• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰফ গলা নাই: কাইলৈ পুনৰ ভাৰত-চীনৰ মাজত একাদশ লানি আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 2:06 pm
a china
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখ সংকট সন্দৰ্ভত এতিয়া সম্পূৰ্ণ ৰূপে গলা নাই বৰফ। চীন আৰু ভাৰতৰ মাজত ইতিমধ্যে দহ লানি আলোচনা হোৱাৰ পিছতো লডাখৰ পৰা সম্পূৰ্ণ ৰূপে আঁতৰি যোৱা নাই চীনৰ সেনা।

সেয়ে ৯ এপ্ৰিল অৰ্থাৎ কাইলৈ পুনৰ বাৰত আৰু চীনৰ মাজত একাদশ লানি আলোচনা অনুষ্ঠিত হ’ব।

Apply Now

কাইলৈৰ আলোচনাত মূলতঃ ডেপচাং আৰু ডোগ্ৰাৰ পৰা চীনৰ সেনা আঁতৰ কৰাৰ বিষয়ত ভাৰতে চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য ভাৰত আৰু চীনৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে শেহতীয়াকৈ পুনৰ দুয়ো খন দেশৰ সেনাৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ মাজত সীমা সমস্যাক লৈ কেইবালানি  আলোচনা অনুষ্ঠিত হৈছে ।

কিছুদিন পূৰ্বে মলডো অঞ্চলত অনুষ্ঠিত আলোচনাত চীন-ভাৰত দুয়োখন দেশে দোপচাঙৰ লগতে লাডাখৰ অন্যান্য প্ৰান্তৰ পৰা সেনা অপসাৰণ কৰিব বুলি সহমত ব্যক্ত কৰিছিল যদিও আজিলৈকে চীনে লাডাখৰ পৰা বায়ু সেনা বাহিনীক অপসাৰণ কৰা নাই।

ফলত নিৰাপত্তাৰ খাতিৰত ভাৰতেও লাডাখৰ পৰা দেশ খনৰ বায়ু সেনা বাহিনী অপসাৰৰণ কৰিব পৰা নাই।

শেহতীয়া আলোচনাত দুয়ো খন দেশৰ সেনাৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিল। আলোচনাত পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ দিশৰ পৰা সেনা অপসাৰণৰ বিষয়টো খৰচি মাৰি আলোচনা কৰা হৈছিল।

ইতিমধ্যে দুয়ো দেশৰ মাজত হোৱা নৱম লানি আলোচনাৰ পিছতে ভাৰত আৰু চীনে সীমান্তৰ পৰা বৃহৎ সংখ্যক সেনা আঁতৰাই নিছিল।

শেহতীয়া  আলোচনাত  সীমান্তৰ আন বিবদমান অঞ্চলৰ পৰা সেনা আঁতৰাই নিয়াৰ বিষয়টো আলোচনা কৰা হৈছিল।

বিশেষকৈ ডেপচাং উপত্যকা আৰু গোগ্ৰা হটস্প্ৰীং অঞ্চলত থকা চীনা সেনা আঁতৰাই নিয়াৰ বাবে ভাৰতে চীনক  হেঁচা দিছিল আৰু চীনে সেয়া  মানিও লৈছিল।

সেই সময়ত অনুষ্ঠিত আলোচনাত ভাৰতৰ পক্ষৰ হৈ উপস্থিত আছিল  ভাৰতীয় সেনাৰ ১৪ কৰ্পৰ  কমাণ্ডাৰ লেফটেণ্ট জেনেৰেল পিজিকে মেনন আৰু চীনৰ হৈ উপস্থিত আছিল দক্ষিণ জিনজিয়াং অঞ্চলৰ সামৰিক কমাণ্ডাৰ লিউ লিন।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ যুটী সচিব নবীন শ্ৰীবাস্তৱো আলোচনাত উপস্থিত থকা বুলি ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছিল।

উল্লেখ্য চীনে লাডাখ আৰু ডেপচাং অঞ্চলত  দুয়ো খন দেশৰ প্ৰায় ৫০,০০০ সেনা এতিয়াও মোতায়েন কৰি ৰখা হৈছিল যদিও বহু সেনা ইতিমধ্যে আতঁৰাই নিয়া হৈছে।

কিন্তু এতিয়ালৈকে বায়ু সেনা বাহিনী আঁতৰাই নিয়া হোৱা নাই।

সেয়ে ভাৰতেও সীমান্তৱৰ্তী বায়ু সেনাৰ ঘাটি সমূহত মিৰেজ যুদ্ধ বিমানকে ধৰি সুখয়-৩০ এম কে আই,জাগুৱাৰ আদি বিমান সাজু কৰি ৰাখিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd