NORTHEAST NOW (Assamese)

আমেৰিকান আইড’ল ছিজন ১৮ত নেপালী গায়কে তুলিছে খলকনি

February 22, 2020 7:17 pm · এন ই নাও নিউজ
Updated: February 23, 2020 4:49 pm
দীৱেশ পাখৰেল ওৰফে এথ'ৰ গান, ফ'টো উৎস- ইন্টাৰনেট

২১ বছৰীয়া এজন নেপালী গায়কে খলকনিত তুলিছে বিশ্বৰ আটাইতকৈ কঠিন আৰু প্ৰভাৱশালী সংগীত ৰিয়েলিটী শ্ব’ আমেৰিকান আইড’ল ছিজন ১৮ত।

আমেৰিকান আইড’ল ছিজন ১৮ত ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে যুৱ নেপালী প্ৰতিভাৱান গায়কজনে।

এই খলকনি তোলা প্ৰতিভাৱান গায়কজনৰ নাম হৈছে দীৱেশ পখৰেল। বৰ্তমান ৱিচিটাৰ আৱাসী দীৱেশ পখৰেলে নিজৰ আমেৰিকাৰ গমণৰ সপোনকে বাস্তৱায়িত কৰাই নহয় বিশ্বৰ প্ৰসিদ্ধ সংগীতৰ ৰিয়েলিটি শ্ব’ আমেৰিকান আইড’ল ২০২০ত খলকনি তুলি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈও সক্ষম হৈছ।

সংগীত জগতত এথ’ৰ গান নামেৰে পৰিচিত এই যুৱকজনে ABC নেটৱৰ্ক আমেৰিকান আইড’লত ১৬ ফেব্ৰুৱাৰিৰ দিনা প্ৰৱেশ কৰি কেৱল দৰ্শনাৰ্থীৰেই নহয় বিচাৰকসকলকো আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আমেৰিকান আইড’লত নৱোদিত গায়কজনে প্ৰখ্যাত বিশ্ববিশ্ৰুত উত্তৰ আমেৰিকাৰ শিল্পী ব’ব ডিলানৰ গানেৰে যাত্ৰা আৰম্ভ কৰিছে। ইফালে প্ৰসিদ্ধ শিল্পী ৰ’ড ষ্টুৱাৰ্টৰ ‘হেভ ইউ আভাৰ ছীন দ্য ৰেইন’ শীৰ্ষক গীত আমেৰিকান আইড’লত পৰিৱেশন কৰি তুমুল খলকনি তুলিছে।

আমেৰিকান আইড’ৰ বিচাৰকৰ দ্বাৰা উচ্চ প্ৰসংশিত হোৱা দীৱেশ পাখৰেল তথা  এথ’ৰ গানে ইয়াৰ পূৰ্বে ‘গ্ৰহণ’ নামৰ এটা এলবাম মুক্তি দিছিল।কাঠমাণ্ডুত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা দীৱেশে উচ্চ শিক্ষা গ্ৰহণৰ  বাবে আমেৰিকালৈ যায়।

Related News