পাঁচৰাজ্যৰ আগন্তুক নিৰ্বাচনলকৈ অতি ব্যস্ত হৈ পৰা দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য’লৈকে যায় তাতেই নিজ চৰকাৰৰ গুণ বখানে।
গুজৰাটতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ চৰকাৰৰ গুণ বখানিলে। গুজৰাটত জনতাক উদ্দেশ্যেদি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ নিজা ঘৰ নাই, কিন্তু তেওঁৰ চৰকাৰে দেশৰ লাখ লাখ কন্যাক ঘৰৰ গৰাকী কৰিলে।
মঙলবাৰৰ পৰা দুদিনীয়াকৈ গুজৰাট ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ছোটৌদেপুৰ জিলা জনজাতি প্ৰধান ব’ডেলী চহৰত শিক্ষা খণ্ডৰ সৈতে জড়িত ৪৫০০ কোটি টকাৰ প্ৰকল্পকে ধৰি ৫ হাজাৰ কোটিৰো অধিক টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত এইদৰে কয়।
‘যিহেতু মই আপোনালোকৰ সৈতে উল্লেখযোগ্য সময় কটালোঁ, সেয়েহে মই দুখীয়া জনসাধাৰণৰ সন্মুখীন হোৱা সমস্যাবোৰ মই সদায়েই সমাধানৰ চেষ্টা কৰি আহিছো। আজি মই সন্তুষ্ট কাৰণ মোৰ চৰকাৰে সমগ্ৰ দেশতে ৰাইজৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ কৰিছে। পূৰ্বৰ চৰকাৰৰ দৰে নহয়।’
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ‘কোনো মধ্যভোগীৰ উপস্থিতি নোহোৱাকৈ আমি দুখীয়াৰ প্ৰয়োজন অনুসৰি ঘৰ সাজিছো। আমাৰ মহিলাৰ নামত লাখ লাখ ঘৰ নিৰ্মাণ কৰি পঞ্জীয়ন কৰা হৈছে। যদিও মোৰ নামত ঘৰ নাই মোৰ চৰকাৰে লাখ লাখ কন্যাক ঘৰৰ গৰাকী কৰি তুলিছে।‘