DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উজনিত ইজনৰ পিছত সিজন বিজেপি নেতা-বিধায়ক ৰাইজৰ ৰাজহুৱা প্ৰশ্নৰ সন্মুখীন

বিধায়ক সুৰেন ফুকনৰ পিছত সাংসদ ৰামেশ্বৰ তেলীক জবাবদিহি ৰাজহুৱা অনুষ্ঠানত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2019 11:01 am
Rameshwar Teli Main

২৩ ফেব্ৰুৱাৰিত স্কুটী বিতৰণ কৰা অনুষ্ঠানটোৰ দৃশ্য।

453
VIEWS
Share on FacebookShare on Twitter

দুদিনমান পূৰ্বে ডিগবৈৰ বিজেপি বিধায়ক সুৰেন ফুকনক এটা ৰাজহুৱা অনুষ্ঠানত এজন যুৱকে জবাবদিহি কৰাৰ পিছত ২৩ ফেব্ৰুৱাৰিত এখন ৰাজহুৱা সভাত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হয় দলটোৰ সাংসদ ৰামেশ্বৰ তেলী।

ডিব্ৰুগড় সমষ্টিৰ সাংসদজনে ২৩ ফেব্ৰুৱাৰিত তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠীৰ কৃতী ছাত্ৰীসকলৰ মাজত স্কুটী বিতৰণ কৰিছিল। অনুষ্ঠানটোত লগত উপস্থিত আছিল বিধায়ক সুৰেন ফুকন, তেৰছ গোৱালা, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষানকে ধৰি অন্যান্য নেতা-পালিনেতা।

কিন্তু অনুষ্ঠানটোৰ মাজতে এজন যুৱকে তেলীক কেইবাটাও প্ৰশ্ন কৰে। উ্ন্নয়নৰ কৈফিয়ৎ বিচৰা যুৱকজনক লগে লগে উভতি ধৰি উপস্থিত নেতা-পালিনেতাসকলে।

বিধায়ক সঞ্জয় কিষানে যুৱকজনক অশোভনীয়ভাৱে গালি-গালাজ কৰাৰ উপৰি মাৰিবলৈও খেদি যোৱা বুলি অভিযোগ উঠিছে।

যুৱকজনে কয়, “আপোনালোকে বেয়া কেলৈ পাইছে? সঁচা কথাটোহে কৈছো। বেয়া কথা কোৱা নাই নহয়।“

ইয়াৰ পিছতে এজন বিজেপি নেতাই যুৱকজনৰ ওচৰলৈ খেদি আহে আৰু “তোমাক কোনে মাতিছে ইয়ালৈ?“ বুলি প্ৰশ্ন কৰে।

ইপিনে একেটা অনুষ্ঠানতে সংবাদ মাধ্যমকো আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ সাংসদ-বিধায়কসকলে। উন্নয়ন সন্দৰ্ভত সাংবাদিকৰ প্রশ্নৰ উত্তৰ দিয়াৰ বিপৰীতে কংগ্ৰেছক আক্ৰমণ কৰাৰ লগতে সাংবাদিকে চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰাটো সহ্য কৰিব পৰা নাই বুলি মন্তব্য কৰে।

Rameshwar Teli

উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে এখন ৰাজহুৱা সভাত ডিগবৈৰ বিধায়ক সুৰেন ফুকনকো এজন যুৱকে ৰাজহুৱাকৈ প্ৰশ্ন কৰি বিধায়কজনৰ অভব্য আচৰণৰ সন্মুখীন হৈছিল।

নাগৰিকত্ব বিধেয়ক অধ্যায়ৰ পিছত বিজেপিৰ প্ৰতি উজনি অসমত ক্ৰমে মোহভংগ হোৱাই নহয়, বিজেপিৰ সৈতে দূৰত্ব ৰাখিবলৈ ধৰিছে জনসাধাৰণে। শেহতীয়া ঘটনাৱলীয়ে তাৰেই দৃষ্টান্ত দাঙি ধৰে।

ইপিনে চুলাই মদৰ বিষক্ৰিয়াৰ দুৰ্ঘটনাত শতাধিক লোকৰ মৃত্যু হোৱা আৰু ঘটনাটোত আক্ৰান্তসকলে এতিয়াও চিকিৎসালয়ৰ বিছনাত মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়ত কালি ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ শ্ৰমিক জনগোষ্ঠীটোৰ নৃত্য-গীতৰ অনুষ্ঠান পতাক লৈও বিৰূপ প্ৰতিক্ৰিয়া হৈছে।

Recent News

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

আজি পৱিত্ৰ ৰাখী বন্ধনঃ বাঁহৰ কাঠি আৰু সূতাৰে ৰাখী প্ৰস্তুত কৰিলে India Book Of Records ত নাম অন্তৰ্ভূক্ত হোৱা অলিস্মিতা শইকীয়াই

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

টয়লেটত ’বুলু ফিল্ম’! দৰাচলতে কি হৈছে এয়া?

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd