• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱাংখেড়েত সূৰ্যৰ বেটিং উত্তাপ! আমেৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ টিম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 8:27 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটত আমেৰিকা তেনেই নতুন দল। সেইবুলি উৰুৱাই দিব পৰা দল নহয়। অৱশ্যে শনিবাৰৰ মেচখন ভবাৰ দৰে সহজ নাছিল। প্ৰথমে বেটিং কৰিবলৈ নামি শ্বেডলী ভান শ্বুকউইক নামৰ এজন ‘অখ্যাত’ মধ্যমীয়া পেচাৰৰ সন্মুখত ভাৰতৰ বেটিং অৰ্ডাৰ অসহায়ভাৱে ভাঙি পৰে।

অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ অবিশ্বাস্য ইনিংছটোৰ বাবেই টিম ইণ্ডিয়াই ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ উত্তৰত আমেৰিকাক ৮ উইকেটত ১৩২ ৰানত স্তব্ধ কৰি দিয়া হয়। আমেৰিকান বাহিনীক ২৯ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰে টিম ইণ্ডিয়াই।

Apply Now

১৯ মাহৰ আগৰ ব্ৰীজটাউনৰ সেই যাদুকৰী নিশাটোৰ স্মৃতি এতিয়াও ভাৰতীয় অনুৰাগীৰ মনত খোদিত হৈ আছে। ষ্টেডিয়ামৰ মাজভাগত ত্ৰিৰংগা উত্তোলন কৰা দৃশ্যটো এতিয়াও সজীৱ হৈ আছে। ৮ মাৰ্চত পুনৰ এনে দৃশ্য দেখা যাবনে? আগতীয়াকৈ কোৱাটো টান। অৱশ্যে উল্লেখযোগ্য যে সূৰ্যকুমাৰৰ দলটো টি-২০ বিশ্বকাপ জয়ৰ অন্যতম ফেভাৰিট।

২০২৪ চনৰ বিশ্বকাপৰ পিছত ভাৰতে ৮৮ শতাংশ খেলত জয়লাভ কৰিছে। পৰিসংখ্যা অনুসৰি টিম ইণ্ডিয়াই সমগ্ৰ বিশ্বতে ‘দমন’ চলাই আহিছে। কিন্তু আমেৰিকাৰ বিৰুদ্ধে অভিযানৰ আৰম্ভণিতে ভাৰতীয় বেটিং বিভাগে এক বৃহৎ দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হয়।

প্ৰথমখন মেচত টছে সূৰ্যকুমাৰ যাদৱক সহায় কৰা নাছিল। আমেৰিকাৰ অধিনায়ক মনাংক পেটেলে ভাৰতক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। ২২ গজত ধুমুহাৰ সৃষ্টি কৰিবলৈ অপেক্ষা কৰি আছিল অভিষেক শৰ্মা, ঈশান কিষাণ, তিলক ভাৰ্মা। কিন্তু সেয়া কি? বেটিং ক্ৰমত ডাঙৰ নামবোৰ বিফল হ’ল। তেওঁলোকৰ দমনীয় মনোভাৱৰ ভুল ক’ত আছিল সেয়া স্পষ্ট হোৱা নাছিল।

আৰম্ভণিতে কভাৰৰ ওপৰেৰে মাৰিবলৈ চেষ্টা কৰি  আলি খানৰ বলত সঞ্জয়ৰ হাতত কেচ দি গোল্ডেন ডাক লৈ ওভতে অভিষেক। তাৰ পাছত ঈশান কিষাণ আৰু তিলক ভাৰ্মাই আগ্ৰাসী বেটিং কৰি আছিল। অৱশ্যে ঈশানৰ যুঁজখন ১৬টা বলত ২০ ৰানেৰে সমাপ্ত হয়। তিলক ২৫ ৰান সংগ্ৰহ কৰি উভতি আহে। শিৱম ডুবেও প্ৰথমটো বলতে উভতি আহে। যোৱা বিশ্বকাপৰ পাছত পাৱাৰ প্লে’ত ভাৰতে তৃতীয় সৰ্বনিম্ন স্ক’ৰ কৰিছিল। ৪ উইকেটত ৪৬ ৰান।

তাৰ পাছত কেবল অহাযোৱাৰ পাল। শিৱম ডুবে (০), ৰিংকু সিং (৬), হাৰ্দিক পাণ্ডিয়া (৫), অক্ষৰ পেটেল (১৪) এজন এজনকৈ ব্যৰ্থ হয়। এফালে যেতিয়া টিম ইণ্ডিয়াই একেৰাহে উইকেট হেৰুৱাই থাকিল, অধিনায়ক সূৰ্য্যই তেতিয়াও সংগ্ৰাম কৰি আছিল। অক্ষৰৰ সৈতে তেওঁ এটা সৰু পাৰ্টনাৰশ্বিপো গঢ়ি তুলিছিল। পিছত অৰ্শদীপৰ সৈতেও যুটী বন্ধাৰ চেষ্টা কৰে। শেষত ভাৰতীয় অধিনায়কগৰাকীয়ে ৪৯টা বলত ৮৪ ৰানৰ অনবদ্য ইনিংছ খেলে। ভাৰতৰ স্ক’ৰ ৯ উইকেটত ১৬১ ৰান।

ইয়াৰ উত্তৰত আমেৰিকাই ভাৰতীয় বলাৰৰ সন্মুখত পৰিত্ৰাণৰ উপায় বিচাৰি নাপালে। ইতিমধ্যে ভাৰতে ৱাংখেড়েত বেটিং অনুকূল খেলপথাৰৰ ভিন্ন আচৰণ পৰীক্ষা কৰিছিল। কিন্তু ইয়াৰ পৰা শিকিব পৰা নাছিল আমেৰিকান ক্ৰিকেটাৰসকলে। দ্বিতীয় অভাৰত আন্দ্ৰে গাউছক ঘূৰাই পঠিয়ায় ছিৰাজে। গাউছে ৬ ৰান সংগ্ৰহ কৰে। তৃতীয় অভাৰত আমেৰিকাৰ দ্বিতীয় উইকেট পৰে। মনাংক (০)ক অৰ্শদীপে এলবিডব্লিউ কৰে। তেনেতে পুনৰ উজলি উঠিল ছিৰাজ। তেওঁ ছাইটজাক মাত্ৰ ২ ৰানত ড্ৰেছিং ৰুমৰ পথ দেখুৱাই দিলে।

১৩ ৰানত ৩ উইকেট হেৰুৱাই সংগ্ৰাম কৰি থকা আমেৰিকাৰ ব্ৰিগেডৰ হেঁচা দূৰ কৰাৰ দায়িত্ব লয় মিলিন্দ কুমাৰ আৰু সঞ্জয় কৃষ্ণমূৰ্তিয়ে। তেওঁলোকৰ পাৰ্টনাৰশ্বিপে ৪৮ ৰান সংযোজন কৰে। তেনেতে মিলিন্দ অদ্ভুতভাৱে আউট হয়। বলটো ঈশানৰ ওচৰলৈ যোৱাৰ পিছত তেওঁ ক্ৰীজ এৰি ওলাই আহিল। ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে তেওঁক সহজেই ষ্টাম্প আউট কৰে। তাৰ পিছত সঞ্জয়ে এটা ডাঙৰ শ্বট মাৰিবলৈ গৈ ব্যক্তিগত ৩৭ ৰানত আউট হৈ আহিল।

স্ক’ৰবুক নোখোলাকৈয়ে আউট হৈছিল আক্সাৰ। মহছিনে ৮ ৰান সংগ্ৰহ কৰি উভতি আহে। শেষত আমেৰিকাৰ ইনিংছ ১৩২ ৰানত স্তব্ধ হৈ পৰে। সূৰ্যকুমাৰৰ ভাৰতে ২৯ ৰানত জয়লাভ কৰি টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰে। শেষৰ বলত এটা উইকেট লোৱা ছিৰাজে লাভ কৰে ৩টা উইকেট। অৰ্শদীপ, অক্ষৰ পেটেলে দুটাকৈ উইকেট সংগ্ৰহ কৰে। বৰুণ চক্ৰৱৰ্তীয়ে ১ টা উইকেট দখল কৰে। অৱশ্যে আমেৰিকাৰ দৰে দলৰ বিৰুদ্ধে ভাৰতৰ বেটিং প্ৰদৰ্শনে টিম মেনেজমেন্টক চিন্তিত কৰি ৰাখিব।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৬১/৯ (সূৰ্যকুমাৰ ৮৪, তিলক ২৫, শকৱিক ২৫/৪, হৰমীত ২৬/২)

আমেৰিকাঃ ১৩২/৮ (শুভম ৩৭, সঞ্জয় ৩৭, ছিৰাজ ২৯/৩, অৰ্শদীপ ১৮/২)

ভাৰতে ২৯ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd