নিচাযুক্ত ঔষধৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে নগাঁও জিলাত। নগাঁও জিলা আৰক্ষীয়ে জিলাখনত নিচাযুক্ত ঔষধৰ প্ৰচলন ৰোধ কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ’ব পৰা নাই।
নিচাযুক্ত ঔষধৰ প্ৰাণকেন্দ্ৰ হৈ পৰা নগাঁও চহৰৰ পৰাই ৰাজ্যখনৰ বিভিন্ন স্থানলৈ এই সমূহ ঔষধ সৰবৰাহ হৈ আহিছে। ইয়াৰ মাজতে আজি নগাঁও চহৰৰ সমীপৰ মৰঙীয়ালত বুজন পৰিমানৰ নিচাযুক্ত ঔষধসহ ৰাইজে এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰে।
ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। মৰঙীয়াৰলৰ হুছেইন আলি নামৰ ড্ৰাগছ ব্যৱসায়ী জনে আজি পুৱা এ এছ-০ এন ২২৭৪ নম্বৰৰ স্কুটিৰে নগাঁও চহৰলৈ বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ আনি থকাৰ সময়তে ৰাইজে তেওঁক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায়।
পিছত স্থানীয় ৰাইজে নগাঁও আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হুছেইন আলীক নিচাযুক্ত ঔষধসহ আটক কৰি থানালৈ লৈ আনে। বৰ্তমান আৰক্ষীয়ে হুছেইন আলীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।