NORTHEAST NOW (Assamese)

‘মাটিৰ লগত মিলাই দিম মাফিয়াক’, বিধানসভাৰ মজিয়াৰ পৰাই মুখ্যমন্ত্ৰী যোগীৰ হুংকাৰ

February 25, 2023 5:20 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ বিধানসভাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজ হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উমেশ পাল হত্যাকাণ্ড সন্দৰ্ভত বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ প্ৰতি সঁহাৰি জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়ত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক অতিশয় ক্ষুব্ধ হৈ উঠা দেখা গ’ল।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিৰোধীক আক্ৰমণ কৰি কয়, “এই অপৰাধী আৰু মাফিয়াক কোনে লালনপালন কৰিছে? যিজন ব্যক্তিৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে, তেওঁক এছপিয়ে সাংসদ কৰা কৰা নাছিল নে? অপৰাধীক লালনপালন কৰি এতিয়া আপোনালোকে তামাছা কৰিছে। আমি এই মাফিয়াক মাটিত মিহলাই দিম।”

উল্লেখ্য, ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ বিধায়ক ৰাজু পালৰ হত্যাকাণ্ডৰ মূল সাক্ষী উমেশ পালক শুকুৰবাৰে সন্ধিয়া প্ৰয়াগৰাজৰ বাসগৃহত গুলীয়াই হত্যা কৰা হয়। ইয়াৰ পিছত বিৰোধীয়ে যোগী চৰকাৰক আক্ৰমণ কৰিছে।

সদনত প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ আৰু যোগী আদিত্যনাথৰ মাজতো এক উত্তপ্ত বিতৰ্কৰ সূত্ৰপাত হয়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰামচৰিত মানস বিতৰ্কক লৈ সমাজবাদী পাৰ্টিক আক্ৰমণ ধৰি কয় যে এখন পবিত্ৰ গ্ৰন্থ ফালি জ্বলাই দিয়া হৈছে, সেয়া সনাতন ধৰ্মৰ অপমান নহয়নে? মুখ্যমন্ত্রীয়ে বিবাদিত চতুর্ভুজটোৰ অর্থও ব্যাখ্যা কৰে, যাৰ ওপৰত বিবাদ আৰম্ভ হৈছিল৷

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আৰু কয় যে এইসকল লোক (সমাজবাদী পাৰ্টি) পেছাদাৰী মাফিয়াৰ পৃষ্ঠপোষক। মাফিয়া যিয়েই নহওক কিয়, আমাৰ চৰকাৰে ৰাজ্যত ‘মাফিয়াৰাজ’ক প্ৰশ্চয় নিদিয়ে। তেওঁ কয় যে সমাজবাদী পাৰ্টিৰ সহায়ত অভিযুক্ত আতিক আহমেদ সাংসদ আৰু বিধায়ক হৈছিল।

Related News