• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে শ্বাসৰুদ্ধকাৰী মেচত শেষ হাঁহি মাৰিলে ভাৰতে; এইবাৰ ফাইনেলত অভিলেখৰ অপেক্ষা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2026 8:29 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত বনাম ইংলেণ্ডৰ ছেমি ফাইনেল খেলখন শেষ অভাৰলৈকে উত্তেজনাপূৰ্ণ হৈ আছিল। ইংলেণ্ডক ছেমি ফাইনেলত পৰাস্ত কৰি ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে সূৰ্যকুমাৰৰ দলটোৱে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰিলেই ভাৰতে একেৰাহে দুবাৰকৈ টি-২০ বিশ্বকাপ চেম্পিয়ন হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে ইতিহাস ৰচনা কৰিব।

ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত সূৰ্য কুমাৰ যাদৱৰ দলটোৱে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিলে। ইংলেণ্ডৰ অধিনায়ক হেৰী ব্ৰুক’ৰ ভুলৰ বাবে তেওঁৰ দলটোৱে টছত জয়ী হৈও প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ল’লে, সঞ্জু চেমছনৰ সহজ কেচৰ পৰা আৰম্ভ কৰি – সকলোবোৰে ভাৰতক সুবিধা আনি দিলে।

Apply Now

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলা সঞ্জুৱে এইবাৰো দুৰ্দান্ত খেল প্ৰদৰ্শন কৰে। তেওঁ ৮টা চাৰি আৰু ৭টা ছয়ৰে ৪২টা বলত ৮৯ ৰান সংগ্ৰহ কৰে। তেওঁ আৰম্ভণিৰে পৰা ইংলেণ্ডৰ বলাৰসকলক আক্ৰমণ কৰিছিল। তেওঁৰ লগত আছিল আক্ৰমণাত্মক ঈশান কিষাণ। কিন্তু অভিষেক শৰ্মাই ছেমি ফাইনেলতো অ’পেন কৰিবলৈ নামি ব্যৰ্থ হয়।

চাৰি নম্বৰ স্থানত নমা শিৱম ডুবেই ২৫টা বলত ৪৩ ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰেও আশা কৰা ধৰণে ৰান কৰাত ব্যৰ্থ হয়। তেওঁ ৬টা বলত ১১ ৰান সংগ্ৰহ কৰি আউট হয়। কিন্তু তাৰ পাছতো ভাৰতৰ ৰান সংগ্ৰহৰ গতি বন্ধ নহ’ল। শেষ মুহূৰ্তত হাৰ্দিক পাণ্ডিয়াই ১২টা বলত ২৭ ৰান আৰু তিলক ভাৰ্মাই ৭ টা বলত ২১ ৰান সংগ্ৰহ কৰি ভাৰতৰ বাবে আৰু কিছু ৰান সংযোজন কৰে। ‘মেন ইন ব্লু’ দলটোৱে ২০ অভাৰৰ শেষত ৭ উইকেটত ২৫৩ ৰান সংগ্ৰহ কৰে।

এই হাই ভল্টেজ মেচৰ দিনটোত ইংলেণ্ডৰ বলাৰসকলে কাৰ্যতঃ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। জেকে ৪০ ৰানত ২ টা উইকেট আৰু ৰছিদে ৪১ ৰানত ২ টা উইকেট দখল কৰে যদিও বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে। আৰ্চাৰে ৬১ ৰানত ১ টা উইকেট দখল কৰে। আন বলাৰৰ প্ৰভাৱো সীমিত আছিল।

ইংলেণ্ডৰ বেটিঙত আধিপত্য বিস্তাৰ কৰে ২২ বছৰীয়া জেকব বেথেলে। আৰম্ভণিৰে পৰাই তেওঁ আক্ৰমণাত্মক আছিল। তেওঁ ৪৮টা বলত ১০৫ ৰান সংগ্ৰহ কৰে, য’ত ৮টা চাৰি আৰু ৭টা ছয় অন্তৰ্ভুক্ত। অৱশ্যে মেচখনত জয়ী হ’বলৈ তেওঁৰ প্ৰচেষ্টা যথেষ্ট নহ’ল। ভাৰতৰ ফিল্ডিং আৰু বলিং দুয়োটাই ইংলেণ্ডক চাপত পেলাইছিল। বিশেষকৈ অক্ষৰ পেটেল, আৰ্শদীপ সিং আৰু তিলক ভাৰ্মাৰ কেচ-ফিল্ডিঙে দলটোক সকাহ দিয়ে।

ইংলেণ্ডে ৭ উইকেটত ২৪৬ ৰান সংগ্ৰহ কৰে যদিও ভাৰতে নিৰ্ধাৰিত কৰি দিয়া ২৫৪ ৰানৰ লক্ষ্য পূৰণ কৰিব নোৱাৰিলে। ভাৰতীয় বেটছমেনে আৰম্ভণিৰে পৰাই আক্রমণ কৰি মেচখনৰ প্রতিটো মুহূর্ততে চাপ অব্যাহত ৰাখিছিল, যাৰ ফলত ফাইনেলত প্রৱেশ কৰাটো সহজ হৈ পৰিছিল৷ সঞ্জু চেমছনৰ কথাতো ক’বই নালাগে। ছেমি ফাইনেলত জয়লাভ কৰাৰ পাছত এতিয়া দেওবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।

সঞ্জু চেমছন, ঈশান কিষাণ আৰু শিৱম ডুবেৰ ত্ৰিমূৰ্তিয়ে ভাৰতীয় বেটিঙৰ প্ৰাণ সঞ্চাৰ কৰিছে। তেওঁলোকৰ আক্ৰমণাত্মক খেলৰ শৈলীয়ে ফাইনেলৰ বাবে দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে। শেষত ক’ব পাৰি যে ইংলেণ্ডৰ ভুল আৰু ভাৰতৰ ধাৰাবাহিক আক্ৰমণে ভাৰতক ছেমি ফাইনেলত জয়ী কৰালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd