• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামাজিক সংকোচ নে আন কিবা? পৰৱৰ্তী লোকপিয়লত নাথাকিব দেশৰ অঘৰী-ভিক্ষাৰীৰ সুকীয়া হিচাপ

লোকপিয়লৰ প্ৰশ্নসূচীত 'অৰ্থনৈতিকভাৱে সক্ৰিয় নোহোৱা কাৰ্যকলাপ' (Non-Economic Activity)-ৰ তালিকাৰ পৰা ‘ভিক্ষাৰী আৰু অঘৰী’ বিভাগটো এইবাৰ বাদ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 1:44 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সৰ্বাধিক ভিক্ষাৰী কোনখন ৰাজ্যত আছে? বিগত লোকপিয়লৰ হিচাপ অনুসৰি দেশৰ ভিতৰতে সৰ্বাধিক ভিক্ষাৰী আছিল পশ্চিমবঙ্গত। কিন্তু পৰৱৰ্তী সময়ত কোনখন ৰাজ্যত কিমান ভিক্ষাৰী আছে, সেই হিচাপ আৰু পাবলৈ নাই। কিয়নো, আগন্তুক লোকপিয়লত ভিক্ষাবৃত্তিৰ সৈতে জড়িত লোকসকলৰ তথ্য পৃথকে সংগ্ৰহ কৰা নহ’ব। লোকপিয়লৰ প্ৰশ্নসূচীত ‘অৰ্থনৈতিকভাৱে সক্ৰিয় নোহোৱা কাৰ্যকলাপ’ (Non-Economic Activity)-ৰ তালিকাৰ পৰা ‘ভিক্ষাৰী আৰু অঘৰী’ (Beggars and vagrants) বিভাগটো এইবাৰ বাদ দিয়া হৈছে।

 

Apply Now

চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘টাইমছ অৱ ইণ্ডিয়া’ই প্ৰকাশ কৰা অনুসৰি, বিগত লোকপিয়লত এই বিভাগটোত অতি কম পৰিমাণৰ তথ্যহে লাভ কৰা গৈছিল। সেই কাৰণেই এইবাৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পিআইবিৰ (PIB) তথ্য অনুসৰি, ২০১১ চনৰ লোকপিয়লত দেশত ৪ লাখৰো কিছু অধিক লোকক ভিক্ষাৰী আৰু বঘূৰে হিচাপে নথিবদ্ধ কৰা হৈছিল।

 

‘অন্যান্য’ বিভাগত কৰা হ’ব অন্তৰ্ভুক্ত

 

২০১১ চনৰ লোকপিয়ল বা তাৰ পূৰ্বৰ লোকপিয়লসমূহত ‘অৰ্থনৈতিকভাৱে সক্ৰিয় নোহোৱা কাৰ্যকলাপ’-ৰ তালিকাত শিক্ষাৰ্থী, পেঞ্চনভোগী, ঘৰুৱা কামত নিয়োজিত ব্যক্তি আৰু আনৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ সমান্তৰালকৈ ভিক্ষাৰী আৰু বঘূৰেসকলকো পৃথকে নথিবদ্ধ কৰা হৈছিল। নতুন নিয়ম অনুসৰি, এতিয়া তেওঁলোকক ‘অন্যান্য’ (Others) বিভাগৰ অন্তৰ্ভুক্ত কৰিহে গণনা কৰা হ’ব। ইয়াৰ ফলস্বৰূপে দেশত ভিক্ষাৰীৰ প্ৰকৃত সংখ্যা, তেওঁলোকৰ বয়স, তেওঁলোক কোনখন ৰাজ্যৰ বাসিন্দা বা তেওঁলোকৰ শিক্ষাগত অৰ্হতা কি— সেয়া লোকপিয়লৰ তথ্যত পৃথকে উল্লেখ নাথাকিব।

 

কিয় লোৱা হ‘ল এই সিদ্ধান্ত?

 

সূত্ৰৰ দাবী অনুসৰি, পূৰ্বৰ লোকপিয়লসমূহত ‘ভিক্ষাৰী আৰু অঘৰী’ বিভাগত লাভ কৰা সংখ্যাখিনিক নিৰ্ভৰযোগ্য তথ্য বুলি বিবেচিত কৰা হোৱা নাছিল। সমাজত ‘কলংকিত’ হোৱাৰ ভয়ত বা সামাজিক সংকোচনৰ বাবে বহুতেই নিজকে এই বিভাগত নথিবদ্ধ কৰিবলৈ অস্বীকাৰ কৰিছিল। কেৱল বিগত লোকপিয়লতেই নহয়, ১৯৯১ আৰু ২০০১ চনৰ লোকপিয়লতো এই বিষয়টোত আশানুৰূপ তথ্য পোৱা হোৱা নাছিল। পৰিসংখ্যা অনুসৰি, ১৯৯১ চনত প্ৰায় ৫.৪ লাখ আৰু ২০০১ চনত ৬.৩ লাখৰো অধিক লোকক এই বিভাগত নথিবদ্ধ কৰা হৈছিল। আনহাতে ২০১১ চনত এই সংখ্যা আছিল ৩.৮ লাখ।

 

২০১১ৰ লোকপিয়লত শীৰ্ষত থকা ৫ খন ৰাজ্য

 

যোৱা লোকপিয়লৰ তথ্য অনুসৰি, ভিক্ষাৰীৰ সংখ্যাৰ ফালৰ পৰা দেশৰ ভিতৰতে শীৰ্ষত আছিল পশ্চিমবঙ্গ। সেই সময়ৰ শীৰ্ষ ৫ খন ৰাজ্য আছিল ক্ৰমে পশ্চিমবঙ্গ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, বিহাৰ আৰু মধ্য প্ৰদেশ। পৰিসংখ্যা অনুসৰি সেই সময়ত পশ্চিমবঙ্গত ৮১,২৪৪ জন, উত্তৰ প্ৰদেশত ৬৫,৮৩৫ জন, অন্ধ্ৰ প্ৰদেশত ৩০,২১৮ জন, বিহাৰত ২৯,৭২৩ জন আৰু মধ্য প্ৰদেশত ২৮,৬৯৫ জন ভিক্ষাৰী নথিবদ্ধ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm
বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd