DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অসমৰ বৰ্তমানৰ জনজাতিসকল ধ্বংস হ’ব’; ILAIৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2020 8:38 pm
Photo-1030x642
509
VIEWS
Share on FacebookShare on Twitter

অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধিতাৰে সৰৱ হৈছে ইণ্ডিজেনাছ লয়াৰ্ছ এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া(ILAI)ই।

সংগঠনটোৱে দাবী কৰিছে যে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অসমৰ বৰ্তমানৰ জনজাতিসকলক ধ্বংস কৰাহে হ’ব।

অহা ৮ আগষ্ট ২০২০ তাৰিখে ছয় জনগোষ্ঠী জনজাতিকৰণ সংক্ৰান্তত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ মন্ত্ৰীগোটৰ এক বৈঠক হোৱাৰ কথা।

এই বৈঠকৰ পূৰ্বে ILAIৰ কৰা এই বিৰোধিতাই এক বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে, অসমৰ কোচ-ৰাজবংশী, টাই আহোম, চুতীয়া, মটক, মৰাণ আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিলেও অসমৰ তপচীলভূক্ত জনজাতিসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

বিজেপি দলে ২০১৬ চনৰ নিৰ্বাচনত অসমৰ ছয়গোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সমগ্ৰ বিষয়টোকলৈ ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে ছয় জনগোষ্ঠীসমূহৰ সংগঠনৰ নেতৃত্ববৃন্দই।

ইফালে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ বৰ্তমানৰ অনুসূচীত জনজাতিসকলক ধ্বংস নকৰিব বুলি চৰকাৰক সকিয়াই দিছে ILAI-এ।

“ছয় জনগোষ্ঠীৰ মাজত এনে কিছুমান জনগোষ্ঠী আছে যিসমূহ জনগোষ্ঠীক কোনো চৰকাৰী আৰু নৃতাত্বিক অধ্যয়নে কেতিয়াও ‘জনজাতি’ বুলি গণ্য কৰা নাই আৰু তেওঁলোকৰ জনজাতিৰ কোনো বৈশিষ্ট্যও নাই। সেয়েহে অসম চৰকাৰে অৰ্থনৈতিকভাৱে উন্নত অজনজাতীয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা উচিত নহয়। এনে কৰিলে ভাৰতত ‘জনজাতি’ৰ ধাৰণাটোকে নস্যাৎ কৰা হ’ব।” ILAIৰ সম্পাদক দিলীপ কান্তি চাকমাই কয়।

তেওঁ লগতে আৰু কয়ে যে এই জনগোষ্ঠীসমূহৰ কিছুমানক অন্যান্য পিছপৰা শ্ৰেণী(OBC) হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে আৰু তেনে শ্ৰেণীৰ জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰাৰ কোনো আইনী প্ৰক্ৰিয়া নাই।

ইফালে এচ’ছিয়শ্যনে দাবী কৰিছে যে উক্ত জনগোষ্ঠীসমূহক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে অসমৰ বৰ্তমানৰ জনজাতিসকলৰ ৰাজনৈতিক প্ৰতিনিধিত্বত প্ৰভাৱ পৰিব। যাৰ ফলত তেওঁলোক ৰাজনৈতিকভাৱে বঞ্চিত হ’ব।

অসমৰ জনজাতিসকলে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা কৰি অহাৰ পিছতো যদি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰে তেনে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘক দিয়া জনজাতি সম্পৰ্কীয় আশ্বাসসমূহো উলংঘা কৰা হ’ব বুলিও দাবী কৰিছে ILAI-এ।

Recent News

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd