• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিৰ্বিকাৰ প্ৰশাসন! দেশত বৃদ্ধি পাইছে ভেজাল খাদ্যৰ সন্ত্ৰাস; চৰকাৰৰ ছত্ৰছায়াত চলিছে নেকি ভেজাল খাদ্যৰ ৰমৰমীয়া বেহা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2026 12:03 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশজুৰি ভেজাল আৰু ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰীৰ পয়োভৰে জনস্বাস্থ্যক লৈ উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে পোহৰলৈ আহিছে আন এক উদ্বেগজনক তথ্য। চৰকাৰী তথ্য অনুসৰি, বিগত বৰ্ষসমূহত দেশত খাদ্যৰ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি পাইছে যদিও ইয়াৰ বিপৰীতে নিয়ম ভংগকাৰীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হাৰ প্ৰায় ৬০ শতাংশলৈ হ্ৰাস পাইছে। অন্ধ্ৰ প্ৰদেশত শেহতীয়াকৈ বিষাক্ত গাখীৰ পান কৰি ১৬ জন লোকৰ মৃত্যু হোৱা ঘটনাই দেশৰ খাদ্য নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ পুনৰবাৰ উন্মোচিত কৰিছে, যাৰ ফলত সাধাৰণ গ্ৰাহকৰ স্বাস্থ্যৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰী জিলাত এক ভয়ংকৰ অঘটন সংঘটিত হয়। ১৬ ফেব্ৰুৱাৰীৰ পৰা ২১ মাৰ্চৰ ভিতৰত জিলাখনত বমি, পেটৰ বিষ আৰু বৃক্কৰ গুৰুতৰ সমস্যাত আক্ৰান্ত হৈ ২০ জন লোক চিকিৎসালয়ত ভৰ্তি হয়। পৰৱৰ্তী সময়ত ইয়াৰে ১৬ জন লোকৰ মৃত্যু হয় আৰু আন কেইবাজনো বৰ্তমানো চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। ২২ মাৰ্চত প্ৰকাশিত এক চৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এই লোকসকলে ‘ইথিলিন গ্লাইকল’ (Ethylene glycol) নামৰ বিষাক্ত পদাৰ্থ মিহলোৱা ভেজাল গাখীৰ গ্ৰহণ কৰাৰ ফলতেই তেওঁলোকৰ বৃক্ক বিকল হৈ মৃত্যুমুখত পৰে। মৃতকসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও অন্তৰ্ভুক্ত আছিল।

Apply Now

অকল অন্ধ্ৰ প্ৰদেশতেই নহয়, দেশৰ আন প্ৰান্ততো ভেজাল খাদ্যৰ ক’লা বজাৰ অবাধে চলি আছে। যোৱা ১৪ মাৰ্চত ৰাজস্থানৰ ৰাজধানী জয়পুৰত প্ৰশাসনে অভিযান চলাই প্ৰায় ডেৰ লাখ কিলোগ্ৰাম ম্যাদ উকলি যোৱা পেকেটজাত খাদ্য সামগ্ৰী জব্দ কৰে, যাৰ ভিতৰত আছিল নুডলছ, চছ আৰু মেয়’নিজ। আটাইতকৈ ভয়াবহ কথাটো হ’ল যে তাত পুৰণি সামগ্ৰীৰ ম্যাদ উকলি যোৱাৰ তাৰিখ সলনি কৰি পুনৰ বজাৰলৈ উলিয়াই দিয়াৰ যন্ত্ৰপাতিও উদ্ধাৰ কৰা হয়। একেদৰে, এই মাহৰ আৰম্ভণিতে হায়দৰাবাদতো প্ৰশাসনে অভিযান চলাই এক টনৰো অধিক ভেজাল আদা-নহৰুৰ পেষ্ট আৰু শ শ কিলোগ্ৰাম পচা ছাগলী আৰু ভেড়াৰ মাংস জব্দ কৰে। আনহাতে, যোৱা মাহত ঝাৰখণ্ডৰ পালামু জিলাৰ এখন মেলাত ভেজাল খাদ্য গ্ৰহণ কৰি প্ৰায় ১৭৫ জন লোক অসুস্থ হৈ পৰে, যাৰ সৰহসংখ্যক আছিল শিশু।

এই ধৰণৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে যোৱা ১৩ মাৰ্চত লোকসভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দাখিল কৰা এক প্ৰতিবেদনত দেশৰ খাদ্য নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাৰ দিশটো স্পষ্ট হৈ পৰে। চৰকাৰী তথ্য অনুসৰি, ২০২২-২৩ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষৰ ভিতৰত দেশজুৰি মুঠ ৫.১৮ লাখ খাদ্যৰ নমুনা পৰীক্ষা কৰা হয়। প্ৰতি বছৰে গড়ে প্ৰায় ১.৭ লাখ নমুনা পৰীক্ষা কৰা হৈছে যদিও দোষীৰ বিৰুদ্ধে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দৰে পদক্ষেপ পূৰ্বৰ তুলনাত উদ্বেগজনকভাৱে হ্ৰাস পাইছে। বজাৰত নকল পনীৰ, ভেজাল মৌ, দূষিত গাখীৰ আদিৰ অবাধ প্ৰচলনৰ সময়ত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ (FSSAI) এনে সীমিত আৰু দুৰ্বল কাৰ্যপন্থা চৰ্চাৰ বিষয় হৈ পৰিছে। নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ পৰিৱৰ্তে কেৱল জৰিমনা বা সাধাৰণ সকীয়নিৰে দায়িত্ব সামৰাৰ প্ৰৱণতাই জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd