পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ড্ৰাগছ আসক্ত আৰু তেওঁ কোকেইন সেৱন কৰিছিল। এই বিস্ফোৰক দাবী কৰিছে ইমৰাণ খানৰ একালৰ সতীৰ্থ ক্ৰিকেটাৰ চৰফৰাজ নৱাজে।
চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত প্ৰাক্তন পাকিস্তানী পেচ বলাৰ গৰাকীয়ে কয় যে কেৱল তেৱেঁ নহয় আৰু অনেকেই ইমৰাণ খানক ড্ৰাগছ সেৱন কৰা প্ৰত্যক্ষ কৰিছিল।
ইফালে চৰফৰাজে দাবী কৰিছে যে তেওঁৰ অভিযোগ যদি মিছা হয় তেনে বৰ্তমানৰ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে আদালতৰ দ্বাৰস্থ হওক।
উল্লেখ্য যে সত্তৰ শেষৰ পৰা আশী দশকৰ শেষ তথা নব্বৈ দশকৰ প্ৰাৰম্ভৰলৈকে বিশ্ব ক্ৰিকেটৰ বিধ্বংসী পেচ বলাৰ আছিল পাকিস্তানৰ এই দুই প্ৰাক্তন ক্ৰিকেটাৰ চৰফৰাজ নাৱাজ আৰু ইমৰাণ খান।
স্মৰ্তব্য যে ১৯৯২ চনত ইমাৰণ খানৰ নেতৃত্বতে পাকিস্তানে সীমিত অ’ভাৰৰ এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ জয়ী কৰিছিল।
পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ চৰফৰাজৰ অভিযোগৰ মতে ১৯৮৭ চনৰ পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ এখন টেষ্ট ক্ৰিকেট মেচৰৰ সময়ত ইমৰাণ খানে চৰফৰাজ নাৱাজৰ ইছলামাবাদৰ ঘৰত আলহী হিচাপে আছিল।
আৰু সেই সময়তে চৰফৰাজে ইমৰাণ খানক ড্ৰাগছ সেৱন কৰা প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে।
চৰফৰাজে দাবী কৰা মতে সেই সময়ত ইমৰাণ খানে দুৰ্বল ফৰ্ম ভুগি আছিল আৰু ইমৰাণৰ সৈতে মহচিন খান, আব্দুল কাদিৰ, চেলিম মালিকো আছিল। আৰু তেওঁলোক সকলোৱে মিলি সেয়া সেৱন কৰিছিল বুলি দাবী কৰিছে পাকিস্তানৰ প্ৰবীণ পেচ বলাৰ গৰাকীয়ে।
কেৱল ইমানেই নহয় চৰফৰাজে দাবী কৰিছে যে পাকিস্তানৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত লণ্ডনতো কাগজত মেৰিয়াই ইমৰাণ খানে কোকেইন সেৱন কৰিছিল।
আনকি চৰফৰাজ নৱাজে একালৰ সতীৰ্থ আৰু বৰ্তমানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে তেওঁৰ এই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰেও বুলিও দাবী কৰিছে।
“আপোনালোকে তেওঁক মোৰ ওচৰলৈ লৈ আনক। চাওঁ তেওঁ কেনেকৈ অস্বীকাৰ কৰে। মই নিজেই সাক্ষী আছিলো। লণ্ডনত অনেকই তেওঁক এইবোৰ সেৱন কৰা দেখিছিল।” চৰফৰাজে দাবী কৰে।
উল্লেখ্য যে ১৯৬৯ চনত আন্তজাৰ্তিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰা চৰফৰাজ নাৱাজ বিশ্ব ক্ৰিকেটত ৰিভাৰ্ছ চুইঙৰ আৱিষ্কাৰক হিচাপে পৰিচিত। ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত চৰফৰাজেও ৰাজনীতিত যোগদান কৰিছিল আৰু ১৯৮৫ চনত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ পৰা তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
আনহাতে ১৯৭২ চনত আন্তৰ্জাতিক ক্ৰিকেট আত্মপ্ৰকাশ কৰা ইমৰাণ খানে ১৯৯২ চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে আৰু বৰ্তমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।