• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থলুৱা প্ৰতিষ্ঠানক বঞ্চিত কৰি কলিয়াবৰৰ চিকনি চাহ বাগিচা অবৈধ ভাবে নিলামৰ অভিযোগ

বাগিচাৰ ৯১৪ টা চাহ শ্ৰমিক পৰিয়ালৰ জীৱনক লৈ হেতালি খেলিছে কোনে?

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
December 9, 2021 12:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিকনি চাহ বাগিচাৰ ৯১৪ টা চাহ শ্ৰমিক পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা।

পূৰ্বৰ বাগিচা কৰ্তৃপক্ষই অসম চাহ ভৱিষ্যত নিধিক দীৰ্ঘদিন ধৰি পৰিশোধ কৰিবলৈ বাকী থকা ৫.৫৪ কোটি টকা পৰিশোধ নকৰাত ২০১৬ চনৰ ১৫ ডিচেম্বৰ তাৰিখে চিকনি চাহ বাগিচা অসম চাহ শ্ৰমিক ভৱিষ্যত নিধি সংস্থাই বাজেয়াপ্ত (এটাষ্ট) কৰি ৰাখিছিল।

Apply Now

একেদৰে বেংকত ৩.৭৫ কোটি টকা চিকনি চাহ বাগিচাৰ বেংক অনাদায়ী থকাৰ বাবে ৫ ফেব্ৰুৱাৰী ২০২১ তাৰিখে বেংক কৰ্তৃপক্ষই ডি আৰ টিৰ ১৪৫৫/২০১৪ অ এ নং ১৩/২০১০ প্ৰমাণপত্ৰৰ ভিত্তিত চিকনি বাগিচাখন বাজেয়াপ্ত কৰাৰ কথা ঘোষণা কৰে।

বাজেয়াপ্ত কৰাৰ পাছত বাগিচাখনৰ মূল্য ২০ কোটি ধাৰ্য্য কৰি নিলাম বিক্ৰীৰ জৰিয়তে নিবিদা আহ্বান কৰাৰ লগতে নিলাম বিক্ৰী ১৭ কোটি টকা ৰিজাৰ্ভ প্ৰাইজ ঘোষণা কৰাত প্ৰথম পৰ্যায়ত এখনো নিবিদা দাখিল নোহোৱাত দ্বিতীয় পৰ্যায়ত পুনৰ নিবিদা আহ্বান কৰাত থলুৱা প্ৰতিষ্ঠান মেচাৰ্চ অসমী ইণ্ডাষ্ট্ৰিজ লিমিটেডে ১৭.০২ কোটি আৰু তৃতীয় পৰ্যায়ত মেচাৰ্চ শেৱালি ডেভেলপমেন্ট প্ৰাইভেট লিমিটেডে ১৮.০৯ কোটি টকাত বাগিচা ক্ৰয় কৰিবলৈ সন্মতি প্ৰকাশ কৰি নিবিদা জমা দিয়ে যদিও এই দুই নিবিদাকাৰী প্ৰতিষ্ঠানৰ বিপৰীতে মধ্যপ্ৰদেশৰ কানকাৰীয়া টি এল এল পি নামৰ প্ৰতিষ্ঠানটোক ১২ কোটি টকাত বিক্ৰী কৰে চিকনি চাহবাগিচা খন।

বাগিচাখনৰ পূৰ্বৰ নিদ্ধাৰিত মূল্য ২০কোটিৰ পৰিৱৰ্তে ১২ কোটি টকা বাগিচাখনৰ মূল্য বেংক কৰ্তৃপক্ষই নিদ্ধাৰণ কৰি ২০২১ চনৰ ১৪ চেপ্তেম্বৰত ই নিলাম কৰাত বাগিচা খনৰ বৈধ উত্তৰাধিকাৰীয়ে ইতিমধ্যে ন্যায়ালয়ৰ কাষ চপা বুলি গাজিবুৰ ৰহমানে আমাৰ সাংবাদিকক জানিব দিয়ে। ৪ হাজাৰ ২৪০ বিঘা মাটি-কালিৰ চিকনি চাহ বাগিচা খনৰ মূল্য ২০ কোটি ধাৰ্য্য কৰি ১২ কোটি টকাত ই টেণ্ডাৰৰ জৰিয়তে বাগিচা বিক্ৰী কৰাৰ সমগ্ৰ প্ৰক্ৰিয়া নীতিবহিঃভূত আৰু অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ তুলি বাগিচাখনৰ বৈধ উত্তৰাধিকাৰীৰ লগতে মেচাৰ্চ অসমী ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু মেচাৰ্চ শেৱালি ডেভেলপমেন্ট প্ৰাইভেট লিমিটেডে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপা বুলি জানিব পৰা গৈছে।

অসমৰ দুটাকৈ থলুৱা প্ৰতিষ্ঠানক বঞ্চিত কৰি বহিঃৰাজ্যৰ প্ৰতিষ্ঠান কানকাৰীয়া গ্ৰুপক নিলামৰ তাৰিখ ১৪ চেপ্তেম্বৰৰ পূৰ্বে ৭ চেপ্তেম্বৰ তাৰিখে কানকাৰীয়া গ্ৰুপক চিকনি চাহবাগিচা হস্তান্তৰ কৰা আৰু উক্ত দিনাই কানকাৰীয়া গ্ৰুপ, পঞ্জাৱ নেচনেল বেংক, অসম চাহ ভৱিষ্যত নিধি আৰু অসম চাহ মজদুৰ সংঘৰ মাজত এখন শ্ৰমিক আইন বিৰোধী চুক্তি কৰা হ’ল বুলি অভিযোগ উত্থাপিত হৈছে।

চুক্তিমতে বছৰি ৪০ লাখ কিলোগ্ৰাম কেঁচা চাহপাত উৎপাদন কৰিব লাগিব শ্ৰমিকে। অন্যথা বাগিচাৰ শ্ৰমিকে নাপাব কোনো সা-সুবিধা। মজুৰি,ৰেচন, হাউচিং সুবিধা, বছৰেকীয়া বোনাচৰ ক্ষেত্ৰতো কঠোৰ নতুন মালিক পক্ষ।

এদিন কামত অনুপস্থিত থাকিলে ১কিলো, দুদিন কামত অনুপস্থিত থাকিলে ২ কিলো ৰেচন কৰ্তন কৰাৰ লগতে তিনিদিন অথবা অধিক অনুপস্থিত থাকিলে ৰেচনৰ পৰাও বঞ্চিত হ’ব শ্ৰমিক।

এনদৰে এখন কঠোৰ শ্ৰমিক আইন বিৰোধী চুক্তি কৰাত চাহ শ্ৰমিক পৰিয়ালৰ জীৱন আৰু জীৱিকালৈ ঘোৰ অমানিশা নামি আহিল। প্ৰাপ্ত অভিযোগ মতে বৰ্তমানে বাগিচাখনৰ চাহ শ্ৰমিকে লাভ কৰা নাই কোনো ৰেচনৰ সুবিধা।

অন্যহাতেদি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলকো প্ৰাপ্য অৱসৰৰ অনাদায়ী ধন আদায় নিদিয়াকৈ ৭ দিনৰ ভিতৰত অৱসৰপ্ৰাপ্ত শ্ৰমিক পৰিয়ালক ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়াত চিন্তিত হৈ পৰিছে ভুক্তভোগী পৰিয়াল কেইটা।

বাগিচাৰ চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলা নগাঁও শ্ৰম বিভাগৰ ভুমিকাক লৈও এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে বাগিচাৰ শ্ৰমিক সকলে।

ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰিদিপ শৰ্মা,কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

পতিৰ মৃত্যুৰ পিছত সলনি কৰিলে নাম-পোছাক! ৩৭ বছৰ পুৰুষৰ পৰিচয়েৰে জীৱন কটোৱা এগৰাকী মাতৃৰ সাহসিক কাহিনী

September 5, 2026 4:00 pm
চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

চাকৰিৰ পৰাহে অৱসৰ লৈছে, দায়িত্বৰ পৰা নহয়! ছাত্ৰ-ছাত্ৰীৰ বাবে আজিও নিতৌ ২৫ কিলোমিটাৰ বাটকুৰি বায় কলিয়াবৰৰ মুৰুলী ছাৰে

September 5, 2026 3:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm
বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

বোকাখাতত প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্ৰতিবাদী সমদল, নাগৰিক সভাত প্ৰশাসনৰ বাধা

September 5, 2026 4:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd