• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিচিচিআইৰ নতুন সূচী ঘোষণা: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2026 8:50 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

​ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে  ভাৰতীয় পুৰুষ দলটোৰ আগন্তুক ঘৰুৱা শৃংখলাৰ বাবে পূৰ্ণাংগ সূচী প্ৰকাশ কৰিছে। এই সূচী অনুসৰি, ২০২৭ চনৰ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ এখন গুৰুত্বপূৰ্ণ টেষ্ট মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। তদুপৰি, আগন্তুক ঘৰুৱা ক্ৰিকেট বৰ্ষটোত অনুষ্ঠিত হ’বলগীয়া মুঠ ৯ খন এদিনীয়া মেচত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অংশগ্ৰহণৰ সম্ভাৱনা আছে।

​বিচিচিআইৰ ঘোষণা অনুসৰি, ভাৰতীয় দলটোৱে ঘৰুৱা মাটিত পাঁচখন টেষ্ট, নখন এদিনীয়া আৰু আঠখন টি-২০ মেচ খেলিব। এই ঘৰুৱা ক্ৰিকেট বৰ্ষৰ মুখ্য আকৰ্ষণ হৈছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ২০২৭ চনৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহজুৰি অনুষ্ঠিত হ’বলগীয়া এই শৃংখলাটোৰ প্ৰথমখন টেষ্ট ২১ জানুৱাৰীত নাগপুৰত আৰম্ভ হ’ব। ইয়াৰ পিছতে দ্বিতীয়খন টেষ্ট চেন্নাইত আৰু তৃতীয়খন টেষ্ট ১১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত চতুৰ্থখন টেষ্ট ৰাঁচীত আৰু শৃংখলাৰ চূড়ান্ত টেষ্টখন ২৭ ফেব্ৰুৱাৰীৰ পৰা আহমেদাবাদত অনুষ্ঠিত হ’ব। প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গুৱাহাটীয়ে ঘৰুৱা টেষ্ট শৃংখলাৰ এখন খেল আয়োজন কৰিছিল।

Apply Now

​অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই টেষ্ট শৃংখলাৰ উপৰিও ভাৰতে ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু জিম্বাবৱেৰ বিৰুদ্ধেও অৱতীৰ্ণ হ’ব। চলিত বৰ্ষৰ ২৭ ছেপ্টেম্বৰৰ পৰা ৱেষ্ট ইণ্ডিজৰ ভাৰত ভ্ৰমণ আৰম্ভ হ’ব, য’ত তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব। এই শৃংখলাৰ দ্বিতীয়খন এদিনীয়া মেচো অহা ৩০ ছেপ্টেম্বৰত গুৱাহাটীতে অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে। আনহাতে, ডিচেম্বৰ মাহত শ্ৰীলংকাই ভাৰতৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু সমসংখ্যক টি-২০ মেচ খেলিব। নতুন বছৰৰ আৰম্ভণিতে, অৰ্থাৎ ২০২৭ চনৰ জানুৱাৰী মাহত জিম্বাবৱেই ভাৰত ভ্ৰমণ কৰিব আৰু তিনিখন এদিনীয়া মেচত ভাগ ল’ব। উল্লেখনীয় যে, ২০০২ চনত সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলে খেলাৰ পিছত এয়া জিম্বাবৱেৰ প্ৰথমটো দ্বিপাক্ষিক ভাৰত ভ্ৰমণ হ’ব। বিচিচিআইৰ এই সম্পূৰ্ণ সূচী অনুসৰি ভাৰতৰ ১৭ খন চহৰত মুঠ ২২ খন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

August 6, 2026 1:57 pm
১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

জ্যেষ্ঠ ফটোগ্ৰাফাৰ প্ৰদীপ দত্তৰ আকস্মিক বিয়োগ

August 6, 2026 3:04 pm
কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

August 6, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd