• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ব ইতিহাসত বিৰল! নিজকে বাওনা বুলি পৰিচয় দি নিৰ্বাচনত অৱতীৰ্ণ হ’ল ১৫ বছৰীয়া কিশোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 6:17 pm
293
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাইজেৰিয়াত বৰ্তমান এজন ১৫ বছৰীয়া বাওনা কিশোৰক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মাহমুদ ছাদিছ বাবা নামৰ এই কিশোৰজনক স্থানীয়ভাৱে ‘আবিন আল-আবিন জাজাউ’ অৰ্থাৎ জাৰিয়াৰ বিস্ময় বুলি জনা যায়। যোৱা মাহত অল প্ৰগ্ৰেছিভ কংগ্ৰেছ চমুকৈ এপিপি দলৰ প্ৰাৰ্থী বাছনিৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছৰে পৰা তেওঁক লৈ সমগ্ৰ দেশতে চৰ্চা আৰম্ভ হৈছিল। অন্তৰ্ভুক্তিমূলক ৰাজনীতিৰ বাবে এটা অনুপ্ৰেৰণা হিচাপে আৰম্ভ হোৱা এই ঘটনাটোৱে এতিয়া এটা ডাঙৰ প্ৰৱঞ্চনাৰ ৰূপ লৈছে।

জাৰিয়াৰ চাবোন গাৰীৰ বাসিন্দা বাবাই তেওঁৰ স্ক্ৰীনিং ভিডিঅ’টোত দাবী কৰিছিল যে তেওঁৰ এখন ছেকেণ্ডাৰী স্কুলৰ চাৰ্টিফিকেট আছে আৰু তেওঁ পূৰ্বে এজন চালক হিচাপেও কাম কৰিছিল। তেওঁৰ উচ্চতা আৰু শিশুৰ দৰে চেহেৰাৰ কাৰণটো বাওনা ৰোগ বুলি উল্লেখ কৰি তেওঁ নিজৰ বয়স ৩০ বছৰ বুলি জনািছিল। দলৰ সতীৰ্থসকলক উদ্দেশ্যি তেওঁ কৈছিল যে এই যুঁজখন তেওঁৰ নিজৰ বাবে নহয়, বৰঞ্চ জনসাধাৰণৰ বাবেহে আৰু জনসাধাৰণে তেওঁক সেৱা কৰিবলৈ মাতিছে বাবেহে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁৰ এই সৰল ভাষ্যটো নাইজেৰিয়াৰ ছচিয়েল মিডিয়াত আটাইতকৈ বেছি চৰ্চিত ৰাজনৈতিক মন্তব্য হৈ পৰিছিল।

Apply Now

জনসাধাৰণে যেতিয়া এই জাৰিয়াৰ বিস্ময়জনে নাইজেৰিয়াৰ ৰাজনীতিত কেনেকৈ পৰিৱৰ্তন আনিব সেই বিষয়ে আলোচনা কৰি আছিল, ঠিক সেই সময়তে দেশৰ ৰাষ্ট্ৰীয় বিধানসভাত আসন সুৰক্ষিত কৰাৰ তেওঁৰ সপোন হঠাতে ভাঙি চূৰমাৰ হৈ পৰিল। ভাইৰেল ভিডিঅ’টোত বাবাই নিজৰ জন্ম ১৯৯৫ চনৰ ২ আগষ্টত হৈছিল বুলি দাবী কৰি নিজকে ৩০ বছৰৰ বুলি দেখুৱাবলৈ চেষ্টা কৰিছিল যদিও ইণ্টাৰনেটত ফাদিল হোৱা তেওঁৰ নথি-পত্ৰসমূহে তেওঁৰ জন্ম ২০১০ চনতহে হৈছিল বুলি প্ৰমাণ কৰিলে। নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ বয়স অন্ততঃ ২৫ বছৰ হোৱাটো প্ৰয়োজনীয়, কিন্তু বাবাৰ ক্ষেত্ৰত কেৱল বয়সেই একমাত্ৰ সমস্যা নাছিল। যদি তেওঁৰ জন্ম ২০১০ চনত হৈছিল, তেন্তে নাইজেৰিয়াৰ আইন আৰু আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰৰ নিয়মাৱলী অনুসৰি তেওঁক এজন নাবালক বুলিহে গণ্য কৰা হ’ব।

ইণ্টাৰনেটত ৰাজহুৱা হোৱা বাবাৰ পাছপৰ্ট, ৰাষ্ট্ৰীয় পৰিচয় নম্বৰৰ স্লিপ, জন্মৰ প্ৰমাণ পত্ৰ আৰু স্কুলৰ নথিসমূহে স্পষ্ট কৰি দিলে যে তেওঁ কেৱল এজন কিশোৰহে। ইয়াৰ মাজতে তেওঁৰ এজন প্ৰাক্তন শিক্ষকেও সংবাদ মাধ্যমৰ সন্মুখলৈ আহি নিশ্চিত কৰে যে তেওঁ বাবাক ছেকেণ্ডাৰী স্কুলৰ তলৰ শ্ৰেণীত পঢ়ুৱাইছিল আৰু তেওঁৰ বয়স মাত্ৰ ১৬ বছৰহে, যাৰ ফলত এই বিতৰ্কই আৰু অধিক ভয়াবহ ৰূপ ধাৰণ কৰে। প্ৰথমাৱস্থাত বাবাৰ দল এপিপিয়ে তেওঁক সুৰক্ষা দি এইয়া তেওঁৰ বিৰুদ্ধে কৰা এক পৰিকল্পিত অপপ্ৰচাৰ বুলি দাবী কৰিছিল যদিও প্ৰমাণসমূহ বৃদ্ধি পোৱাৰ পিছত দলটোৱে তেওঁক বয়সৰ জালিয়াতিৰ অভিযোগত অযোগ্য ঘোষণা কৰে। ইয়াৰ পিছতে বাবাই দলৰ নেতাসকলৰ সৈতে আলোচনা কৰি নিৰ্বাচনৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি এপিপিৰ অধ্যক্ষলৈ এখন পত্ৰ লিখে।

সেই পত্ৰখনত তেওঁ উল্লেখ কৰে যে তেওঁ চাবোন গাৰী ফেডাৰেল সমষ্টিৰ পৰা প্ৰতিনিধি সভাৰ দৌৰৰ পৰা আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। এই সিদ্ধান্ত লোৱাটো তেওঁৰ বাবে সহজ নাছিল যদিও দলৰ জ্যেষ্ঠ নেতা আৰু অংশীদাৰসকলে চলোৱা বুজাবুজিৰ প্ৰচেষ্টাৰ বাবে এই সিদ্ধান্তত সোনকালে উপনীত হোৱাত সহায় হয় বুলি তেওঁ জানিবলৈ দিয়ে। বৰ্তমান সময়ত বহু লোকে এই কথাক লৈ আচৰিত প্ৰকাশ কৰিছে যে নাইজেৰিয়াৰ এটা আগশাৰীৰ ৰাজনৈতিক দলে কেনেকৈ এজন ১৫ বছৰীয়া বাওনা ল’ৰাক স্ক্ৰীনিং প্ৰক্ৰিয়াত উত্তীৰ্ণ হ’বলৈ দিলে আৰু তেওঁক দেশৰ এজন উদীয়মান ৰাজনৈতিক তাৰকা সজাই তুলিলে। এইয়া কেৱল ৰাজনৈতিক দলটোৰ অপৰিপক্কতা আছিল নে ইয়াৰ আঁৰত কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাৱে এই প্ৰাৰ্থিত্বৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল, সেই প্ৰশ্নটো এতিয়াও ৰহস্যৰ আৱৰ্ততে থাকি গ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd