বৰপেটাৰ ভেল্লাত সংঘটিত হল এক অপ্ৰীতিকৰ ঘটনা ৷ এই ঘটনাত স্থানীয় কেইবা গৰাকীও লোক আহত হয় ৷
আহত সকলক বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ।
ইয়াৰে বাবুল ওজা, গণেশ ওজা, জিন্টু ওজাৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ।
জুৱাখেল খেলত বাধা দিয়াক কেন্দ্ৰ কৰি এই ঘটনা সংঘটিত হয় ।
জানিব পৰা মতে জুৱাখেলত বাধা দিয়াৰ বাবেই একাংশ লোকে খিলঞ্জীয়া লোকক আক্ৰমণ কৰে ৷
এই আক্ৰমণত চিৰু ওজা , মিন্টু ওজা, চাফিয়া বেগম , মৰমী বেগম, ছহিদুল ওজা, আব্দুল ওজা, চুনীল আলীও আহত হয় ।
এই ঘটনা সন্দৰ্ভত বৰপেটা থানাত এজাহাৰ দাখিল কৰা হৈছে ৷
উল্লেখ্য যে, কেইবাবছৰ ধৰি ভেল্লাৰ কালজাহীত ইঘৰৰ পিছত সিঘৰ সন্দেহজনক লোকৰ বসতি বৃদ্ধি পোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷
এই লোকসকল কেনেকৈ আহি বসবাস কৰিবলৈ লৈছে সেয়া কোনেও নাজানে।
বিভিন্ন অসামাজিক কামত জড়িত থকাৰ অভিযোগ আছে তেওঁলোকৰ বিৰুদ্ধে ।