• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 20, 2025 9:30 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ হৈ এজেন্ট হিচাপে কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ভাৰতীয় যুৱতী জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰৰ পিছতেই বিষয়টোৱে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। অভিযোগ উত্থাপন হৈছে যে হাৰিয়ানাৰ বিজেপিৰো সদস্যা আছিল জ্যোতি মালহোত্ৰা।

জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এতিয়া পোহৰলৈ আহিছে ন ন তথ্য। শেহতীয়া খবৰ অনুসৰি জ্যোতি পাকিস্তনলৈ যোৱাৰ কথা তেওঁৰ পৰিয়ালেও গম পোৱা নাছিল। জ্যোতি মালহোত্ৰাৰ পিতৃ হৰিশ মালহোত্ৰাৰ ভাষ্য – ‘তাই দিল্লীলৈ যাওঁ বুলি কৈছিল। দিল্লীলৈ যোৱাৰ কথা কৈ তাই পাকিস্তানলৈ গৈছিল। সেয়ে আমি এই বিষয়ে একো গমেই পোৱা নাছিলো।

Apply Now

জানিব পৰা মতে, জ্যোতি মালহোত্ৰাই এবাৰ নহয়, দুবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল। দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়াই জ্যোতিক পাকিস্তানত থকাৰ ব্যৱস্থা কৰি দিছিল। জ্যোতিয়ে পাকিস্তানৰ কেইবাজনো আই এছ আই এজেণ্টক লগ পাইছিল। আনকি পাক-আফগান সীমান্তলৈও গৈছিল জ্যোতি। আনকি তেওঁ চোৰাংচোৱা হ’বলৈও প্ৰশিক্ষণ লৈছিল।

পূৰ্বে কন্যাৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত হৰিশ মালহোত্ৰাৰ প্ৰাৰম্ভিক বক্তব্য আছিল যে যিকোনো ব্যক্তিয়েই পাকিস্তান ভ্ৰমণৰ বাবে যাব পাৰে। কাৰোবাক চিনি পালে ফোনো কৰিব পাৰে। কিন্তু এদিন পিছত তেওঁৰ বক্তব্য সলনি হ’ল।

মঙলবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হৰিশ মালোহোত্ৰাই কয় যে জ্যোতিয়ে তেওঁক দিল্লীলৈ যোৱাৰ কথা কৈছিল। কিন্তু তাৰ পৰা ক’লৈ গ’ল সেয়া গম পোৱা নাছিল। পিতৃয়ে দাবী কৰে যে তেওঁৰ কন্যাই তেওঁক দিল্লীত কাম কৰা বুলি কৈছিল।

শুকুৰবাৰে হাৰিয়ানাৰ নিউ আগৰসেন এক্সটেনচন এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৩৩ বছৰীয়া জ্যোতিক। শনিবাৰে আদালতত হাজিৰ কৰাৰ পাছত তেওঁক পাঁচদিনীয়া আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে পোহৰলৈ অহা তথ্য অনুসৰি জ্যোতিয়ে লস্কৰ ঘাটিত চোৰাংচোৱাৰ প্ৰশিক্ষণ লাভ কৰিছিল। পাকিস্তান-আফগানিস্তান সীমান্তত সংঘটিত হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপতো জ্যোতি জড়িত আছিল। তাতে কিছুদিন প্ৰশিক্ষণো লৈছিল। জ্যোতি যোৱা অঞ্চলটো উগ্ৰপন্থীৰে ভৰপূৰ বুলি ক’ব পাৰি। সাধাৰণ মানুহৰ ভৰিৰ ছাপো সেই অঞ্চলত দেখা নাযায়। সেই প্ৰেক্ষাপটত জ্যোতি মালহোত্ৰাই তাত কি কৰিছিল আৰু কাৰ সংস্পৰ্শত আছিল বুলি প্ৰশ্ন উত্থাপন হৈছে।

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd