• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ ভাৰতত বিপৰ্যস্ত সংবাদ মাধ্যমৰ স্বাধীনতা; সূচকত ১৮০খন দেশৰ ভিতৰত ১৫৭নম্বৰত স্থান লাভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:36 am
ফটো সৌজন্য়ঃ এ আই।

ফটো সৌজন্য়ঃ এ আই।

27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। অৱশ্যে ‘বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ’ ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা বিপৰ্যস্ত! অন্ততঃ ২০২৬ চনৰ ‘ৰিপ’ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছ’ (আৰ এছ এফ)ৰ প্ৰতিবেদনে সেইটোৱেই ইংগিত দিছে। এইবাৰ আৰ এছ এফৰ ‘প্ৰেছ ফ্ৰিডম ইনডেক্স’ত বিশ্বৰ ১৮০খন দেশৰ ভিতৰত ১৫৭ নম্বৰ স্থান লাভ কৰিছে ভাৰতে। যোৱা বছৰৰ তুলনাত (১৫১ নং) ৬ টা স্থান হ্ৰাস পাইছে।

কিন্তু কিয়? কাৰণ, এই গ্লোবেল মিডিয়া নিৰীক্ষণকাৰী সংস্থাটোৱে ব্যাখ্যা কৰিবলৈ গৈ মোডী চৰকাৰৰ স্বৰূপ উদঙাই দিছে। কোনো লুকঢাক নকৰাকৈয়ে তেওঁলোকে কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰতীয় সংবাদ মাধ্যমে ‘অঘোষিত জৰুৰীকালীন অৱস্থা’ৰ সন্মুখীন হৈছে। তেওঁৰ কাৰ্যকালত ভাৰতত হিংসা আৰু সাংবাদিকক আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।

Apply Now

যিহেতু প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ কেইটামান পৰিয়ালৰ হাতত সংবাদ মাধ্যমৰ মালিকীস্বত্ব প্ৰবলভাৱে কেন্দ্ৰীভূত হৈ পৰিছে, সেয়েহে তেওঁলোক ৰাজনৈতিকভাৱে প্ৰভাৱিত হৈছে। প্ৰধানমন্ত্ৰীৰ দল বিজেপি আৰু সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰা প্ৰভাৱশালী বৃহৎ পৰিয়ালসমূহৰ মাজত এক চমকপ্ৰদ বুজাবুজি হৈছে। ৰাজনৈতিক হেঁচা আৰু ‘গোডী মিডিয়া’ৰ উত্থানত মূলসুঁতিৰ সংবাদ মাধ্যমৰ বহুত্ববাদী আৰ্হি প্ৰশ্নৰ সন্মুখীন হৈছে।

এইবাৰৰ প্ৰতিবেদনত আৰ এছ এফে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ নাম লৈও সমালোচনা কৰিছে। ইয়াত কোৱা হৈছে যে নৰেন্দ্ৰ মোদীয়ে সংবাদমেল অনুষ্ঠিত নকৰে। তেওঁ কেৱল সেইসকল সাংবাদিক আৰু ইউটিউবাৰক সাক্ষাৎকাৰ দিয়ে যিয়ে তেওঁক প্ৰশংসা কৰিব। আৰু আনুগত্য প্ৰদৰ্শন নকৰা সাংবাদিকসকলে বিজেপিৰ ট্ৰ’ল বাহিনীৰ পৰা হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

কেতিয়াবা তেওঁলোকক আক্ৰমণ কৰা হয়, কেতিয়াবা তেওঁলোকক ৰাষ্ট্ৰবিৰোধী বুলি লেবেল লগোৱা হয়, আনকি অযুক্তিকৰভাৱে গ্ৰেপ্তাৰ কৰা হয়। সেই সাংবাদিকসকলৰ বিৰুদ্ধে মানহানি, দেশদ্ৰোহ, সন্ত্ৰাসবাদকে ধৰি কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

কিন্তু আৰ এছ এফে দাবী কৰিছে যে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস পাইছে। ২০২৬ চনৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ১৮০খন দেশৰ গড় স্ক’ৰৰ পৰা এটা কথা স্পষ্ট হৈছে যে যোৱা ২৫ বছৰত সংবাদ মাধ্যমৰ স্বাধীনতা কেতিয়াও ইমান তললৈ নমা নাচিল। প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ আধাতকৈ অধিক দেশ ‘গুৰুতৰ’ আৰু ‘অতি গুৰুতৰ’ শ্ৰেণীত পৰিছে।

সংবাদ স্বাধীনতাৰ ক্ষেত্ৰত শীৰ্ষ পাঁচটা স্থানত আচে নৰৱে, নেদাৰলেণ্ড, ইষ্ট’নিয়া, ডেনমাৰ্ক আৰু ছুইডেন। আৰু আটাইতকৈ তলৰ স্থানত আছে চৌদি আৰব, ইৰাণ, চীন, উত্তৰ কোৰিয়া আৰু ইৰিত্ৰিয়া। চীন (১৭৮ নং)ৰ বাহিৰে বাকী চুবুৰীয়া দেশসমূহ ভাৰততকৈ আগবাঢ়ি আছে। যেনে নেপাল (৮৭ নং), শ্ৰীলংকা (১৩৪ নং), ভূটান (১৫০ নং), বাংলাদেশ (১৫২ নং) আৰু পাকিস্তান (১৫৩ নং)।

 এই প্ৰতিবেদনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভূমিকাকো তীব্ৰ সমালোচনা কৰা হৈছে। ২০২৪ চনত আমেৰিকা ‘অতি ভাল’ শিতানৰ পৰা ২০২৬ চনত ‘সমস্যাজনিত’ শিতানলৈ নামি আহিছে। ট্ৰাম্পৰ দেশখন ৭ টা স্থান হ্ৰাস পাই ৬৪ নম্বৰত উপনীত হৈছে।

আৰ এছ এফে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰতো তীব্ৰ বাক্য়বান নিক্ষেপ কৰি কয় যে পুটিনৰ ৰাছিয়া সন্ত্ৰাসবাদ বিৰোধী, বিচ্ছিন্নতা বিৰোধী আৰু উগ্ৰবাদ বিৰোধী আইন ব্যৱহাৰ কৰি সংবাদ মাধ্যমৰ স্বাধীনতাক স্তব্ধ কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞ হৈ পৰিছে। সূচকত দেশখন ১৭২ নম্বৰ স্থানত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

August 11, 2026 3:40 pm
ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

ইৰাণৰ ভাবুকি! ফুড কেটাৰিং ট্ৰাকত লুকাই সামৰিক বিমানত উঠিছিল ট্ৰাম্পে; তুৰস্ক ভ্ৰমণৰ বিস্ফোৰক প্ৰতিবেদন

August 11, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd