• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

‘অৰুণাচল ভাৰতৰেই’, চাংহাই বিমানবন্দৰত ভাৰতীয় যুৱতীৰ হাৰাশাস্তিকলৈ প্ৰতিক্ৰিয়া দিল্লীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 9:06 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-চীন সম্পৰ্কৰ স্পৰ্শকাতৰ সময়ৰ মাজতে চীনত অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মহিলা যাত্ৰীক আটক কৰি ৰখাক লৈ নতুন উত্তেজনাৰ সৃষ্টি হৈছে। আনুষ্ঠানিকভাৱে মহিলাগৰাকীক বিমান যাত্ৰাৰ সময়ত ট্ৰেনজিটত থকাৰ সময়তে চীন কৰ্তৃপক্ষই আটক কৰে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ভাৰত চৰকাৰে সিদিনাই বেইজিং আৰু নতুন দিল্লীত চীনৰ ওচৰত কঠোৰ বিৰোধিতা কৰে। তদুপৰি চাংহাইত থকা ভাৰতীয় কনছুলেটে ক্ষিপ্ৰতাৰে হস্তক্ষেপ কৰি যাত্ৰীজনক সম্পূৰ্ণ সহায় আগবঢ়ায়।

Apply Now

ভাৰতে স্পষ্ট কৰি দিছে যে এই আটক সম্পূৰ্ণ ভিত্তিহীন আৰু অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত চীনৰ স্থিতি ভাৰতে মানি নলয়। ভাৰতৰ চৰকাৰী বিবৃতিত কঠোৰভাৱে কোৱা হৈছে,“অৰুণাচল প্ৰদেশ নিৰ্দ্বিধায় ভাৰতীয় ভূখণ্ড। ইয়াৰ বাসিন্দাসকলৰ ভাৰতীয় পাছপ’ৰ্টত যিকোনো দেশলৈ যোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে।”

এই বক্তব্যই আকৌ এবাৰ স্পষ্ট কৰি দিলে যে অৰুণাচল সন্দৰ্ভত বেইজিঙৰ ৰাজনৈতিক স্থিতি যিমানেই বিতৰ্কিত নহওক কিয়, ভাৰতৰ দৃষ্টিত কোনো সন্দেহ বা অস্পষ্টতা নাই।

ভাৰতৰ অভিযোগ যে চীনৰ এই কাৰ্যই আন্তঃৰাষ্ট্ৰীয় বিমান যাতায়ত আইন উলংঘা কৰিছে। ভাৰতে উল্লেখ কৰিছে যে যাত্ৰীগৰাকীক যিদৰে আটক কৰা হৈছিল তাত চিকাগো সন্ধি আৰু মণ্ট্ৰিয়েল সন্ধি—দুয়োটা আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ চুক্তি উলংঘা কৰা হৈছে।

এই নীতি-নিয়মৰ মূল কথাবোৰ হ’ল—বৈধ পাছপ’ৰ্ট থকা কোনো যাত্ৰীক অকাৰণতে আটক কৰিব নোৱাৰিব। ট্ৰেনজিট যাত্ৰীৰ সুৰক্ষা আৰু বৈধতা নিশ্চিত কৰাটো সংশ্লিষ্ট দেশৰ দায়িত্ব। বিমানত উঠা আৰু নমাৰ সময়ত ৰাষ্ট্ৰৰ দায়িত্ব মানৱ অধিকাৰ উলংঘা হোৱা উচিত নহয়।

ভাৰতে দাবী কৰিছে যে চীনে এই আন্তঃৰাষ্ট্ৰীয় মানদণ্ড উলংঘা কৰিছে। কূটনৈতিক সূত্ৰই প্ৰকাশ কৰিছে যে ভাৰতে চীনলৈ ডেমাৰ্চৰ জৰিয়তে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে—যি ধৰণৰ একপক্ষীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া কেৱল আইনগতভাৱেই নহয়, কূটনৈতিকভাৱেও গ্ৰহণযোগ্য নহয়। দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰচেষ্টাৰ মাজতে সংঘটিত হৈছে এই ঘটনা। বছৰ বছৰ ধৰি লাডাখ সীমান্তত উত্তেজনাৰ অন্তত ভাৰত আৰু চীনে ক্ৰমান্বয়ে সম্পৰ্ক স্বাভাৱিক কৰাৰ পদক্ষেপ লৈছিল।

কোৰ কমাণ্ডাৰ পৰ্যায়ৰ সভা, কূটনৈতিক চেনেলৰ আলোচনা, বাণিজ্য আৰু মানুহৰ মাজত যোগাযোগৰ সীমিত পুনৰুদ্ধাৰ- এই সকলোবোৰৰ মাজতো ভাৰতে অনুভৱ কৰিছে যে চীনৰ এনে আচৰণে “অপ্ৰয়োজনীয়ভাৱে বিষয়বোৰ জটিল কৰি তুলিছে”।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ভাষাত—“যি সময়ত দুয়োপক্ষই স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ চেষ্টা কৰিছে, সেই সময়ত চীনৰ এনে আচৰণে অপ্ৰয়োজনীয় বাধাৰ সৃষ্টি কৰিছে।” অৰ্থাৎ এনে ঘটনাই সীমান্ত সম্পৰ্কীয় উত্তেজনা দূৰ কৰাৰ প্ৰয়াসত নতুন পৰিস্থিতিৰহে সৃষ্টি কৰিব।

ইপিনে, অৰুণাচলৰ সন্দৰ্ভত চীনৰ স্থিতি দীৰ্ঘদিন ধৰি বিতৰ্কিত হৈ আহিছে। চীনে বহু বছৰ ধৰি দাবী কৰি আহিছে যে অৰুণাচল প্ৰদেশ তেওঁলোকৰ “দক্ষিণ তিব্বত”। ভাৰতে এই দাবী সদায় নাকচ কৰি আহিছে।

ভাৰতৰ স্থিতি -অৰুণাচল ভাৰতৰ এক অবিচ্ছেদ্য অংগ। যিকোনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ এই স্থিতি অপৰিৱৰ্তিত হৈ আছে। ৰাজ্যখনৰ বাসিন্দাসকল ভাৰতৰ নাগৰিক আৰু ভাৰতীয় পাছপ’ৰ্টত বৈধভাৱে যাত্ৰা কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে।

বিশেষজ্ঞসকলৰ মতে চীনৰ ইমিগ্ৰেছন কৰ্তৃপক্ষই কেতিয়াবা অৰুণাচলৰ নাগৰিকৰ প্ৰতি এনে আচৰণ কৰি নিজৰ ৰাজনৈতিক স্থিতি দৃঢ় কৰিব বিচাৰে।

কিন্তু ভাৰতৰ স্পষ্ট বাৰ্তা – যদি কোনো ভাৰতীয় নাগৰিকক আটক কৰা হয় তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে এই খবৰ পোৱাৰ লগে লগে চাংহাইত থকা ভাৰতীয় কনছুলেটে বিষয়টোত দ্ৰুত হস্তক্ষেপ কৰে। তেওঁলোকে যাত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰি আইনী সহায় আগবঢ়ায়। চীন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আটক শিথিল কৰাত সহজ কৰি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ভাৰতৰ মতে এই সমগ্ৰ ঘটনা অপ্ৰয়োজনীয়, অসামঞ্জস্যপূৰ্ণ আৰু অনৈতিক।

এই ঘটনাই আকৌ এবাৰ স্পষ্ট কৰি দিলে – ভাৰত-চীনৰ সম্পৰ্কই এতিয়াও এক স্তৰৰ জটিলতা আৰু অনাস্থা বহন কৰি আছে। যদিও দুয়োখন দেশে মুকলিকৈ সম্পৰ্ক স্বাভাৱিক কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তথাপিও ভিতৰত পুহি ৰখা ৰাজনৈতিক উত্তেজনা কেতিয়াবা এনে ঘটনাত চৰ্চালৈ আহে।

আনহাতে, এইবাৰ ভাৰতৰ বাৰ্তা অতি শক্তিশালী। ভাৰত স্পষ্টদাবী অৰুণাচল ভাৰতৰ অংশ। অৰুণাচলৰ নাগৰিকক আটক কৰিব নোৱাৰিব। কোনো দেশৰ আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰি যাত্ৰীক আটক কৰাৰ অধিকাৰ নাই। সম্পৰ্ক স্বাভাৱিক হোৱাৰ সময়ত চীনৰ একপক্ষীয় পদক্ষেপে পৰিস্থিতি আৰু বেয়া অৱস্থালৈ ঠেলি দিব পাৰে। এই কূটনৈতিক উত্তেজনাই ভৱিষ্যতে ভাৰত-চীন বৈঠক, সীমান্ত আলোচনা আৰু আঞ্চলিক নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm
১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd