• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীমা খণ্ডত ১০০ শতাংশ বিদেশী বিনিয়োগৰ অনুমতি; কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত, কি হ’ব LIC-ৰ?

ৰাজেন শৰ্মা, গুৱাহাটী by ৰাজেন শৰ্মা, গুৱাহাটী
May 21, 2026 10:30 am
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বীমা কোম্পানীত ১০০ শতাংশ পৰ্যন্ত বিদেশী বিনিয়োগৰ অনুমতি প্ৰদান কৰিছে। শনিবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হয়। ইয়াৰ জৰিয়তে ‘অটোমেটিক ৰুট’ৰ অধীনত বীমা কোম্পানীসমূহত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই)ৰ অনুমোদন দিয়া হৈছে।

মন কৰিবলগীয়া যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই প্ৰস্তাৱ ঘোষণা কৰিছিল।

Apply Now

কিন্তু ভাৰতীয় চৰকাৰৰ জীৱন বীমা নিগম বা এল আই চিৰ ক্ষেত্ৰত বিভিন্ন নিয়ম প্ৰযোজ্য হৈ থাকিব। কেন্দ্রই কয় যে এল আই চিত বিদেশী বিনিয়োগৰ সীমা ২০ শতাংশই থাকিব৷

উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগ বা ডিপিআইআইটিয়ে এক প্ৰেছ টোকা জাৰি কৰিছে। এই সিদ্ধান্ত তাতেই অৱগত কৰা হৈছে। কোৱা হৈছে যে বিদেশী বিনিয়োগ আৰু পৰ্টফলিঅ’ বিনিয়োগকাৰীসকলক অটোমেটিক ৰুটৰ জৰিয়তে ভাৰতীয় বীমা কোম্পানীত বিনিয়োগ কৰিবলৈ অনুমতি দিয়া হৈছে। অৱশ্যে তাৰ পূৰ্বে বীমা নিয়ন্ত্ৰক আই আৰ ডি এ আইৰ পৰা অনুমোদন লাভ কৰিব লাগিব। অৰ্থাৎ বিদেশী বিনিয়োগকাৰীয়ে সম্পূৰ্ণ পৰীক্ষণত উত্তীৰ্ণ হ’লেহে ভাৰতীয় বীমা কোম্পানীত বিনিয়োগ কৰিব পাৰিব।

কেন্দ্ৰৰ এই নতুন সিদ্ধান্ত ‘সবকা বীমা সবকী ৰক্ষা’ সংশোধিত বীমা আইন, ২০২৫ অনুসৰি লোৱা হৈছে। ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰালয়ে এই আইন ঘোষণা কৰিছিল।

নতুন নিয়ম অনুসৰি বিদেশী বিনিয়োগ হ’ব পৰা বীমা কোম্পানীত অন্ততঃ এজন ভাৰতীয় নাগৰিক অধ্যক্ষ, পৰিচালন সঞ্চালক বা মুখ্য কাৰ্যবাহী বিষয়াৰ পদত থাকিব লাগিব। ইয়াৰ উপৰিও বিদেশী শ্বেয়াৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেমাৰ (Foreign Exchange Management Act) গাইডলাইন অনুযায়ী গাঁথনি মানি চলিব লাগিব।

অৰ্থনৈতিক বিশেষজ্ঞৰ এটা অংশৰ মতে এই সিদ্ধান্তই ভাৰতীয় বীমা খণ্ডলৈ বিপুল বিদেশী পুঁজি আনিব পাৰে। ফলত নতুনকৈ কৰ্মসংস্থাপনৰ সম্ভাৱনাই দেখা দিছে। প্ৰযুক্তি, সেৱা আৰু বীমা কভাৰেজৰ উন্নতি হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ দাখিল কৰাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মালা সীতাৰমণে ইংগিত দিছিল যে বীমা খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা ৭৪ শতাংশৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব।

সংসদত বাজেট ভাষণত তেওঁ কয় যে আগন্তুক পাঁচ বছৰত ভাৰতৰ অর্থনৈতিক বিকাশ আৰু বিশ্ব মঞ্চত প্রতিদ্বন্দ্বিতা কৰিবলৈ কেইবাটাও সংস্কাৰৰ পৰিকল্পনা কৰা হৈছে৷ বীমা খণ্ডত ১০০ শতাংশ বিনিয়োগৰ ৰেহাইও সেই পৰিকল্পনাৰ অংশ।

বজাৰ বিশেষজ্ঞসকলৰ মতে যদি বিদেশী কোম্পানীয়ে বীমা খণ্ডত অংশগ্ৰহণ বৃদ্ধি কৰে তেন্তে প্ৰতিযোগিতাও বৃদ্ধি পাব। ফলত গ্ৰাহকে উন্নত সেৱা লাভ কৰিব। একে সময়তে দেশৰ বীমা খণ্ডতো দীৰ্ঘম্যাদী মূলধনৰ যোগান বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

ৰাজেন শৰ্মা, গুৱাহাটী

ৰাজেন শৰ্মা, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd