• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 7, 2025 3:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ আলৱাৰৰ ই এছ আই চি মেডিকেল কলেজত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৱাৰ্ডত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাক টোপনিৰ ঔষধ দি চিকিৎসালয়ৰ নাৰ্চিং ষ্টাফে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ সময়ত পৰিয়ালৰ লোকসকল ৱাৰ্ডৰ ঠিক বাহিৰতে আছিল।

অভিযোগ অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰথমে ঘটনাটো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। পিছত যেতিয়া বিষয়টো আৰক্ষীৰ ওচৰ পালে তেতিয়াহে অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৪ জুনৰ নিশা ৩২ বছৰীয়া মহিলাগৰাকীক চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। এগৰাকী নাৰ্চিং কৰ্মচাৰীয়ে নিশা তেওঁৰ বিচনাৰ চাৰিওফালে পৰ্দা টানি লৈ মহিলাগৰাকীক টোপনিৰ বেজী দিয়ে। প্ৰায় অচেতন হৈ পৰাত মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱা হয়।

পিছত মহিলাগৰাকীয়ে অৰ্ধ চেতন অৱস্থাতে স্বামীৰ নাম চিঞৰিবলৈ আৰম্ভ কৰে। আই চি ইউৰ আন কৰ্মচাৰীসকলে কথাটো জানিব পাৰি স্বামীক ৱাৰ্ডলৈ মাতে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত মহিলাগৰাকীয়ে সমগ্র ঘটনাৰ কথা পৰিয়ালক জনায়। বিষয়টো পোহৰলৈ অহাৰ লগে লগে স্বামীয়ে ততাতৈয়াকৈ চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰলৈ যায়।

অভিযোগ অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰথমে সমগ্ৰ ঘটনাটো ঢাকি ৰাখিব বিচাৰিছিল। ইফালে, হেঁচাত পৰি অভিযুক্তই নিজেই মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰে। তথাপিও কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

অৱশেষত স্থানীয় অতিৰিক্ত জিলা দণ্ডাধীশৰ কাষ চাপে ভুক্তভোগীৰ পৰিয়ালে। তেওঁ আৰক্ষীক বিষয়টোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ পিছতে মহিলাগৰাকী আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আলৱাৰ থানাৰ সহকাৰী উপ-পৰিদৰ্শক মহাবীৰ সিঙে কয় যে, “ঘটনাৰ পিছত মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ বক্তব্য লোৱা হৈছে। চিকিৎসা পৰীক্ষাও কৰা হৈছে।”

চিকিৎসালয় কৰ্তৃপক্ষইও তদন্ত আৰম্ভ কৰিছে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। ঘটনাৰ পিছতে চিকিৎসা মহাবিদ্যালয়ৰ ডীন ডাঃ অসীম দাসে কয়, “আমি এখন তদন্ত সমিতি গঠন কৰিছো। অহা শনিবাৰৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”ঘটনাৰ দিনটোৰ চিচিটিভি ফুটেজো পৰীক্ষা কৰি আছে আৰক্ষীয়ে। জানিব পৰা মতে, ভুক্তভোগীৰ সম্পূৰ্ণ বিবৃতি, চিকিৎসা প্ৰতিবেদন আৰু প্ৰত্যক্ষদৰ্শীৰ বক্তব্যও লোৱা হৈছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd