• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

India vs England, 2nd Test: বিশাখাপট্টনমত চাহাবক খেল দেখুৱালে ভাৰতে; দ্বিতীয় টেষ্টত জিকি ছিৰিজত আনিলে সমতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2024 3:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদ টেষ্টৰ পাছত যি লক্ষ্যৰে টীম ইণ্ডিয়াই বিশাখাপট্টনমত নামিছিল, অৱশেষত সেয়া পূৰণ হ’ল৷ আজি ভিজাগত প্ৰথম ছেছনৰ পৰাই ভাৰতীয় শিবিৰত সামান্য জয়ৰ গোন্ধ পোৱা গৈছিল। মধ্যাহ্ন বিৰতিৰ পিছত ভাৰতীয় দৰ্শকে আৰু সহ্য কৰিব পৰা নাছিল। অৱশ্যে চাহ বিৰতিৰ আগলৈকে ধৈৰ্য্য ধৰিব লগা হ’ল।

ইংলেণ্ডে এটা এটাকৈ তেওঁলোকৰ উইকেট হেৰুৱাইছিল, ভাৰতীয় অনুৰাগীৰ গেলেৰীত চিঞৰ বাঢ়ি গৈছিল। হায়দৰাবাদ টেষ্টত ভাৰত ২৮ ৰানত পৰাস্ত হয়। ৰোহিত বাহিনীয়ে বিশাখাপট্টনমত ছিৰিজত সমতা স্থাপনৰ লক্ষ্য লৈছিল।

Apply Now

ভাৰতৰ মাটিত একেৰাহে ২ খন টেষ্টত জয়ী হোৱাৰ লক্ষ্যত বেন ষ্ট’কছৰ দলৰ সন্মুখত আছিল ৩৯৯ ৰান। ইয়াৰ আঁৰত আছিল শুভমনৰ দুৰ্দান্ত শতৰাণ। টীম ইণ্ডিয়াক জয়ী হ’বলৈ চতুৰ্থ দিনটোত ৯টা উইকেটৰ প্ৰয়োজন হৈছিল। সেইদৰে ইংলেণ্ডক ৩৩২ ৰানৰ প্ৰয়োজন আছিল।

অৱশেষত ভাৰতীয় শিবিৰত হাঁহি বিৰিঙিল। ৰোহিতৰ টীম ইণ্ডিয়াই ১০৬ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ উপৰিও শৃংখলাটোত সমতা স্থাপন কৰে।

তৃতীয় দিনৰ শেষত ইংলেণ্ডে ১ টা উইকেট হেৰুৱাই ৬৭ ৰান সংগ্ৰহ কৰে। চতুৰ্থ দিনত ভাৰতৰ হৈ প্ৰথমটো উইকেট দখল কৰে অক্ষৰ পেটেলে। তেওঁ ৰেহান আহমেদক ঘূৰাই পঠিয়ায়। জেক ক্ৰ’লিয়ে দৃষ্টিনন্দন অৰ্দ্ধশতক সম্পূৰ্ণ কৰে। তাৰ পাছত ৰবিচন্দ্ৰন অশ্বিনে ভাৰতক তৃতীয় উইকেটটো আনি দিয়ে। ২৩ ৰান সংগ্ৰহ কৰি ঘূৰি যায় অলি পোপ। অধিনায়ক ৰোহিত শৰ্মাই এটা ডাঙৰ কেচ লয়।

ইয়াৰ পিছতে অশ্বিনে জো ৰুটৰ উইকেট দখল কৰি টেষ্ট কেৰিয়াৰৰ ৪৯৯ সংখ্যক উইকেট সম্পূৰ্ণ কৰে। ভাৰতৰ মাটিত দ্বাদশ টেষ্ট মেচ খেলিছিল ৰুটে। তাত তেওঁ ১০০৪ ৰান সম্পূৰ্ণ কৰে। ফিল্ডিং কৰি থাকোঁতে আঙুলিত আঘাত পাইছিল। তথাপিও দ্বিতীয় ইনিংছত বেট কৰিবলৈ নামে। তেওঁ ১৬ ৰান সংগ্ৰহ কৰে।

দুয়োটা দলে মধ্যাহ্ন ভোজনৰ বিৰতিলৈ যোৱাৰ সময়লৈকে ইংলেণ্ডে স্ক’ৰব’ৰ্ডত ১৯৪ ৰান সংগ্ৰহ কৰিছিল। আনহাতে, ভাৰতীয় বলাৰসকলে ৬টা উইকেট দখল কৰে। দ্বিতীয় ছেছনত টম হাৰ্টলী আৰু বেন ফ’কছৰ অষ্টম উইকেটৰ পাৰ্টনাৰশ্বিপ ক্ৰমান্বয়ে কঠিন হৈ পৰে। তাৰ পিছত যশপ্ৰীত বুমৰাহে ফ’কছক কট এণ্ড বল কৰি যুটিটো ভাঙি পেলালে। মুকেশ কুমাৰে শোৱেইব বছিৰক ঘূৰাই পঠিয়াই নৱম উইকেটটো দখল কৰে। তাৰপিছতে বুমৰাহে হাৰ্টলীক ৩৬ ৰানত ঘূৰাই পঠিয়ায় শেষ উইকেটটো দখল কৰে।

ৰবিচন্দ্ৰন অশ্বিনৰ ৫০০ টেষ্ট উইকেটৰ অভিলেখ পূৰ্ণ হয়। দ্বিতীয় টেষ্টত ইংলেণ্ডৰ দ্বিতীয় ইনিংছত যশপ্ৰীত বুমৰাহ আৰু ৰবিচন্দ্ৰন অশ্বিনে ৩টাকৈ উইকেট দখল কৰে। কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু মুকেশ কুমাৰে ১টাকৈ উইকেট দখল কৰে। চাহ বিৰতিৰ পূৰ্বেই ইংলেণ্ডে ২৯২ ৰান সংগ্ৰহ কৰি অল আউট হৈ যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd