নৱবৰ্ষত যান-বাহক আইন ভংগ কৰি কলিকতাত গ্ৰেপ্তাৰ শতাধিক চালক-আৰোহী

কলিকাতা আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে মুঠ ৬৬৪ জন লোকে যান-বাহন আইন উলংঘা কৰে। ইয়াৰে ১৮৭ জন লোকক তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহা হয়। মদ্যপান কৰি গাড়ী চলাইছিল ১৭৯ জন লোকে। হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১৪৮ জন লোকে। ৫৫ জন লোকে অন্য ধৰণে যান-বাহন আইন ভংগ কৰিলে।

অসমতেই নহয়। নৱবৰ্ষৰ উদ্দেশ্যে সমগ্ৰ দেশৰ লগতে পশ্চিম বংগতো চলিছে আৰক্ষী তথা পৰিবহন বিভাগৰ তালাচী অভিযান। অসমৰ দৰে কলিকতাতো আইন ভংগ কৰি আইনৰ ৰোষত পৰিছে বহুতো নাগৰিক।

নৱবৰ্ষৰ দিনা ভাৰতৰ পশ্চিম বংগৰ কলিকতাৰ ৰাজপথত আইন ভংগ কৰিছে শ শ বাহন চালকে। কলিকতাৰ ৰাজপথলৈ ওলাই আহিছে অগণন বাইকাৰছ। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বহু চালক বা যাত্ৰীয়ে পৰিধান কৰা নাই হেলমেট।

লগতে পঢ়কঃ কাবুলৰ সামৰিক বিমান বন্দৰত ভয়ানক বিস্ফোৰণ

শনিবাৰে আইন ভংগ কৰাৰ অপৰাধত কলিকতাত ৫৪০ জন লোকক গ্ৰেপ্তাৰ কৰে কলিকতা আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও বৰদিনৰ দিনা কলিকতা আৰক্ষীয়ে আইন ভংগৰ অপৰাধত ৩১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।

কলিকাতা আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে মুঠ ৬৬৪ জন লোকে যান-বাহন আইন উলংঘা কৰে। ইয়াৰে ১৮৭ জন লোকক তীব্ৰ বেগত গাড়ী চলোৱাৰ বাবে জৰিমনা বিহা হয়। মদ্যপান কৰি গাড়ী চলাইছিল ১৭৯ জন লোকে। হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১৪৮ জন লোকে। ৫৫ জন লোকে অন্য ধৰণে যান-বাহন আইন ভংগ কৰিলে।

লগতে পঢ়কঃ যোগীৰ উত্তৰ প্ৰদেশত পুনৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণ: ধৰ্ষণৰ পিছতে হাত-ভৰি বান্ধি পেলাই দিলে কুঁৱাত

কলিকতা আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি ২৫ ডিচেম্বৰত যান-বাহন আইন উলংঘাৰ সংখ্যা আছিল ৩২৩ জন। ইয়াৰে ৮৪ জনে তীব্ৰ বেগত গাড়ী চলাই, ৭৮জনে গাড়ী চলোৱাৰ সময়ত মদ্যপান কৰি, ৪৫জনে হেলমেট পৰিধান নকৰাকৈ গাড়ী চলাই আইন ভংগ কৰে।  ৫৭ জনে হেলমেট পৰিধান নকৰাকৈ বাইকৰ পিছফালে বহি ভংগ কৰে আইন। বৰদিনৰ দিনা অন্য ধৰণে আইন ভংগ কৰিলে ৫৯ জন লোকে।

নৱবৰ্ষৰ দিনা কলিকতাৰ ৯৭টা স্থানত অতিৰিক্ত সতৰ্কতাৰ ব্যৱস্থা কৰা হয়। পাৰ্ক ষ্ট্ৰীট আৰু কাষৰীয়া অঞ্চলবোৰৰ বাবে সুকীয়া ব্যৱস্থা আছিল। কেৱল পাৰ্ক ষ্ট্ৰীট অঞ্চলটোক নৱবৰ্ষৰ পূৰ্বে ছটা খণ্ডত বিভক্ত কৰা হৈছিল।

লগতে পঢ়কঃ টুইটাৰ ক্ৰয় কৰি ‘সৰ্বস্বান্ত’ হোৱাৰ পথত মাস্ক! হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি

সেই অঞ্চলৰ নিৰাপত্তাৰ দায়িত্বত আছিল উপ আয়ুক্ত পদৰ আৰক্ষী বিষয়া। ইমানবোৰ আৰক্ষীৰ উপস্থিত থকাৰ পাছতো বহু ক্ষেত্ৰত চোৰাংচোৱাগিৰিৰ ত্ৰুটিৰ বাবে একাংশ চালকে-আৰোহীয়ে নীতি ভংগ কৰিবলৈ সুযোগ পাইছে বুলি অভিযোগ উত্থাপন হৈছে। বহুতে কৈছে যে আৰক্ষীয়ে নিয়ম উলংঘা দেখিও নীৰৱ দৰ্শকৰ ভূমিকা অৱলন্বন কৰিছিল। সেইদেখি একাংশ পথচাৰী অধিক অসাৱধান হৈ পৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়কঃ নতুন বছৰৰ বাৰ্তা! বছৰৰ অন্তিম দিনটোতো মিছাইল নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই