• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুৰ্ভাগ্যজনক ঘটনা: আৰক্ষীৰ চৰত ভীতিগ্ৰস্ত হৈ পঞ্চম মহলাৰ পৰা জপিয়াই চূড়ান্ত সিদ্ধান্ত যুৱকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 4:38 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইন্দোৰৰ তাপতী কমপ্লেক্সত সংঘটিত এটা অতি কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৩ বছৰীয়া ৰাজ মাকৱানা নামৰ এজন যুৱকে আৰক্ষীয়ে চৰ মৰাৰ পাছতে ভীতিগ্ৰস্ত হৈ নিজৰ ফ্লেটৰ পঞ্চম মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে।

জানিব পৰা মতে বৃস্পতিবাৰে নিশা প্ৰায় ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হয়। পৰিয়ালৰ লোকে জনোৱা অনুসৰি ৰাজ দীৰ্ঘদিন ধৰি মানসিক চাপত ভুগি আছিল আৰু তেওঁৰ চিকিৎসাও চলি আছিল। অসুস্থতাৰ বাবে তেওঁ প্ৰায়েই উশাহ লোৱাত কষ্ট পাইছিল আৰু সেইবাবেই নিশা অলপ মুকলি বতাহ খাবলৈ তেওঁ বাহিৰলৈ ওলাই আহিছিল।

Apply Now

কিন্তু সেইদিনা নিশা তেওঁ বাহিৰলৈ ওলাই অহাৰ সময়তে এজন নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা দিয়ে আৰু ইমান পলমকৈ কিয় বাহিৰত আছে তাক লৈ প্ৰশ্ন কৰে। এই কথাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি হয় আৰু নিৰাপত্তাৰক্ষীজনে ওচৰৰে টহল দি থকা আৰক্ষীক খবৰ দিয়ে। ৰাজৰ ভগ্নী নিকিতাই জনোৱা মতে তেওঁলোকে আৰক্ষীক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিছিল যে ৰাজ মানসিকভাৱে অসুস্থ আৰু তেওঁৰ ঔষধ চলি আছে। পৰিয়ালৰ লোকে আৰক্ষীক ৰাজক এৰি দিবলৈ অনুৰোধ জনাইছিল আৰু তেওঁক ঘৰৰ ভিতৰত ৰখাৰ প্ৰতিশ্ৰুতিও দিছিল।

পৰিয়ালৰ অভিযোগ অনুসৰি ৰাজে পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীৰ ওচৰত ক্ষমাও খুজিছিল। কিন্তু অভিযোগ উঠিছে যে এজন আৰক্ষী বিষয়াই ক্ষমা খোজাৰ পাছতো ৰাজক এটা চৰ মাৰে। এই ঘটনাত ৰাজ অত্যন্ত ভয় খাই যায় আৰু আৰক্ষীয়ে তেওঁক ধৰি লৈ যাব বুলি আতংকিত হৈ পৰে। ঘৰলৈ দৌৰি গৈ তেওঁ লুকুৱাই থাকিম বুলি কৈছিল যদিও কিছু সময়ৰ পাছতেই তেওঁ পঞ্চম মহলাৰ পৰা তললৈ জপিয়াই দিয়ে। থিতাতে ৰাজৰ মৃত্যু হয় আৰু আৰক্ষীয়ে তেওঁক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আনহাতে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাটোৰ এক বেলেগ ৰূপহে দাঙি ধৰিছে। অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত ৰাজেশ দাণ্ডোটিয়াই জনোৱা মতে নিৰাপত্তাৰক্ষীৰ খবৰ পাই আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈছিল আৰু ৰাজক তেওঁৰ পৰিয়ালৰ সৈতে বুজাই-বঢ়াই থৈ আহিছিল। আৰক্ষীৰ মতে তেওঁলোকে ৰাজক কোনো ধৰণৰ প্ৰহাৰ কৰা নাছিল আৰু তেওঁলোক সেই স্থানৰ পৰা গুচি যোৱাৰ প্ৰায় ৪৫ মিনিটৰ পাছতহে ৰাজে এই চৰম পদক্ষেপ গ্ৰহণ কৰে। বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। এজন সাধাৰণ ৰান্ধনীৰ পুত্ৰ ৰাজৰ এনে অকাল মৃত্যুত সমগ্ৰ পৰিয়ালটো এতিয়া শোকত ভাঙি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd