NORTHEAST NOW (Assamese)

নগাঁৱত অবৈধভাৱে বালি সৰবৰাহৰ বিৰোধিতা নগাঁও-মৰিগাঁও ট্ৰাক মালিক সন্থাৰ

December 22, 2020 8:15 pm · মুৰুলী বৰুৱা

নগাঁৱত দীৰ্ঘদিন ধৰি অবৈধভাৱে বালি সৰবৰাহ কৰি থকাৰ অভিযোগ সৰ্বত্ৰ উঠিছে।

বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতে দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন স্থানত বালি সৰবৰাহ হৈ আছে।

শেহতীয়াকৈ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে নগাঁও-মৰিগাঁও জিলা ব্যৱসায়ী ট্ৰাক মালিক সন্থাই।

এক অসাধু চক্ৰই মধ্য অসমৰ বিভিন্ন মহলৰ পৰা নিৰ্দিষ্ট পৰিমাণতকৈ অত্যধিক পৰিমাণৰ বালি সৰবৰাহ কৰি এক ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উত্থাপন কৰি নগাঁও-মৰিগাঁও জিলা ট্ৰাক মালিক সন্থাই আজি নগাঁও বন সংমণ্ডল বিষয়াক স্মাৰক পত্ৰ দাখিল কৰি তদন্তৰ দাবী জনায়।

ট্ৰাক মালিক সন্থাৰ অভিযোগ অনুসৰি এই অসাধু চক্ৰটোৱে অবৈধভাৱে ডাম্পাৰ আৰু ট্ৰাকৰ জৰিয়তে কাৰ্বি আংলং, হোজাই, বৈঠালাংছ’,

আঁহতগুৰি, ৰাম বাংলা, হাওৰাঘাট, ডবকা, চিলতমাৰী আদিৰ পৰা নিৰ্দ্ধাৰিত ৯ চিমতকৈ অধিক পৰিমাণৰ বালি কঢ়িয়াই ৰাজহ ফাঁকি দিয়াৰ উপৰিও বাট-পথ বিধ্বস্ত কৰি আহিছে।

ফলত কম দিনতে ৰাস্তা ঘাটসমুহ বিধ্বস্ত হোৱাত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আহ-যাহ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে।

যাৰ বাবে সমগ্ৰ বিষয়টো তদন্ত কৰি এই অবৈধ বেহা বন্ধ কৰিবলৈ দাবী জনাইছে নগাঁও-মৰিগাঁও জিলা ব্যৱসায়ী ট্ৰাক মালিক সন্থাৰ সভাপতি ৰঞ্জিত লস্কৰ আৰু সম্পাদক হৰেন বৰুৱাই।

Related News