• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

`ছুৰীৰে আঘাত কৰাৰ পিছত গুলী কৰি হত্যা’ কৰা হৈছিল IIT-খড়গপুৰৰ ছাত্ৰ তিনিচুকীয়াৰ ফাইজান আহমেদক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2024 2:39 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই আই টি-খড়গপুৰৰ ছাত্ৰ অসমৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যুৰ প্ৰায় দুবছৰৰ পাছত তেওঁক হত্যা কৰা বুলি নিশ্চিত কৰা নতুন প্ৰমাণ পোৱা গৈছে।

কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আৰু ডাঃ এ কে গুপ্তাৰ দ্বাৰা সম্পন্ন কৰা শেহতীয়াকৈ প্ৰকাশিত ফৰেনছিক প্ৰতিবেদনত ফাইজানৰ ডিঙিত বন্দুকৰ গুলী আৰু ছুৰীৰ আঘাত পোৱাৰ কথা প্ৰকাশ পাইছে, যাৰ ফলত পূৰ্বৰ আত্মহত্যাৰ দাবী অচল হৈ পৰিছে।

চলিত বৰ্ষৰ মে’ মাহত আদালতত দাখিল কৰা বিশেষজ্ঞগৰাকীৰ বিশদ বিশ্লেষণত ফাইজানৰ ডিঙিৰ ওপৰৰ বাওঁফালে বন্দুকৰ গুলী আৰু সোঁফালে ছুৰীৰে আঘাত কৰাৰ ইংগিত পোৱা গৈছে।

Apply Now

প্ৰাৰম্ভিক আৰক্ষী তদন্তৰ সময়ত  বা ২০২২ চনৰ অক্টোবৰ মাহত মিডনাপুৰ চিকিৎসা মহাবিদ্যালয়ত কৰা প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ সময়ত এই জটিল আঘাতসমূহ নথিভুক্ত কৰা হোৱা নাছিল।

ডাঃ গুপ্তাৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত অৱশ্যে এই আঘাতসমূহ উন্মোচিত হৈছে আৰু ফাইজানৰ নখৰ কটা অংশ, চুলি, মেৰুদণ্ড, থুঁতুৰি, আৰু পিঠিৰ পেশীত মানুহৰ তেজ লক্ষ্য কৰা হৈছে।

লগতে পঢ়কঃ হেৰাই গৈছে শ্বীনা বৰাৰ দেহৰ অৱশিষ্ট অংশ! আদালতত অধিবক্তাৰ দাবীক কেন্দ্ৰ কৰি তোলপাৰ

তিনিচুকীয়া জিলাৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ২৩ বছৰীয়া ছাত্ৰ ফাইজান আহমেদক যোৱা ১৪ অক্টোবৰত আই আই টি-খড়গপুৰৰ লালা লাজপত ৰায় হোষ্টেলৰ এটা কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

প্ৰথম অৱস্থাত তেওঁৰ মৃত্যুক আত্মহত্যা বুলি কোৱা হৈছিল যদিও তেওঁৰ পৰিয়ালে কেম্পাছত চলা ৰেগিঙৰ উদাহৰণ দি হত্যাৰ অভিযোগ উত্থাপন কৰিছিল।

ফাজানৰ মাতৃৰ অনুৰোধৰ পিছত কলিকতা উচ্চ ন্যায়ালয়ে বিশেষ তদন্তকাৰী দল (এছ আই টি)ক গোচৰটো পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে।

২০২৩ চনৰ মে’ মাহত আদালতে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ বাবে ফাইজানৰ মৃতদেহ খনন কৰাৰ নিৰ্দেশ দিছিল, য’ত শেষত হত্যাৰ চিন ওলাইছিল।

ডাঃ গুপ্তাই কৰা ফৰেনছিক পৰীক্ষাত অতিৰিক্ত জটিল তথ্য প্ৰকাশ পাইছে। ফাইজানৰ মূৰৰ খুলিৰ সোঁফালৰ টেম্প’ৰেল হাড়টো নোহোৱা হৈছিল, যিটো তেওঁৰ মৃতদেহৰ প্ৰাৰম্ভিক ফটোৰ সৈতে মিলি গৈছিল আৰু প্ৰতিবেদনত বিষক্ৰিয়াক মৃত্যুৰ কাৰণ বুলি নিশ্চিতভাৱে নুই কৰা হৈছিল।

লগতে পঢ়কঃ ‘উচটনিমূলক ভাষণ’! প্ৰসিদ্ধ লেখিকা অৰুন্ধতী ৰয়ৰ বিৰুদ্ধে ইউএপিএৰ অধীনত গোচৰ তৰাৰ অনুমতি

এই তথ্য প্ৰকাশৰ পিছতো তদন্তত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হয়। আৰক্ষীৰ প্ৰাৰম্ভিক সঁহাৰি আৰু তদন্ত অপৰ্যাপ্ত বুলি সমালোচনা হৈছিল।

মৃত্যুৰ তিনিদিন পিছত ফাইজানৰ মৃতদেহটো উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল আৰু প্ৰাৰম্ভিক মৰণোত্তৰ পৰীক্ষাত এতিয়া উন্মোচিত হোৱা সবিশেষৰ অভাৱ আছিল।

তদুপৰি, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত এই কাণ্ডৰ কেইমাহমানৰ পাছতহে আৰক্ষীয়ে ৰেগিং গোচৰ ৰুজু কৰিছিল, যাৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীকে ধৰি ছয়জন ব্যক্তিয়ে আত্মসমৰ্পণ কৰিছিল আৰু পৰৱৰ্তী সময়ত জামিন লাভ কৰিছিল।

কলিকতা উচ্চ ন্যায়ালয়ে ফাইজানৰ ৰেগিঙৰ অভিযোগৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আই আই টি খড়গপুৰৰ প্ৰশাসনক ধমক দিয়ে।

পৰিয়ালটোৰ অধিবক্তা অনিৰুদ্ধ মিত্ৰই আৰক্ষী আৰু প্ৰতিষ্ঠান দুয়োটাই হত্যাকাণ্ড ঢাকি ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়কঃ পাকিস্তানৰ আশাত চেঁচা পানী ঢালিলে বৰষুণে; টী-২০ বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই ল’লে বিদায়

তেওঁ কয়, ‘তদন্ত অবিহনে আৰক্ষীয়ে ইয়াক আত্মহত্যাৰ গোচৰলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল, আৰু আজিলৈকে প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ ভিত্তিত তদন্ত চলি আছে, যদিও আদালতে আৰক্ষীক তেনে নকৰিবলৈ নিৰ্দেশ দিছিল।’

মিত্ৰই চিচিটিভিৰ নিৰীক্ষণৰ অভাৱ আৰু ফাইজানৰ নিৰ্যাতন আৰু ৰেগিঙৰ অভিযোগৰ ওপৰত প্ৰতিষ্ঠানটোৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ সমালোচনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd