন্ত্ৰীক জনোৱা হৈছে, চৰকাৰৰ প্ৰতি কৰদাতাৰ আস্থা আৰু বিশ্বাস কেনেদৰে নিলাম কৰা হৈছে।

জি এছ টি সংগ্ৰহতকৈও দ্ৰুতগতিত বৃদ্ধি পাইছে গোপনীয় তথ্য ফাদিলৰ প্ৰৱণতা। সংগঠনটোৰ সভাপতি হাৰ্দিক কাকদিয়াই কয় যে, “জিএছটিত যি হৈ আছে সেয়া কেৱল তথ্য ফাদিল নহয়। এটা কোম্পানীয়ে কেনেদৰে ব্যৱসায় কৰি আছে, কেনেদৰে লাভৱান হৈছে সেই সম্পৰ্কে সকলো গোপনীয় তথ্য প্ৰতিযোগী কোম্পানীৰ হাতলৈ গৈ আছে। ইয়াৰ পৰিণতি ভয়ংকৰ। জিএছটিৰ তথ্য সুৰক্ষাৰ তথাকথিত দুৰ্গ ভাঙি পৰিছে। এনেদৰে চলি থাকিলে জিএছটি ব্যৱস্থাত এটা ভয়ংকৰ দুৰ্যোগ নামি আহিব।”

সংগঠনটোৱে কেৱল জি এছ টিৰ সৈতে জড়িত দুৰ্নীতিৰ বাবেই চিন্তিত নহয়। নেতাসকলে কয়, আমি বিত্তমন্ত্ৰীৰ ওচৰত বিভিন্ন অভিযোগ উত্থাপন কৰিছো। উদাহৰণস্বৰূপে চৰকাৰে আবেদনৰ সাত দিনৰ ভিতৰত জি এছ টি পঞ্জীয়ন দিয়াৰ কথা। কিন্তু প্ৰায় সকলো ক্ষেত্ৰতে এই আবেদন ‘অতি ৰিস্কি’ বুলি কোৱা হয়। পঞ্জীয়ন কৰিবলৈ ৩০ দিন লাগিছে।

য’ত আবেদনকাৰীৰ তথ্য আৰু নথি-পত্ৰৰ ভিত্তিত পেন কাৰ্ড প্ৰদান কৰি কোম্পানী গঠন কৰা হয়, তেনে ক্ষেত্ৰত জিএছটি পঞ্জীয়নৰ ক্ষেত্ৰতো একে ব্যৱস্থা কিয় কাৰ্যকৰী নহ’ব? পঞ্জীয়নৰ পিছত যাৱতীয় চোৱাচিতা কৰিব নোৱাৰিনে? আৰু জি এছ টি ৰিফাণ্ড দিবলৈ কিয় ৬০ দিন পৰ্যন্ত সময় লাগে? ইয়াৰ ফলত ব্যৱসায়ৰ কাৰ্য্যকৰী মূলধন আবদ্ধ হৈ থাকে। জি এছ টি বিষয়াৰ এটা অংশই সেই ধন শীঘ্ৰে ঘূৰাই পাবলৈ ‘দৰদাম’ কৰিছে। সহজ ভাষাত ক’বলৈ গ’লে উৎকোচ। আয়কৰত য’ত ‘ফেচলেছ’ মূল্যায়ন ব্যৱস্থা চলি আছে, জি এছ টিত কিয় নহ’ব, এই প্ৰশ্ন পত্ৰখনত উত্থাপন কৰা হৈছে।

আনহাতে, আইনৰ সুবিধা লৈ অনাদায় ধন সংগ্ৰহৰ নামত ক্ষমতাৰ অপব্যৱহাৰ কৰি ব্যৱসায়ীসকলৰ বেংক একাউণ্ট অযুক্তিকৰভাৱে ফ্ৰীজ কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। হাৰ্দিক কাকদিয়াই কয়, ‘আমি মুঠ ১২টা অভিযোগ উত্থাপন কৰিছো। আমি সম্ভাৱ্য সমাধানৰ কথাও উল্লেখ কৰিছো। চৰকাৰে যদি সেয়া বিবেচনা কৰে তেন্তে ভালকথা।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd