• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসত কাৰ্বি আংলং আৰক্ষীলৈ আৰণ্যকৰ গাড়ী, মটৰচাইকেল প্ৰদান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 15, 2020 11:02 pm

2 min read

Independence Day: Aaranyak donates car, bike to Karbi Anglong police
365
VIEWS
Share on FacebookShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ দিনা আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ সহযোগত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কাৰ্বি আংলং জিলা আৰক্ষীক এখন নতুন বলেৰ’ গাড়ী আৰু দুখন ১৫০ চিচি পালচাৰ মটৰ চাইকেল প্ৰদান কৰে৷

স্বাধীনতা দিৱসৰ দিনা কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ আৰু ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ এচিয়াৰ সমন্বয়ক ৰাহুল দত্তৰ পৰা আনুষ্ঠানিকভাৱে এই উপহাৰ গ্ৰহণ কৰে৷

এই উপহাৰ প্ৰদান অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা আৰু হেমন্ত বৰুৱাও উপস্থিত থাকে৷

এই প্ৰসংগত মত প্ৰকাশ কৰি ড৹ বিভৱ কুমাৰ তালুকদাৰে জনায় যে ভৌগোলিকভাৱে কাৰ্বি আংলং জিলাৰ অৱস্থিতি এনে যে বহু সময়ত বন্যপ্ৰাণী অপৰাধীয়ে ইয়াৰ সুবিধা গ্ৰহন কৰি কাজিৰঙাত গঁড় হত্যা কৰিব পাৰে৷

এনে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিব লগা হয়৷ যাৰ পটভূমিত আমাৰ এই সহায়ে কাৰ্বি আংলং জিলা আৰক্ষীক উপকৃত কৰিব বুলি আমি আশাবাদী, তেওঁ কয়৷

উল্লেখ্য যে আৰণ্যকৰ উদ্যোগত ইয়াৰ আগতে গোলাঘাট আৰক্ষীক ৬খন পালচাৰ মটৰচাইকেল, দৰং আৰক্ষীক দুখন মটৰ চাইকেল আৰু বোকাখাত আৰক্ষী থানাত দুটা চি চি টি ভি কেমেৰা প্ৰদান কৰিছিল৷

ইয়াৰ উপৰিও ওৰাং ৰাষ্ট্ৰীয় উদ্যানক এখম স্পিড বোট আৰু এখন জীপচি গাড়ী, দুখন থৰ গাড়ী আৰু এখন কেম্পাৰ গাড়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰিছিল৷

আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াৰে আলোচনা কৰি কেতবোৰ নিৰ্বাচিত জিলাত আমি গঁড় হত্যাৰ দৰে অপৰাধ নিয়ন্ত্ৰনৰ বাবে আমি এনে সহযোগিতা আগবঢ়াইছো বুলিও জনায় ড৹ বিভৱ কুমাৰ তালুকদাৰে৷

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd