• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিৱেশ ৰক্ষাত ব্যৰ্থ ভাৰত! বৈশ্বিক সূচকাংকত তলৰ পৰা দ্বিতীয় স্থানত দেশ, দক্ষিণ এছিয়াৰ ভিতৰত সৰ্বনিম্ন

দক্ষিণ এছিয়াৰ আঠখন দেশৰ ভিতৰতো সৰ্বনিম্ন স্থানত ভাৰত; তীব্ৰ বায়ু প্ৰদূষণ, কয়লাভিত্তিক শক্তিৰ ব্যৱহাৰ আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ অভাৱকে এই শোচনীয় অৱস্থাৰ মূল কাৰণ হিচাপে চিহ্নিত কৰিছে গৱেষকসকলে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 13, 2026 4:07 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ প্ৰকাশিত ২০২৬ বৰ্ষৰ পৰিৱেশ প্ৰদৰ্শন সূচকাংকত ভাৰতে এক হতাশজনক প্ৰদৰ্শন দাঙি ধৰিছে। য়েল আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰস্তুত কৰা এই গোলকীয় মূল্যায়নত ১৭৭ খন দেশৰ ভিতৰত ভাৰতে ১৭৬ সংখ্যক স্থান লাভ কৰিছে। পৰিৱেশৰ স্বাস্থ্য, পৰিস্থিতিতন্ত্ৰৰ সজীৱতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই সূচকাংকত ভাৰতে ১০০ ৰ ভিতৰত মাত্ৰ ২২.৪৬ নম্বৰ লাভ কৰি তলৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰিছে। আনহাতে, দক্ষিণ এছিয়াৰ আঠখন দেশৰ ভিতৰতো ভাৰতৰ স্থান একেবাৰে তলত অৰ্থাৎ ভূটান, শ্ৰীলংকা, নেপাল, আফগানিস্তান, পাকিস্তান, মালদ্বীপ আৰু বাংলাদেশৰো পাছত বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে।

প্ৰতি দুবছৰৰ মূৰে মূৰে প্ৰকাশ পোৱা এই সূচকাংকত এইবাৰ ১২ টা শ্ৰেণীৰ ৪৭ টা সূচকৰ ভিত্তিত দেশসমূহৰ মূল্যায়ন কৰা হৈছে। সূচকাংকৰ তিনিটা মূল নীতিগত উদ্দেশ্যৰ ভিতৰত পৰিৱেশৰ স্বাস্থ্যত ভাৰতে ১৭৪, পৰিস্থিতিতন্ত্ৰৰ সজীৱতাত ১৭১ আৰু জলবায়ু পৰিৱৰ্তন প্ৰশমনত ১৩০ সংখ্যক স্থান লাভ কৰিছে। এই তালিকাত ৭৪.৭৯ নম্বৰেৰে এষ্ট‘নিয়াই শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ২১.৭৮ নম্বৰেৰে লাওছে একেবাৰে অন্তিমটো স্থান অৰ্থাৎ ১৭৭ সংখ্যক স্থান পাইছে। একেদৰে ইউৰোপৰ অন্যান্য দেশ ক্ৰমে লাক্সেমবাৰ্গ, যুক্তৰাজ্য, ফিনলেণ্ড আৰু নেদাৰলেণ্ডছে তালিকাৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে।

Apply Now

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, দ্ৰুতগতিত বৃদ্ধি পোৱা বিকাশ আৰু প্ৰদূষণৰ মাজৰ সংঘাতখনেই ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। দেশখনৰ কোটি কোটি মানুহে আধুনিক শক্তি সেৱা লাভ কৰিছে যদিও ইয়াৰ মূল্য হিচাপে চহৰ অঞ্চলৰ বায়ু প্ৰদূষণ আৰু গ্ৰীণহাউচ গেছৰ নিৰ্গমন ভয়াবহভাৱে বৃদ্ধি পাইছে। গৱেষকসকলৰ মতে, ভাৰতৰ এই দুৰ্বল প্ৰদৰ্শনে মূলতঃ ভয়ংকৰ বায়ু প্ৰদূষণ, কয়লাভিত্তিক শক্তিৰ ওপৰত নিৰন্তৰ নিৰ্ভৰশীলতা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অভাৱকে প্ৰতিফলিত কৰে। বিগত দহ বছৰত সূক্ষ্ম কণিকা, কাৰ্বন মন‘ক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ সংস্পৰ্শৰ ফলত মৃত্যু আৰু ৰোগৰ হাৰ বৃদ্ধি পোৱাৰ দিশটোৱেও সূচকাংকত নেতিবাচক প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰিও সাগৰীয় সংৰক্ষিত এলেকা আৰু সামুদ্ৰিক খাদ্য শৃংখলাৰ ক্ষেত্ৰতো ভাৰতৰ প্ৰদৰ্শন নিৰাশাজনক বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে সামগ্ৰিকভাৱে স্থান তলত থাকিলেও বিগত দহ বছৰৰ পৰিৱৰ্তনৰ মাপকাঠিত ভাৰতে কিছু যোগাত্মক ধাৰা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত ভাৰতৰ স্ক‘ৰ হৈছে যোগাত্মক ৭.৪৭ যি ৰোমানিয়া আৰু ডমিনিকান ৰিপাব্লিকৰ দৰে দেশতকৈ উন্নত। পৰিৱেশ প্ৰদৰ্শন সূচকাংকৰ গৱেষণা সঞ্চালক জেকাৰী ৱেণ্ডলিঙৰ মতে, বৰ্তমানৰ পদ্ধতি ঐতিহাসিক তথ্যৰ ওপৰত প্ৰয়োগ কৰিলে দেখা যায় যে সময়ৰ লগে লগে ভাৰতৰ প্ৰদৰ্শন উন্নত হৈছে। যদিও কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গ্ৰীণহাউচ গেছৰ নিৰ্গমন আজিও উচ্চ পৰ্যায়ত আছে, তথাপিও ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইডৰ দৰে প্ৰদূষক বৃদ্ধিৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে বুলি তেওঁ মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ২০২২ চনৰ পৰিৱেশ প্ৰদৰ্শন সূচকাংকত ভাৰতে ১৮০ খন দেশৰ ভিতৰত একেবাৰে অন্তিম স্থান লাভ কৰাৰ সময়ত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এই প্ৰতিবেদনখন পোনচাতেই নাকচ কৰিছিল। মন্ত্ৰালয়ে সূচকাংকৰ পদ্ধতি অবৈজ্ঞানিক বুলি অভিযোগ কৰাৰ লগতে ভাৰতৰ ঐতিহাসিকভাৱে কম জনমূৰি নিৰ্গমনৰ তথ্য ইয়াত অন্তৰ্ভুক্ত হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰত সূচকাংকৰ মুখ্য বিজ্ঞানীগৰাকীয়ে স্পষ্ট কৰি দিছিল যে এই মূল্যায়ন ঐতিহাসিক নিৰ্গমন বা চৰকাৰী নীতিৰ উদ্দেশ্যৰ সলনি পৰিৱেশৰ বৰ্তমানৰ প্ৰকৃত অৱস্থাৰ ওপৰত ভিত্তি কৰিহে কৰা হয়। চলিত বৰ্ষৰ এই নিৰাশাজনক ফলাফলে পুনৰবাৰ দেশৰ পৰিৱেশ সুৰক্ষা আৰু চৰকাৰী নীতিসমূহৰ কাৰ্যকৰীকৰণক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত কেনে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া লক্ষণীয় হ‘ব।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd