• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“২০২৩ৰ মহিলা সংৰক্ষণ বিধেয়ক আজিয়েই কাৰ্যকৰী কৰক; কংগ্ৰেছে সমৰ্থন কৰিব’’ : দিব্যা মাদেৰ্না

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:03 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি এক সংবাদমেল সম্বোধন কৰি ৰাজস্থানৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী দিব্যা মাদেৰ্নাই বিজেপি চৰকাৰৰ মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিধেয়কক একত্ৰিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে।

সংবাদমেলৰ আৰম্ভণিতেই তেওঁ বিজেপিৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক ‘নাটক’ বুলি অভিহিত কৰি কয় যে মহিলা সৱলীকৰণৰ নামত যি খেল খেলিছে, তাৰ প্ৰকৃত ছবিখন হ’ল ‘কৰবাত চকু আৰু কৰবাত লক্ষ্য’। নাৰী বন্দনাৰ নামত সংসদৰ স্বৰূপ সলনি কৰাৰ যি প্ৰচেষ্টা চলাইছে, সেয়া আচলতে এক ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰহে। প্ৰখ্যাত কবি নিদা ফাজলীৰ কবিতাৰ পংক্তি উদ্ধৃত কৰি তেওঁ কয় যে এজন মানুহৰ ভিতৰত যিদৰে দহ-বিছজন মানুহ লুকাই থাকে, বিজেপিৰ চৰিত্ৰও তেনে। তেওঁলোকৰ প্ৰতিটো পদক্ষেপৰ আঁৰত থকা প্ৰকৃত মনোভাৱ বুজিবলৈ দেশবাসীয়ে হাজাৰবাৰ ভাবিবলগীয়া হৈছে। অমিত শ্বাহে সংসদত বাৰে বাৰে ‘আমাৰ ওপৰত ভৰসা কৰক’ বুলি কোৱা কথাই প্ৰমাণ কৰে যে বিজেপিৰ ষড়যন্ত্ৰ আৰু ছলনাৰ বাবে দেশবাসীৰ আস্থা তেওঁলোকৰ ওপৰত এতিয়া শূন্য হৈ পৰিছে।

Apply Now

মাদেৰ্নাই বিজেপিৰ ‘৪০০ পাৰ’ শ্ল’গানৰ ৰহস্য ফাদিল কৰি কয় যে সংবিধান সংশোধন কৰি নিজৰ ইচ্ছানুসাৰে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিবলৈকে তেওঁলোকক এনে বৃহৎ সংখ্যাটোৰ প্ৰয়োজন আছিল। কিন্তু দেশৰ সচেতন জনতাই তেওঁলোকক সেই সংখ্যা নিদি ২৪০তে আৱদ্ধ কৰি ৰাখিলে আৰু বৰ্তমান বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ গাত ‘ভেজা’ দি চৰকাৰ চলাবলগীয়া হৈছে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহতে ছোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ পূৰ্ণ সমৰ্থনত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাৰ পাছতো চৰকাৰে কিয় লগে লগে ইয়াক কাৰ্যকৰী নকৰিলে? চৰকাৰৰ লক্ষ্য যদি পৰিষ্কাৰ আছিল, তেন্তে ২০২৪ চনৰ নিৰ্বাচনতে বৰ্তমানৰ ৫৪৩ খন আসনতে ৩৩ শতাংশ সংৰক্ষণ কিয় নিদিলে? তাৰ পৰিৱৰ্তে লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিৰে মহিলাৰ অধিকাৰক বিজেপি চৰকাৰে বান্ধি পেলালে। ৩০ মাহৰ পাছত নিৰ্বাচন চলি থকাৰ সময়ত হঠাতে সংবিধান সংশোধনৰ কথা কোৱাটোৱে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ভয় প্ৰকট কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd