ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এগৰাকী জেষ্ঠ চিকিৎসা বিজ্ঞানী ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।
ক’ৰ’না আক্ৰান্ত হোৱা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ জেষ্ঠ চিকিৎসা বিজ্ঞানী গৰাকী দুসপ্তাহ পূৰ্বে আই চি এম আৰৰ মুখ্য কাৰ্য্যালয়ত বৈঠকত অংশগ্ৰহণৰ বাবে মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ জেষ্ঠ বিজ্ঞানী গৰাকী ক’ৰ’না আক্ৰান্ত হোৱাৰ পাছতে আই চি এম আৰৰ দিল্লীত থকা মুখ্য কাৰ্য্যালয়টো দুদিন চেনিটাইজ কৰা হয়।
জেষ্ঠ চিকিৎসা বিজ্ঞানী গৰাকীৰ সংস্পৰ্শলৈ অহা অন্যান্য লোক সকলকো পৃথককৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে ।
দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত আই চি এম আৰে এক বৃহৎ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আই চি এম আৰৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰ চৰকাৰে বিভিন্ন নীতি নিৰ্ধাৰণ কৰিছে।
উল্লেখযোগ্য যে, দেশৰ ভিতৰত মুম্বাইত সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মুম্বাইৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ যোৱা লোক সকলৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিছে বিভিন্ন ৰাজ্য চৰকাৰে।





