• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

T20 World Cup Final: ত্ৰাহি মধুসূদন দেখিলে নিউজিলেণ্ডে! ইতিহাস ৰচনা কৰি বিশ্বকাপ জয় টিম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2026 7:56 am
50
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ইতিহাস ৰচনা কৰিলে টিম ইণ্ডিয়াই। ফাইনেলত ২৫৫ ৰানৰ বিশাল লক্ষ্যৰ পিছত খেদি নিউজিলেণ্ডে প্ৰথমে যুঁজৰ পৰিচয় দেখুৱাইছিল যদিও শেষত যশস্প্ৰীত বুমৰাহৰ দুৰ্দান্ত স্পেল আৰু ভাৰতৰ অনুশাসিত বলিঙৰ সন্মুখত নিউজিলেণ্ড ভাঙি পৰে। বুমৰাহে একেৰাহে ইয়ৰ্কাৰৰ সহায়ত কিউইৰ বেটিং লাইন আপ ধ্বংস কৰি বাস্তৱিকতে মেচখন শেষ কৰে। আহমেদাবাদ ষ্টেডিয়াম আনন্দ উল্লাসত কঁপি উঠে। টিম ইণ্ডিয়াই পুনৰবাৰ বিশ্ব চেম্পিয়নৰ মুকুট পিন্ধিলে।

সঞ্জু চেমচন আৰু অভিষেক শৰ্মাই বেটেৰে ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰে। আৰম্ভণিৰে পৰাই কিউই বলাৰৰ ওপৰত ধুমুহাৰ সৃষ্টি কৰিছিল। পাৱাৰপ্লে’ত অভিলেখ সৃষ্টি কৰি ৯২ ৰান সংগ্ৰহ কৰি মেচখনৰ গতি ঘূৰাই দিয়ে। ছেমছনৰ ৮৯ ৰানৰ বিস্ফোৰক আৰু ঈশান কিষানৰ দ্ৰুত অৰ্ধশতকেৰে ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ২৫৫ ৰান সংগ্ৰহ কৰে। পিছত অক্ষৰ পেটেল, বুমৰাহ আদি বলাৰসকলে একেৰাহে উইকেট দখল কৰি খেলখন ভাৰতৰ হাতৰ মুঠিত ৰাখি অৱশেষত কিউইৰ প্ৰতিৰোধ ভাঙি বিশ্বকাপৰ ট্ৰফী টিম ইণ্ডিয়াৰ হাতত তুলি দিয়ে।

Apply Now

শেষত ভাৰতৰ উদযাপনেৰে সকলো সামৰণি পৰিল। নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপ চেম্পিয়ন হ’ল ভাৰত। অভিষেক শৰ্মাই শেষ উইকেটটো লয়, আৰু তিলক ভাৰ্মাই লং অন বাউণ্ডেৰীত এটা দুৰ্দান্ত কেচ লয়। নিমিষতে সমগ্ৰ ষ্টেডিয়ামতে উদযাপন আৰম্ভ হৈ পৰে । ঘৰুৱা খেলপথাৰত বিশ্বকাপ জয়ৰ এই স্মৰণীয় নিশা ভাৰতীয় দলটোৱে প্ৰমাণ কৰিলে যে এই দলটো হয়তো টি-২০ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ দল।

কিউইৰ সন্মুখত লক্ষ্য ইমানেই বেছি আছিল যে মেচখন প্ৰায় একপক্ষীয় হৈ পৰিছিল। বিশাল ৰান খেদি নিউজিলেণ্ডে প্ৰথম পাঁচ অভাৰত ফিন এলেন, ৰাচিন ৰবীন্দ্ৰ আৰু গ্লেন ফিলিপছক হেৰুৱাই চাপত পৰিছিল। পিছত হাৰ্দিক পাণ্ডিয়াই মাৰ্ক চেপমেনক ঘূৰাই পঠিয়ায়। টিম ছেইফাৰ্টে অৱশ্যে যুঁজি অৰ্ধশতক অৰ্জন কৰে যদিও তেওঁ আউট হোৱাৰ লগে লগে কিউই দলটোৱে প্ৰায় মেচখনৰ পৰা আঁতৰি গৈছিল। ইয়াৰ পিছত অবিৰতভাৱে উইকেট পৰিগৈ থাকিল—ডেৰিল মিচেলও অক্ষৰ পেটেলৰ চিকাৰ হ’ল। শেষত যশপ্ৰীত বুমৰাহে ৪ উইকেট আৰু অক্ষৰ পেটেলে ৩ উইকেট দখল কৰি নিউজিলেণ্ডৰ ইনিংছৰ মেৰুদণ্ড ভাঙিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে ভাৰতীয় বেটছমেনসকলে বেটিঙেৰে আহমেদাবাদৰ আকাশত ধুমুহাৰ সৃষ্টি কৰিছিল। অভিষেক শৰ্মাৰ ২১ বলত ৫২ ৰান আৰু সঞ্জু চেমছনৰ ৮৯ ৰানৰ বিস্ফোৰক ইনিংছে নিউজিলেণ্ডৰ বলিং আক্ৰমণক একেবাৰে দিশহাৰা কৰি পেলায়। শক্তি আৰু শৈলীৰ সংমিশ্ৰণেৰে চেমচনৰ বেটৰ পৰা ধাৰাবাহিকভাৱে ছয় ওলাই আহিছিল — লং অন, স্কেৱৰ লেগ আৰু চিধাই বলটো পোনে পোনে খেলপথাৰৰ ওপৰেৰে উৰি গৈছিল।

তেওঁৰ সৈতে একেলগে তাণ্ডৱ চলাই ঈশান কিষাণে মাত্ৰ ২৫টা বলত ৫৪ ৰান সংগ্ৰহ কৰি দলৰ স্ক’ৰ আৰু অধিক বৃদ্ধি কৰে। তিনিওজন বেটছমেনৰ বিস্ফোৰক বেটিঙৰ জৰিয়তে ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ২৫৫ ৰানৰ পাহাৰ গঢ়ি তোলে। অভিষেক আৰু চেমছনৰ অপেনিং ৪৩টা বলত ৯৮ ৰানৰ পাৰ্টনাৰশ্বিপে খেলখনৰ আৰম্ভণিতে ভাৰতৰ আধিপত্য স্পষ্ট কৰি দিয়ে। পিছত ঈশান কিষানৰ সৈতে  ৪৮ বলত ১০৫ ৰানৰ পাৰ্টনাৰশ্বিপে ভাৰতক ২০০ৰ সীমা অতিক্ৰম কৰি পেলায়।

যদিও জিমি নিছামৰ এটা অভাৰত ছেমছন, কিষাণ আৰু সূৰ্যকুমাৰ যাদৱ আউট হোৱাত সামান্য বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, তেতিয়ালৈকে খেলখনৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে ভাৰতৰ হাতত আছিল। শেষৰ ফালে শিৱম ডুবেৰ নিৰ্দয় প্ৰহাৰে ভাৰতৰ স্ক’ৰ ২৫০ৰ বহু ওপৰলৈ লৈ গ’ল আৰু সেই বৃহৎ ৰানে অৱশেষত ভাৰতৰ বাবে বিশ্বকাপ জয়ৰ মঞ্চ তৈয়াৰ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd