• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিশ্বনাথ কাণ্ড’ৰ সৈতে এন এছ য়ু আইৰ সদস্য জড়িত থকাৰ প্ৰমাণ দিলে পুৰস্কৃত কৰিব কংগ্ৰেছে

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 18, 2019 5:17 pm
Biswanath Congress press meet

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘যদি কোনো লোকে ত্ৰিনয়ন হাজৰিকা এন এছ য়ু আই (NSUI) ৰ সদস্য বুলি প্ৰমান কৰিব পাৰে, তেন্তে তেওঁক পুৰস্কৃত কৰা হ’ব’। বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই আজি এক সংবাদমেল যোগে এই ঘোষণা কৰে।

উল্লেখ্য যে যোৱা ৭ এপ্ৰিলত বিশ্বনাথৰ সাপ্তাহিক বজাৰত চৌকত আলী নামৰ মুছলমান সম্প্ৰদায়ৰ এজন লোকক গো মাংস বিক্ৰী কৰাৰ বাবে স্থানীয় লোকে ৰাজপথতে ‘নিৰ্যাতন’ কৰাৰ লগতে গাহৰি মাংস খাবলৈ বাধ্য কৰোৱাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত আটক হোৱা ১০জন অভিযুক্তৰ ভিতৰত অন্যতম হৈছে ত্ৰিনয়ন হাজৰিকা।

Apply Now

ত্ৰিনয়ন হাজৰিকা গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা বিশ্বনাথ কাণ্ডই এক অন্য ৰূপ লোৱা পৰিলক্ষিত হৈছে। কিয়নো কিছুদিন পূৰ্বে এটা ব্যক্তিগত টিভি চেনেলত ত্ৰিনয়ন হাজিৰকা বিশ্বনাথ এন এছ য়ু আইৰ সক্ৰিয় সদস্য বুলি প্ৰচাৰ হৈছিল।

এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছৰে পৰা শাসনাধিষ্ঠ বিজেপিৰ লগতে অন্যান্য দল-সংগঠনে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ দলক। সেয়ে বিশ্বনাথ কংগ্ৰেছে আজি এক সংবাদমেল আয়োজন কৰি এই অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰাৰ লগতে ঘটনাৰ সৈতে এন এছ য়ু আইৰ সদস্য জড়িত থকাৰ প্ৰমাণ দিব পাৰিলে পুৰস্কৃতহে কৰিব বুলি ঘোষণা কৰে।

দিলীপ বৰুৱাই লগতে কয় যে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাৰ ফে’চবুক একাউন্টত আপলোড কৰা ধৃত ত্ৰিনয়ন হাজৰিকা আৰু সঞ্জু বৰুৱাৰ ২০১৭ চনৰ এখন আলোকচিত্ৰৰ ভিত্তিতহে টিভি চেনেলটোৱে সমগ্ৰ ঘটনাৰ আঁৰত কংগ্ৰেছ  জড়িত বুলি সন্দেহ কৰিছে। কিন্তু ২০১৬ত মন্ত্ৰী হিমন্তও কংগ্ৰেছতে আছিল। মন্ত্ৰীগৰাকীৰ সেই সময়ৰ আলোকচিত্ৰ এতিয়া ব্যৱহাৰ কৰি দোষ জাপি দিব নেকি বুলিও সংবাদমেল যোগে প্ৰশ্ন কৰে জিলা সভাপতি গৰাকীয়ে।

আনহাতে, বিশ্বনাথ কাণ্ডৰ সৈতে কংগ্ৰেছ জড়িত নহয় বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে ঘটনাত বিজেপি দলৰহে দুজনকৈ সদস্য জড়িত আছে বুলি উল্লেখ কৰে। তদুপৰি ঘটনাৰ লগত জড়িত সকলো দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাই সভাপতি গৰাকীয়ে।

ইফালে বিশ্বনাথৰ সাপ্তাহিক বজাৰত সংঘটিত ঘটনাৰ সমস্ত দোষ বিজেপিৰ দখলত থকা বিশ্বনাথ পৌৰ সভালৈ ঠেলি দি বিশ্বনাথ পৌৰপতি ৰুলী শৰ্মাৰ পদত্যাগৰ দাবী জনায় জিলা সভাপতিগৰাকীয়ে। কোনো ধৰণৰ নিবিদা নকৰাকৈ বিজেপি দলৰ কেইজন মান লোকৰ দ্বাৰা এই সাপ্তাহিক বজাৰখন পৌৰপতি গৰাকীয়ে চলাই আহিছে। যাৰ বাবে সাপ্তাহিক বজাৰত এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে দিলীপ বৰুৱাই।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd