• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়ৰ হেট্ৰিকেৰে চেম্পিয়নছ ট্ৰফীত গ্ৰুপৰ শীৰ্ষত ভাৰত; ছেমিত মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2025 7:49 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে ফেভাৰিট হিচাপে চেম্পিয়নছ ট্ৰফীত প্ৰৱেশ কৰিছিল ভাৰতে। ফলাফল আশা কৰা মতেই হ’ল। কিন্তু আচল পৰীক্ষা আছিল নিউজিলেণ্ডৰ বিৰুদ্ধে। নিজৰ ঘৰুৱা মাটিত টেষ্টত ভাৰতক পৰাস্ত কৰা দলটোৰ বিৰুদ্ধে এদিনীয়া মেচত জিলিকি উঠিব পাৰিবনে টিম ইণ্ডিয়াই? গ্ৰুপ পৰ্যায় শীৰ্ষত শেষ কৰিব পাৰিবনে? উত্তৰ অৱশ্যে ভাৰতৰ পক্ষেই থাকিল।

টছত জয়ী নোহোৱাৰ লগতে স্ক’ৰব’ৰ্ডত বৃহৎ ৰান নথকা সত্ত্বেও ৰোহিত শৰ্মাৰ দলটোৱে জয়ৰ হেট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয়। ৰোহিতে আকৌ এবাৰ জোৰ দি কয় যে দলটো কোনো এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। নিউজিলেণ্ডক পৰাস্ত কৰাটো কেৱল টীম গেমতহে সম্ভৱ হ’ল।

Apply Now

দেওবাৰে যুঁজখন মূলতঃ ভাৰতৰ বেটিং আৰু নিউজিলেণ্ডৰ স্পিনৰ মাজত আছিল। অৱশ্যে মেথিউ হেনৰীয়ে সকলো সমীকৰণ সলনি কৰি দিলে। তেওঁৰ বিধ্বংসী গতিৰ বাবে ভাৰতীয় টপ অৰ্ডাৰ সম্পূৰ্ণৰূপে তচনচ বৈ পৰে। ৰোহিত (১৫)ক আগতীয়াকৈ আউট কৰে জেমিছনে। তাৰ পিছত হেনৰীয়ে দ্ৰুতগতিত গিল আৰু কোহলীক পুনৰ পেভিলিয়নলৈ ঠেলি দিলে।

দায়িত্ব চম্ভালে শ্ৰেয়াছ আয়েৰ আৰু অক্ষৰ পেটেলে। তেওঁলোকৰ পাৰ্টনাৰশ্বিপেৰে দলটোৱে ঘূৰি আহিল। শ্ৰেয়াছে চাপৰ মুহূৰ্তত নিজৰ শীতল মস্তিষ্কৰে ৭৯ ৰান সংগ্ৰহ কৰে। ৪টা চাৰি আৰু দুটা ছয় মাৰে। হাৰ্দিক পাণ্ডিয়াৰ ফাইটিং ইনিংছে ভাৰতক যুঁজ দিব পৰ পজিচনলৈ নিলে।

অৱশ্যে এনে পৰিস্থিতিত বেটিং ক্ৰমত অক্ষৰক আগলৈ আৰু কে এল ৰাহুলক পিছলৈ অনাৰ দল পৰিচালনাৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে এই আলোচনাত ৰোহিত বিশেষভাৱে প্ৰভাৱিত নহ’বও পাৰে কিয়নো অক্ষৰে স্ক’ৰব’ৰ্ডত ৪২ ৰান সংযোজন কৰে।

ৰোহিত-বিৰাট-গিলৰ বিফলতাৰ দিনটোত শ্ৰেয়াছ, অক্ষৰ আৰু হাৰ্দিকৰ দায়িত্বশীল বেটিঙে আশাৰ সঞ্চাৰ কৰিছে। ইয়াত দলটোৱে স্পষ্ট কৰি দিলে যে বিশ্বৰ এক নম্বৰ দল ভাৰতক প্ৰতিহত কৰাটো অসম্ভৱ। তেওঁলোক অপ্ৰতিৰোধ্য।

বলিং বিভাগৰ ক্ষেত্ৰতো একেই কথা। প্ৰথম দুখন মেচত বেঞ্চত বহি থকা স্পিনাৰগৰাকীয়ে আজি উইলিয়ামছনৰ আতংকৰ সৃষ্টি কৰে। তেওঁ হৈছে বৰুণ চক্ৰৱৰ্তী। ৰাণাৰ ঠাইত আৰম্ভণিৰ একাদশত স্থান লাভ কৰাৰ সুযোগ পোৱাৰ লগে লগে নিজৰ সৰ্বস্ব উজাৰি দিলে। তেওঁৰ ঘূৰ্ণীৰ জালত নিউজিলেণ্ডৰ বেটাৰ আবদ্ধ হৈ পৰিল। ২৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰি নিউজিলেণ্ডে ২০৫ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়।

অৱশ্যে এটা অধ্যায় শেষ হোৱাৰ লগে লগে ৰোহিতে আন এক কঠিন পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব। গ্ৰুপৰ শীৰ্ষস্থান দখল কৰাৰ পিছত শেষৰ চাৰিটাত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হ’ব অষ্ট্ৰেলিয়া। ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত তেওঁলোকৰ হাতত পৰাস্ত হোৱাৰ আঘাত এতিয়াও সজীৱ হৈ আছে।

অষ্ট্ৰেলিয়াৰ দলটোৱে যিকোনো মুহূৰ্ততে খেল ঘূৰাই দি আচৰিত কৰিব পাৰে। ফলত টিম ইণ্ডিয়াই ভালদৰেই জানে যে ফাইনেলৰ পথ একেবাৰে সহজ নহয়। সেয়ে একেৰাহে জয়ী হোৱাৰ পিছতো ৰোহিতৰ বাবে আত্মতুষ্টিৰ কোনো স্থান নাই। বৰঞ্চ গম্ভীৰৰ দৃষ্টি এতিয়া মঙলবাৰে ট্ৰেভিছ হেডক নিৰস্ত্ৰ কৰাৰ কৌশল উদ্ভাৱনৰ ওপৰত। কাৰণ এই মেচখনেই ভাৰতীয় দলত তেওঁৰ ভৱিষ্যত নিৰ্ণয় কৰিব। আনখন ছেমি ফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ২৪৯/৯ (শ্ৰেয়াছ-৭৯, হাৰ্দিক-৪৫, হেনৰী-৪২/৫)

নিউজিলেণ্ডঃ ২০৫/১০ (উইলিয়ামছন-৮১, বৰুণ-৪২/৫)

ভাৰতে ৪৪ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd