• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা: ঈশান কিষাণৰ প্ৰত্যাৱৰ্তন, ঋষভ পণ্টক আঁতৰাই শ্ৰেয়স আয়াৰক সহ- অধিনায়কৰ দায়িত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 5:16 pm
170
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল ২০২৬ সমাপ্ত হোৱাৰ পিছতেই ভাৰত আৰু আফগানিস্তানৰ মাজত তিনিখন এদিনীয়া আৰু এখন টেষ্ট মেচৰ ক্ৰিকেট শৃংখলা অনুষ্ঠিত হ’ব। এই গুৰুত্বপূৰ্ণ শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ জ্যেষ্ঠ বাচনি সমিতিয়ে ভাৰতীয় দল ঘোষণা কৰিছে। এইবাৰৰ দল ঘোষণাত আটাইতকৈ ডাঙৰ আৰু আচৰিত কৰা খবৰটো হ’ল যে উইকেটৰক্ষক বেটছমেন ঋষভ পণ্টক এদিনীয়া দলৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হৈছে। কেৱল ইমানেই নহয়, তেওঁক টেষ্ট দলৰ সহ-অধিনায়কৰ গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰাও আঁতৰাই দিয়া হৈছে।

এদিনীয়া দলত ঋষভ পণ্টৰ স্থানত উইকেটৰক্ষক হিচাপে ঈশান কিষাণক দললৈ ঘূৰাই অনা হৈছে। টি-২০ বিশ্বকাপ ২০২৬ ৰ পিছত সঞ্জু চেমচনক এদিনীয়া দলত স্থান দিয়া হ’ব বুলি তীব্ৰ চৰ্চা চলিছিল যদিও বাচনি সমিতিয়ে এইবাৰো তেওঁক আওকাণ কৰিলে। এই এদিনীয়া দলৰ অধিনায়কত্বৰ দায়িত্ব শুভমন গীলক অৰ্পণ কৰা হৈছে আৰু শ্ৰেয়স আয়াৰক সহ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। ইফালে কে এল ৰাহুলক মুখ্য উইকেটৰক্ষক হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে।

Apply Now

চলিত বৰ্ষৰ আই পি এলত উৎকৃষ্ট প্ৰদৰ্শন কৰা যুৱ তীব্ৰবেগী বলাৰ প্ৰিন্স যাদৱ আৰু গুৰনুৰ ব্ৰাৰক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ দিয়া হৈছে। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন কৰিছে যদিও তেওঁৰ খেলাটো সম্পূৰ্ণৰূপে ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব। অভিজ্ঞ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দলত বাহাল আছে। খেলুৱৈৰ কামৰ চাপ নিয়ন্ত্ৰণ কৰাৰ বাবে তাৰকা তীব্ৰবেগী বলাৰ যশপ্ৰীত বুমৰাহক এই শৃংখলাৰ বাবে সম্পূৰ্ণ জিৰণি দিয়া হৈছে, যাৰ বাবে তেওঁ এদিনীয়া আৰু টেষ্ট কোনো এটা দলতে নাই। ইয়াৰ উপৰিও অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাকো এদিনীয়া দলত স্থান দিয়া হোৱা নাই।

টেষ্ট দলৰ আটাইতকৈ ডাঙৰ খবৰটো হ’ল ঋষভ পণ্টৰ পৰা মাত্ৰ ছয় মাহৰ ভিতৰতে সহ-অধিনায়কৰ দায়িত্ব কাঢ়ি লোৱা হৈছে। তেওঁৰ ঠাইত কে এল ৰাহুলক টেষ্ট দলৰ নতুন সহ-অধিনায়ক মনোনীত কৰা হৈছে। তীব্ৰবেগী বলাৰ গুৰনুৰ ব্ৰাৰ আৰু স্পিনাৰ মানৱ সুথাৰক প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। অলৰাউণ্ডাৰ হৰ্ষ ডুবেয়ো প্ৰথমবাৰৰ বাবে টেষ্ট দলত সুযোগ পাইছে। শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা অক্ষৰ পেটেল আৰু ৰবীন্দ্ৰ জাদেজাই এই টেষ্ট দলত স্থান পোৱা নাই। ইয়াৰ উপৰিও আকাশ দ্বীপকো দলৰ পৰা বাদ দিয়া হৈছে। টেষ্টত ইনিংছ মুকলি কৰাৰ দায়িত্ব কে এল ৰাহুল আৰু যশস্বী জয়ছোৱালৰ ওপৰত থাকিব। মধ্যক্ৰমৰ দায়িত্বত থাকিব সাই সুদৰ্শন, দেৱদত্ত পড়িক্কল, ঋষভ পণ্ট আৰু শুভমন গীল। ধ্ৰুৱ জুৰেল বেকআপ উইকেটৰক্ষক হিচাপে থাকিব। ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ আৰু মানৱ সুথাৰ স্পিনাৰ হিচাপে থাকিব। আনহাতে বেগী বলিং বিভাগৰ দায়িত্বত থাকিব মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু গুৰনুৰ ব্ৰাৰ।

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ সম্পূৰ্ণ এদিনীয়া দলটোত আছে শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ (সহ-অধিনায়ক), কে এল ৰাহুল (উইকেটৰক্ষক), ঈশান কিষাণ (উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে।

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ একমাত্ৰ টেষ্ট মেচৰ দলটোত আছে শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল (সহ-অধিনায়ক), সাই সুদৰ্শন, ঋষভ পণ্ট, দেৱদত্ত পড়িক্কল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰাৰ, মানৱ সুথাৰ, হৰ্ষ ডুবে আৰু ধ্ৰুৱ জুৰেল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd