NORTHEAST NOW (Assamese)

তৃতীয় পৰ্য্যায়ত আবেলি ৫ বজালৈকে ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ

April 23, 2019 5:36 pm · এন ই নাও নিউজ
Updated: April 23, 2019 5:44 pm
তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত মুছলপুৰ ভোটকেন্দ্ৰৰ এটা দৃশ্য। ২৩ এপ্ৰিল, ২০১৯-অত। ফটো : য়ু বি।

ৰাজ্যৰ ১৪খন আসনৰ বাকী থকা চাৰিখন আসনৰ বাবে আজি সম্পন্ন হোৱা ভোটগ্ৰহণত ভোটাৰৰ আশানুৰূপ সঁহাৰি দেখা গৈছে। দুই এটা সৰু-সুৰা অভিযোগৰ বাদে ভোটগ্ৰহণ এই পৰ্য্যন্ত শান্তিপূৰ্ণ।

বিহু পাতলিল; বতৰো ভাল। গতিকে বতৰ আৰু সময়ৰ অনুকূল হোৱা বাবে প্ৰায়বোৰ ভোটকেন্দ্ৰতে ভোটাৰক অসন্তুষ্টি নোহোৱাকৈ দীঘল শাৰীত অপেক্ষা কৰা দেখা গ’ল।

তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত মুছলপুৰ ভোটকেন্দ্ৰৰ এটা দৃশ্য। ২৩ এপ্ৰিল, ২০১৯-অত। ফটো : য়ু বি।

নিৰ্বাচন আয়োগৰ ৫ বজাৰ আপডেইট মতে, তৃতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হোৱা চাৰিটা সমষ্টি ক্ৰমে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীৰ ভিতৰত আবেলি ৫ বজা পৰ্য্যন্ত ধুবুৰীত সৰ্বাধিক ভোট পৰিছে।

ধুবুৰীত হাৰ ৭৮.৯৪ শতাংশ, কোকৰাঝাৰত ৭০.৩১ শতাংশ, বৰপেটাত ৭২.৪৭ শতাংশ আৰু গুৱাহাটীত ৬৫.২৮ শতাংশ। গড় ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ।

প্ৰথম পৰ্য্যায়ৰ ৫টা সমষ্টিৰ ভোটদানৰ হাৰ আছিল ৭৮.২৩ শতাংশ আৰু দ্বিতীয় পৰ্য্যায়ৰ ৫টা সমষ্টিৰ এই হাৰ আছিল ৭৭.৬৭ শতাংশ।

তৃতীয় পৰ্য্যায়ৰ উপৰোক্ত হাৰ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Related News