ত্ৰিপুৰাত এগৰাকী ব্যক্তিয়ে নিজৰ পত্নীক হত্যা কৰাৰ পাছত আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ত্ৰিপুৰাৰ ঢলাই জিলাৰ কমলপুৰ মহকুমাৰ পশ্চিম লেম্বুচেৰা গাঁৱত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়।
আত্মহত্যা কৰা ব্যক্তি গৰাকীৰ নাম সঞ্জিত দাস আৰু পত্নীৰ নাম সৰস্বতী দাস বুলি চিনাক্ত কৰা হৈছে।
সঞ্জিত দাসৰ কনিষ্ঠ ভাতৃৰ ভাষ্য অনুসৰি সন্ধিয়াৰ ভাগত পতি-পত্নী দুয়োগৰাকীৰ মাজত কিছু উষ্ম বাক-বিতণ্ডাৰ অন্তত এই দুৰ্ঘটনাটো সংঘটিত হয়।
সঞ্জিত দাসে পত্নীক হত্যা কৰাৰ পাছত নিজে ঘৰৰ ওচৰত থকা এজোপা ৰবৰৰ গছত চিপ লৈ আত্মহত্যা কৰে।
সঞ্জিত দাসে চুৰীৰে ডিঙি ৰেপি নিজ পত্নী সৰস্বতী দাসক হত্যা কৰে বুলি জানিব পৰা গৈছে।
আনহাতে, ঘটনাটোৰ খবৰ লাভ কৰা মাত্ৰকে কমলপুৰ আৰক্ষী অধীক্ষক সঞ্জীৱ দেৱবাৰ্মাৰ নেতৃত্বত এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰে।
স্থানীয় নাগৰিকে উল্লেখ কৰা অনুসৰি সঞ্জিত দাসে দীৰ্ঘদিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল আৰু প্ৰায়ে নিজৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল।